ETV Bharat / entertainment

Emergency Poster release: ইন্দিৰা গান্ধীৰ ভেশত আচৰিত কৰি তুলিলে কংগনাই

author img

By

Published : Jul 14, 2022, 3:08 PM IST

Emergency Poster release
প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ভেশত আচৰিত কৰি তুলিলে কংগনাই

বলীউডৰ ‘ধাকড় গাৰ্ল’ কংগনা ৰানাৱটৰ ছবি ‘ইমাৰ্জেন্সী’ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰা হৈছে (Kangana Ranaut new film poster) । ছবিখনত অভিনয় কৰাৰ উপৰিও তেওঁ ছবিখন পৰিচালনা আৰু প্ৰযোজনাও কৰিছে (Kangana Ranaut upcoming film) ৷

চিটাৰা ডেস্ক, 14 জুলাই : বৃহস্পতিবাৰে মুকলি কৰা হ’ল বলীউডৰ ‘কুইন’ কংগনা ৰানাৱটৰ ছবি ‘ইমাৰ্জেন্সী’ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ । ছবিখনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ৰূপত দেখা গৈছে কংগনা ৰানাৱটক । আপোনালোকক জনাওঁ যে ‘ধাকড় গাৰ্ল’ৰ প্ৰডাকচন হাউচ মণিকৰ্ণিকা ফিল্মছৰ বেনাৰত নিৰ্মিত ‘ইমাৰ্জেন্সী’ ছবিখনৰ অভিনেত্ৰী হোৱাৰ সমান্তৰালকৈ তেওঁ ছবিখনৰ পৰিচালক ও প্ৰযোজক ।

কংগনা ৰানাৱটে আগন্তুক ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ আৰু টিজাৰ মুকলি কৰিছে (Kangana Ranaut new film teaser) । অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত পোষ্টাৰ আৰু টিজাৰ অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিছে (Kangana Ranaut instagram) । তেওঁ কেপচনত লিখিছে - Presenting ‘Her’who was called ‘Sir’ ৷ পোষ্টাৰখনত কংগনাৰ এক শক্তিশালী লুক দেখা গৈছে । গভীৰ চিন্তাত ডুব গৈ হাতত চশমা লৈ থকা কংগনাই ইন্দিৰা গান্ধীৰ ভেশত আচৰিত কৰি তুলিছে সকলোকে ৷

ৱাশ্বিংটন ডি চিৰ পৰা অহা এটা ফোন কলেৰে টিজাৰটো আৰম্ভ হয় । ইন্দিৰা গান্ধীৰ ভেশত কংগনা ৰানাৱটে ছ’চিয়েল মিডিয়াত বহুত প্ৰশংসা লাভ কৰিছে ৷ টিজাৰটোত তেওঁৰ পি এয়ে তেওঁক সোধে যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে তেওঁক মেডাম বুলি মাতিব পাৰিব নেকি ? উত্তৰত অভিনেত্ৰীগৰাকীয়ে কয়- 'ঠিক আছে, কিন্তু তেওঁলোকক কওক মোৰ অফিচৰ সকলোৱে মোক ছাৰ বুলি মাতে' ৷

লগতে পঢ়ক : Aryan Khan passport: আৰিয়ান খানৰ পাছপ’ৰ্ট ঘূৰাই দিবলৈ এনচিবিক নিৰ্দেশ NDPS আদালতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.