ETV Bharat / entertainment

Kangana Ranaut: তেজসৰ সফলতাৰ বাবে শ্ৰীৰামৰ আশিস বিচাৰি অযোধ্যাত কংগনা

author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 4:43 PM IST

Actress Kangana Ranaut visit Ram mandir in Ayodhya
অযোধ্যাত কংগনা

বলীউডৰ কুইন কংগনা ৰানাৱটৰ আগন্তুক ছবি ‘তেজস’ কাইলৈ ছবিগৃহত মুক্তি লাভ কৰিব ৷ ছবিখন মুক্তিৰ পূৰ্বে আজি অভিনেত্ৰীগৰাকীয়ে শ্ৰীৰামৰ আশীৰ্বাদ বিচাৰি অযোধ্যাত উপস্থিত হয় ।

চিটাৰা ডেস্ক, 26 অক্টোবৰ: কাইলৈ অৰ্থাৎ 27 অক্টোবৰত মুক্তি লাভ কৰিব অভিনেত্ৰী কংগনা ৰানাৱটৰ বহু প্ৰত্যাশিত ছবি ‘তেজস’ ৷ ছবিখনৰ সফলতাৰ বাবে শ্ৰীৰামৰ আশীৰ্বাদ বিচাৰি আজি অযোধ্যাত উপস্থিত হয় অভিনেত্ৰীগৰাকী । বৃহস্পতিবাৰে দিনৰ প্ৰায় ১২ বজাত ৰাম জন্মভূমি কমপ্লেক্সৰ ১১ নং ভিআইপি গেটৰ পৰা মন্দিৰত প্ৰৱেশ কৰে কংগনা । য’ত অভিনেত্ৰীগৰাকীয়ে ৰামৰ দৰ্শন আৰু পূজা অৰ্চনা কৰে ।

  • #WATCH | UP | In Ayodhya, actor Kangana Ranaut says, "...Finally the Ram Lalla temple has been built. This is a centuries-long struggle by Hindus and our generation is able to see this day. I have written a script on Ayodhya and also did research...This is a 600-year-long… pic.twitter.com/FGrAlLRFNW

    — ANI (@ANI) October 26, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

পুৰোহিতে কংগনা ৰানাৱটক মন্দিৰলৈ আদৰণি জনায় । কংগনাই পূজা কৰাৰ অন্তত নিৰ্মাণৰত ৰাম মন্দিৰত কিছু ফটো তোলে । শ্ৰীৰামৰ দৰ্শন কৰি থকাৰ সময়তে পুৰোহিতগৰাকীয়ে কংগনা ৰানাৱটক ৰামনামা উপহাৰ দি আদৰণি জনায় । মন কৰিবলগীয়া বিষয় যে প্ৰায় ১০ মিনিট মান সময় ৰামলালাৰ ফালে একেলেথাৰিয়ে চাই থাকে অভিনেত্ৰীগৰাকীয়ে । ইয়াৰ পিচত মন্দিৰৰ পৰা ওলাই আহি সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰে অভিনেত্ৰীগৰাকীয়ে ।

Actress Kangana Ranaut visit Ram mandir in Ayodhya
অযোধ্যাত কংগনা

অভিনেত্ৰীগৰাকীয়ে সংবাদ মাধ্যমত কয়, "আজি মই অযোধ্যালৈ অহাত মই অতিশয় সুখী । অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে, যিটো ঐতিহাসিক । যিদৰে ভেটিকান চহৰ খৃষ্টান সমাজৰ বাবে অতি পবিত্ৰ । একেদৰে অযোধ্যাতো বিকাশৰ কাম চলি আছে আৰু অযোধ্যা সমগ্ৰ বিশ্বৰ জনসাধাৰণৰ ধৰ্মীয় বিশ্বাসৰ কেন্দ্ৰবিন্দু হৈ পৰিব । ৰামৰ জন্ম অযোধ্যাত হৈছিল আৰু এই অযোধ্যা ধামতে ভগৱানে নিজৰ লীলা দেখুৱাইছিলে ।"

Actress Kangana Ranaut visit Ram mandir in Ayodhya
অযোধ্যাত কংগনা

অযোধ্যাত চলি থকা মন্দিৰ নিৰ্মাণৰ অগ্ৰগতি দেখি সুখ প্ৰকাশ কৰে কংগনা ৰানাৱটে । অভিনেত্ৰীগৰাকীয়ে কয়, "আজি অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে । ইয়াৰ বাবে মই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাইছো । মোদী চৰকাৰৰ প্ৰচেষ্টাৰ বাবেই মন্দিৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত হৈছে ।’’

লগতে পঢ়ক: Kangana Ranaut: অটল বিহাৰী বাজপেয়ীৰ সমাধিস্থলত কংগনা ৰানাৱট, পুষ্প অৰ্পণেৰে জ্ঞাপন কৰিলে শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.