Shah rukh khan viral video: শ্বাহৰুখৰ প্ৰতিৰক্ষাত নামিল পুত্ৰ আৰিয়ান খান

author img

By

Published : Aug 8, 2022, 1:02 PM IST

SRK
বিমানবন্দৰত সপৰিয়ালে শ্বাহৰুখ ()

দেওবাৰে মুম্বাই বিমানবন্দৰত শ্বাহৰুখ খানক দেখা গ’ল তেওঁৰ দুই পুত্ৰ আৰিয়ান আৰু আব্ৰাম খানৰ সৈতে । বিমানবন্দৰত তেওঁৰ উপস্থিতিৰ উমান পাই বাদশ্বাহ অনুৰাগীসকলক উত্তেজিত হৈ পৰে ৷ তাৰ পিছতেই সংঘটিত হয় এক অপ্ৰীতিকৰ পৰিস্থিতিৰ য’ত আৰিয়ান ততাতৈয়াকৈ নামি পৰে পিতৃৰ সুৰক্ষাত ৷ ঘটনাটো সম্পূৰ্ণকৈ জানিবলৈ আগলৈ পঢ়ক-

চিটাৰা ডেস্ক, 8 আগষ্ট : বলীউডৰ অভিনেতা শ্বাহৰুখ খানৰ আছে এক নিজস্ব সত্বা ৷ শ্বাহৰুখ য’তেই উপস্থিত হয়, তাতেই ভিৰ কৰেহি অনুৰাগীয়ে ৷ অলপতে অভিনেতাগৰাকীয়ে ব্ৰিটেইনত Dunki ৰ শ্বুটিঙো আধাতে এৰিবলগীয়া হৈছিল কাৰণ অনুৰাগীসকলে তেওঁক চাবলৈ হেতা-ওপৰা লগাইছিল ৷ অনুৰাগীৰ এই প্ৰেম শ্বাহৰুখৰ বাবে আশীৰ্বাদ স্বৰূপ যদিও কেতিয়াবা এই প্ৰেমে তেওঁক অস্বস্তিতো পেলায় ৷

শেহতীয়াকৈ শ্বাহৰুখ পুনৰ মুখামুখি হয় এনে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ ৷ যোৱা নিশা মুম্বাই বিমানবন্দৰত এজন অনুৰাগীয়ে ফটো তুলিবৰ বাবে শ্বাহৰুখৰ হাতত থাপ মাৰি ধৰে ৷ পুত্ৰ আব্ৰাম আৰু আৰিয়ানৰ সৈতে বিমান বন্দৰৰ ভিতৰত খোজ কাঢ়ি থকাৰ সময়তে অকস্মাতে অনুৰাগীজনে দৌৰি আহি তেওঁৰ হাতত থাপ মাৰি ধৰে ৷ অপ্ৰস্তুত হৈ হাতখন আঁতৰাই আনে শ্বাহৰুখে ৷

অপ্ৰস্তুত হৈ পৰা পিতৃক দেখি আগবাঢ়ি আহিল বৰপুত্ৰ আৰিয়ান ৷ পৰস্থিতি চম্ভালি ল’লে তৎক্ষণাত ৷ শান্ত কৰিলে ডন অভিনেতাজনক ৷ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে (Shah rukh khan viral video) ৷ পৰিস্থিতি চম্ভালিবলৈ নিৰাপত্তাৰক্ষী দল অহাৰ পূৰ্বেই ক্ষীপ্ৰতাৰে কাম কৰা আৰিয়ানক নেটিজেনসকলে প্ৰশংসা কৰিছে । লগতে শ্বাহৰুখৰ অনুৰাগীজনৰ সন্দৰ্ভত বেয়া বেয়া মন্তব্য কৰিছে সকলোৱে ৷ বিনা অনুমতিত কাৰো গাত এনেদৰে হাত দিয়া উচিত নহয়, ফটো তোলাৰ পূৰ্বে শ্বাহৰুখৰ অনুমতি ল’ব লাগিছিল ইত্যাদি মন্তব্য়ৰে সকলোৱে নিজৰ নিজৰ মত প্ৰকাশ কৰিছে ৷

কৰ্মক্ষেত্ৰত পৰৱৰ্তী সময়ত শ্বাহৰুখক দীপিকা পাডুকন আৰু জন আব্ৰাহামৰ সৈতে পৰিচালক সিদ্ধাৰ্থ আনন্দৰ পৰৱৰ্তী থ্ৰিলাৰ ছবি পাঠানত দেখিবলৈ পোৱা যাব । 2023 চনৰ 25 জানুৱাৰীত ছবিগৃহত মুক্তি পাব ছবিখন ৷ অভিনেত্ৰী নয়নতাৰা সৈতে দক্ষিণ পৰিচালক এটলীৰ Jawaan আৰু 2023 চনৰ 2 জুনত মুক্তি পাবলগীয়া ৰাজকুমাৰ হিৰানীৰ Dunki ছবিখনতো শ্বাহৰুখক তাপসী পন্নুৰ সৈতে দেখিবলৈ পোৱা যাব ।

লগতে পঢ়ক : Esha Gupta video: চকুৰ টোপনি নাইকিয়া হৈ যাব আপোনাৰ ঈশা গুপ্তাৰ শেহতীয়া ভিডিঅ’ দেখি!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.