ETV Bharat / entertainment

Chandrayaan 3: চন্দ্ৰযান ৩ ৰ চন্দ্ৰ অৱতৰণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ বলীউডৰ, হেমা মালিনীয়ে ক’লে - দেশৰ বাবে গৌৰৱৰ মুহূৰ্ত

author img

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 5:36 PM IST

চন্দ্ৰযান ৩ চন্দ্ৰত অৱতৰণ কৰাৰ পূৰ্বে ভাৰতীয়সকলৰ মাজত যথেষ্ট উৎসাহ দেখা গৈছে ৷ বৰ্তমান বিশ্বৰ দৃষ্টি কেৱল চন্দ্ৰযান ৩ ৰ ওপৰত। বলীউড উদ্যোগেও ইয়াৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। শেহতীয়াকৈ হেমা মালিনী আৰু কৰীণা কাপুৰ খানে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

Hema Malini and Kareena Kapoor react on Chandrayaan 3s landing on moon
চন্দ্ৰযান ৩ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ বলীউডৰ

চিটাৰা ডেস্ক, 22 আগষ্ট: ভাৰতৰ বাবে এয়া এক গৌৰৱৰ সময় । শেহতীয়াকৈ চন্দ্ৰযান ৩ সম্পৰ্কে ইটোৰ পিচত সিটোকৈ ইতিবাচক আপডেটসমূহ পোৱা গৈছে ৷ শীঘ্ৰে চন্দ্ৰত অৱতৰণ কৰিবলৈ সাজু হৈছে চন্দ্ৰযান ৩ । যদি সকলো ঠিকে থাকে তেন্তে অতি সোনকালে চন্দ্ৰযান ৩ ৰ সফল অৱতৰণ চন্দ্ৰত হ’ব পাৰে । এয়া প্ৰত্যেকগৰাকী ভাৰতীয়ৰ বাবে এক গৌৰৱৰ ক্ষণ নহয় জানো ৷ ইয়াৰ লগতে এই শুভ সময় ওচৰ চাপি অহাৰ লগে লগে দেশবাসীৰ উৎসাহ আৰু আশা বাঢ়িছে । এই সন্দৰ্ভত পিচ পৰি থকা নাই ছবিজগত ৷ বলীউডৰ বহুকেইগৰাকী তাৰকাই এই সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ।

চন্দ্ৰযান ৩ কলৈ হেমা মালিনীয়ে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া

বলীউডৰ ড্ৰিম গাৰ্ল হেমা মালিনীয়ে এই বিশেষ ক্ষণত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । অভিনেত্ৰীগৰাকীক এই সন্দৰ্ভত আনন্দিত হোৱা দেখা গৈছে ৷ মহাকাশৰ পৰা চন্দ্ৰযান ৩ ৰ ফটো শ্বেয়াৰ কৰি হেমা মালিনীয়ে কয়- চন্দ্ৰযান ৩ৰ অৱতৰণ হেপি এণ্ডিঙৰ কামনাৰে, এতিয়া অতি সোনকালেই চন্দ্ৰযান ৩ চন্দ্ৰত অৱতৰণ কৰিব । আমাৰ দেশৰ বাবে এইটো এটা গৌৰৱৰ মুহূৰ্ত আৰু এই উপলক্ষে চন্দ্ৰযান ৩ ৰ সফলতাৰ বাবে সকলো দেশবাসীয়ে প্ৰাৰ্থনা কৰিছে ।

উৎফুল্লিত হৈ পৰিছে কৰীণা কাপুৰো

এই সন্দৰ্ভত বলীউডৰ অভিনেত্ৰী কৰীণা কাপুৰ খানেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । অভিনেত্ৰীগৰাকীয়ে কয়- এয়া দেশৰ বাবে এক অতি বিশেষ মুহূৰ্ত আৰু প্ৰতিজন ভাৰতীয়ৰ বাবে এক গৌৰৱৰ মুহূৰ্ত । আমি সকলোৱে অপেক্ষা কৰি আছো এই দৃশ্য সম্ভৱপৰ হোৱা দেখিবলৈ । মোৰ দুয়োটা সন্তানৰ সৈতে এই বিশেষ মুহূৰ্তটো উপভোগ কৰিব বিচাৰিছো ।

ইয়াৰ পূৰ্বে দক্ষিণৰ ছুপাৰষ্টাৰ প্ৰকাশ ৰাজে চন্দ্ৰযান ৩ ৰ সৈতে জড়িত এটা মিম শ্বেয়াৰ কৰিছিল । কিন্তু এই মিমটো শ্বেয়াৰ কৰা পিচতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ৷ ইয়াৰ পিচতে ব্যাপক সমালোচনাৰ সন্মুখীন হয় অভিনেতাগৰাকী ৷ আনকি অভিনেতাজনৰ বিৰুদ্ধে কৰ্ণাটত এই সন্দৰ্ভত গোচৰো ৰুজু কৰা হৈছে ৷

উল্লেখ্য যে শেহতীয়াকৈ ৰাছিয়াৰ লুনা মিছন দুৰ্ঘটনাগ্ৰস্ত হৈছিল আৰু ইয়াৰ বাবেই ভাৰতীয়সকলো অতি সচেতন হৈ পৰিছে । এই মুহূৰ্তবোৰ যিমানেই বিশেষ সিমানেই চিন্তনীয়। এইটো এটা গুৰুত্বপূৰ্ণ পৰ্যায় আৰু সকলো দেশবাসীয়ে বিচাৰে যে চন্দ্ৰযান ৩ ইয়াৰ অভিযানত সম্পূৰ্ণ সফল হওক ।

লগতে পঢ়ক: Chandrayaan 3: চন্দ্ৰযান ৩ক লৈ ঠাট্টা মস্কৰা প্ৰকাশ ৰাজৰ, ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ক’লে- আপুনি দেশদ্ৰোহী নেকি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.