ETV Bharat / entertainment

Holi 2023: ব্যতিক্ৰমী ৰূপত হোলীৰ শুভেচ্ছা জ্ঞাপন কিয়াৰা-সিদ্ধাৰ্থৰ

author img

By

Published : Mar 7, 2023, 12:48 PM IST

কিয়াৰা আদৱানীয়ে ছ’চিয়েল মিডিয়াত ব্য়তিক্ৰমীভাৱে হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিলে ৷ কিয়াৰা আদৱানীয়ে তেওঁ আৰু স্বামী সিদ্ধাৰ্থ মালহোত্ৰাৰ বিবাহৰ হালদী অনুষ্ঠানৰ ফটো পোষ্ট কৰি হোলীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

'Happy Holi from Kiara Advani and her love; actor treats fans with pictures from her Haldi ceremony
হোলীৰ শুভেচ্ছা জ্ঞাপন কিয়াৰাৰ

চিটাৰা ডেস্ক, 7 মাৰ্চ: কাইলৈ সকলোৱে উদযাপন কৰিব ৰঙৰ উৎসৱ ফাকুৱা ৷ দেশৰ ভিন্ন প্ৰান্তত চলিছে ফাকুৱাৰ প্ৰস্তুতি ৷ ফাকুৱাৰ প্ৰাকক্ষণত বলীউডৰ অভিনেতা-অভিনেত্ৰীসকলেও ইতিমধ্যেই ছ’চিয়েল মিডিয়াত হোলীৰ শুভেচ্ছা জ্ঞাপন কৰি পোষ্ট কৰা আৰম্ভ কৰিছে (Celebs holi wishes) ৷ নৱবিবাহিতা অভিনেত্ৰী কিয়াৰা আদৱানী আৰু অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰাই হোলীৰ শুভেচ্ছা জ্ঞাপন কৰি পোষ্ট শ্বেয়াৰ কৰিছে (Hol wishes from Kiara Advani) ৷

নৱবিবাহিতা কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাই বৈবাহিক জীৱনৰ এইবাৰ প্ৰথমটো হোলী উদযাপন কৰিব (Kiara Advani insta Post)। দুয়োৰে কেইখনমান ফটো পোষ্ট কৰি সকলোকে হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছে কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাই ৷

ছ’চিয়েল মিডিয়াত অনুৰাগী আৰু অনুগামীসকলক শুভেচ্ছা জনাই কিয়াৰাই ছ’চিয়েল মিডিয়াত তেওঁৰ আৰু সিদ্ধাৰ্থৰ হালদী অনুষ্ঠানৰ কেইখনমান ফটো শ্বেয়াৰ কৰে (Kiara Advanis Haldi ceremony pics)। অনুৰাগীসকলক হোলীৰ শুভেচ্ছা জনাই কিয়াৰাই লিখিছে, "মোৰ ফালৰ পৰা হোলীৰ শুভেচ্ছা আৰু আপোনালোক প্ৰতি মোৰ বহুত বহুত মৰম থাকিল ।"

কিয়াৰাই পোষ্টটো শ্বেয়াৰ কৰাৰ কিছু সময়ৰ পিছতে অনুৰাগীসকলেও নিজৰ প্ৰিয় অভিনেত্ৰীগৰাকীক হোলীৰ শুভেচ্ছা জ্ঞাপন কৰে । দুয়ো স্বামী-স্ত্ৰীক একেলগে প্ৰথম হোলীৰ শুভেচ্ছা জ্ঞাপন কৰি এজন অনুৰাগীয়ে লিখিছে, "হেপি হোলী চিড এণ্ড কিয়াৰা," ৷ আন এজনে লিখিছে, "শ্বেৰশ্বাহ ৱালি হোলী মুবাৰক।" আনকি এজন অনুৰাগীয়ে তেওঁলোকৰ আজীৱন সুখৰ কামনা কৰি লিখিছিল, "ডিম্পল আৰু শ্বেৰশ্বাহ সদায় এনেকৈয়ে হাঁহি থাকক (Kiara advani Sidharth Malhotra haldi pictures)।"

উল্লেখ্য যে, পৰৱৰ্তী ছবি সত্যপ্ৰেম কি কথাত কিয়াৰাক দেখিবলৈ পোৱা যাব ৷ অভিনেত্ৰীগৰাকীয়ে ৰাম চৰণৰ পৰৱৰ্তী ছবি আৰচি ১৫ ত অভিনয় কৰিব বুলি জানিব পৰা গৈছে ৷ যিখন ছবিৰ নেতৃত্বত দিব শংকৰে । ইফালে জানিব পৰা মতে বিবাহৰ পিচত পুনৰ একেলগে ৰূপালী পৰ্দাত দেখা পোৱা যাব কিয়াৰা আৰু সিদ্ধাৰ্থক ৷ ইফালে সিদ্ধাৰ্থৰ পৰবৰ্তী ছবি যোদ্ধা আৰু ৰোহিত শ্বেট্টীৰ ভাৰতীয় আৰক্ষী বাহিনী শীঘ্ৰেই মুক্তি লাভ কৰিব ।

লগতে পঢ়ক: Bholaa trailer out: অজয় দেৱগণৰ ছবি ভোলাৰ ট্ৰেইলাৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.