ETV Bharat / entertainment

Kangana Ranaut: অটল বিহাৰী বাজপেয়ীৰ সমাধিস্থলত কংগনা ৰানাৱট, পুষ্প অৰ্পণেৰে জ্ঞাপন কৰিলে শ্ৰদ্ধাঞ্জলি

author img

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 3:03 PM IST

কংগনাৰ অভিনীত ছবি ‘তেজস’ৰ মুক্তিৰ পূৰ্বে কংগনাই দৰ্শন কৰিলে অটল বিহাৰী বাজপেয়ী স্মাৰক । ছ’চিয়েল মিডিয়াত ভাইৰেল ফটো ৷

Kangana Ranaut visits Atal Bihari Vajpayee Memorial
কংগনাই দৰ্শন কৰিলে অটল বিহাৰী বাজপেয়ী স্মাৰক

চিটাৰা ডেস্ক, 25 অক্টোবৰ: বলিউডৰ অভিনেত্ৰী কংগনা ৰানাৱট বৰ্তমান নিজৰ ছবি ‘তেজস’ৰ বাবে চৰ্চা লাভ কৰিছে । এই ছবিখনত অভিনেত্ৰীগৰাকীয়ে তেজস গিল নামৰ এগৰাকী যুৱতীৰ চৰিত্ৰত অভিনয় কৰিছে । ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান তেজসৰ আধাৰত নিৰ্মিত কৰা হৈছে এই ছবিখন । এনে পৰিস্থিতিত শেহতীয়াকৈ কংগনাই ছবিখনৰ প্ৰচাৰৰ বাবে দিল্লীৰ ৰাজঘাটত উপস্থিত হৈছিল । দৰাচলতে তেজসৰ যুঁজাৰু বিমানখনৰ নাম ৰখা প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জনাবলৈ সেই স্থানলৈ গৈছিল অভিনেত্ৰীগৰাকী । ছ’চিয়েল মিডিয়াতো ইয়াৰ ছবি প্ৰকাশ পাইছে । দিল্লীৰ অটল বিহাৰী বাজপেয়ী স্মাৰক পৰিদৰ্শন কৰে কংগনাই। ইয়াত অভিনেত্ৰীগৰাকীয়ে ফুল অৰ্পন কৰি বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

কংগনাৰ ছবি সম্প্ৰতি ইনষ্টাগ্ৰামত ভাইৰেল হৈ পৰিছে । ইয়াৰ পূৰ্বে দিল্লীৰ লব-কুশ ৰামলীলাত অভিনেত্ৰীগৰাকীয়ে ৰাৱণ দহন কৰিছিল আৰু এনে কৰা প্ৰথম মহিলা হিচাপে পৰিগণিত হৈছে কংগনা ৷ ইফালে কংগনাক বগা চিকনকাৰী অনাৰকলি চুটত অটল সমাধি স্থানত দেখা গ’ল । এই সাজত দেশৰ সাহসী ব্যক্তিজনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অভিনেত্ৰীগৰাকীয়ে । কংগনাৰ বাবে এয়া আছিল এক বিশেষ ক্ষণ । ‘তেজস’ ছবিখন মুক্তি পোৱাৰ পূৰ্বে কংগনাই বাজপেয়ীজীক শ্ৰদ্ধাঞ্জলি জনোৱাটো প্ৰয়োজনীয় বুলি বিবেচনা কৰিছিল ।

তেজসত মুখ্য চৰিত্ৰত অভিনয় কৰিছে কংগনা ৰানাৱটে । সৰ্বেশ মেৱাদাৰৰ লেখা তথা পৰিচালিত ছবিখন ২০২৩ চনৰ ২৭ অক্টোবৰত ছবিগৃহত মুক্তি লাভ কৰিব । ইতিমধ্যেই ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে । লগতে এই ছবিখনত প্ৰথমবাৰৰ বাবে কংগনাক বায়ুসেনাৰ বিষয়া হিচাপে দেখা যাব ।

উল্লেখ্য যে, এই ছবিখনক লৈ কংগনাৰ বহুত আশা । ইয়াৰ পূৰ্বে অভিনেত্ৰীগৰাকীক দেখা গৈছিল দক্ষিণৰ ছবি ‘চন্দ্ৰমুখী ২’ত । কিন্তু এই ছবিখনে বক্স অফিচত দেখুৱাব নোৱাৰিলে ভাল ফলাফল । ইয়াৰ আগতেও কংগনাৰ ‘থালাইভি’ ছবিখন ফ্লপ হৈছিল । সেয়েহে ‘তেজস’ক লৈ কংগনাৰ বহুত আশা ৷ ইফালে তেজসৰ পিচত অভিনেত্ৰীগৰাকীক ‘ইমাৰ্জেন্সি’ নামৰ ছবিখনত দেখা যাব । কংগনাই ছবিখনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে ।

লগতে পঢ়ক: Kangana Ranaut: ইজৰাইলী দূতাবাসক সাক্ষাৎ কংগনা ৰানাৱটৰ, ইজৰাইলৰ বিজয়ৰ কামনা কৰিলে অভিনেত্ৰীগৰাকীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.