ETV Bharat / entertainment

Fire at Poonam Pandey's house: পুনম পাণ্ডেৰ বাসগৃহত অগ্নিকাণ্ড; বৰ্তমান কেনে আছে অভিনেত্ৰীগৰাকী ?

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 12:44 PM IST

Fire at Poonam Pandey's house
পুনম পাণ্ডেৰ বাসগৃহত অগ্নিকাণ্ড

বলীউডৰ অভিনেত্ৰী পুনম পাণ্ডেৰ ঘৰত হঠাৎ অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত বৰ্তমান কেনে আছে অভিনেত্ৰীগৰাকী । সকলো জানিবলৈ পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন...

চিটাৰা ডেস্ক, 16 ছেপ্টেম্বৰ: বলীউডৰ বিখ্যাত অভিনেত্ৰী পুনম পাণ্ডেৰ ঘৰত অগ্নিকাণ্ড ৷ হয়, এই খবৰ ওলোৱাৰ লগে লগে এতিয়া অভিনেত্ৰীগৰাকীৰ বাবে চিন্তিত হৈ পৰিছে সকলো ৷ পুনম ঠিক আছে নে নাই জানিবলৈ এতিয়া বহুলোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ আহক, এই বিষয়ে বিতংভাৱে জানি লও ৷

পুনম পাণ্ডেৰ বাসগৃহত সংঘটিত হয় অগ্নিকাণ্ড

কংগনা ৰানাৱতৰ বিতৰ্কিত ৰিয়েলিটি শ্ব’ ‘লক আপ’ত দেখিবলৈ পোৱা পুনম পাণ্ডে মুম্বাইৰ এক উচ্চ অট্টালিকাত বসবাস কৰে ৷ ২০২৩ চনৰ ১৫ ছেপ্টেম্বৰত পুনমৰ ঘৰত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ ইয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াতো পোহৰলৈ আহিছে ৷ জানিব পৰা মতে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ঘৰটোত উপস্থিত নাছিল পুনম পাণ্ডে ৷

সেই সময়ত বাসগৃহত পুনমৰ পোহনীয়া কুকুৰ ছিজাৰ উপস্থিত আছিল ৷ তেওঁ সংকীৰ্ণভাৱে এটা ডাঙৰ দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ সক্ষম হৈছে ৷ ধন্যবাদৰ পাত্ৰ যে ঘৰৰ কৰ্মচাৰীয়ে পুনমৰ পোহনীয়া কুকুৰটোক ৰক্ষা কৰিবলৈ সক্ষম হয় ৷ ছ’চিয়েল মিডিয়াতো পুনম পাণ্ডেৰ ঘৰত অগ্নিকাণ্ডৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে ৷ ক্লিপটোত দেখা গৈছে যে পুনমৰ ঘৰ ধ্বংস হৈছে ৷ বৰ্তমান অগ্নিনিৰ্বাপক বাহিনীয়ে সেই স্থানত উপস্থিত হৈ অগ্নিকাণ্ডৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে ৷

পুনম পাণ্ডেৰ কেৰিয়াৰ

বলীউডৰ অন্যতম সাহসী অভিনেত্ৰী পুনম পাণ্ডে ৷ মডেল হিচাপেও কাম কৰি আহিছে অভিনেত্ৰীগৰাকীয়ে ৷ ‘নছা’ (২০১৩) চিনেমাৰ জৰিয়তে চলচ্চিত্ৰ জগতত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল পুনমে ৷ ইয়াৰ উপৰিও তেওঁ দক্ষিণ আৰু ভোজপুৰী ছবিৰ অংশ হিচাপেও কাম কৰি আহিছে ৷ ‘লাভ ইজ পইজন’, ‘মালিনি এণ্ড কোম্পানী’, ‘আ গয়া হিৰো’, ‘দ্য জাৰ্নি অৱ কৰ্মা’ আদি ছবিত কাম কৰি আহিছে ৷

ছবিৰ উপৰিও বহু ৰিয়েলিটি শ্ব’তো অংশগ্ৰহণ কৰিছে পুনম পাণ্ডেই ৷ ২০১১ চনত ‘খাট্ৰো কে খিলাড়ী ছিজন ৪’ত তেওঁক দেখিবলৈ পোৱা গৈছিল ৷ কংগনা ৰানাৱতৰ আঁতধৰা অনুষ্ঠান ‘লক আপ’ৰ পৰাও তেওঁ যথেষ্ট জনপ্ৰিয়তা লাভ কৰে ৷ জনাই দিও যে ৰিয়েলিটি শ্ব’টোত ছেমি ফাইনেলিষ্ট আছিল পুনম পাণ্ডে ৷

লগতে পঢ়ক: India vs Bharat Debate: এজন অবিবেচক ব্যক্তিৰ সিদ্ধান্তই ৰাইজক দুৰ্ভোগ ভোগাব; ইণ্ডিয়া নাম সলনি সন্দৰ্ভত অনুৰাগ কাশ্যপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.