ETV Bharat / entertainment

Jacqueline Fernandez news: পুনৰ জেকলিনলৈ চমন জাৰি কৰিলে দিল্লী আৰক্ষীয়ে

author img

By

Published : Sep 19, 2022, 6:13 PM IST

দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই আকৌ এবাৰ বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজক সোধা-পোছাৰ বাবে মাতি পঠিয়াইছে । এইটো দ্বিতীয়বাৰৰ বাবে দিল্লী আৰক্ষীয়ে জেকলিনক সোধা-পোছাৰ বাবে হাজিৰ হ'বলৈ কৈছে । জেকলিন ফাৰ্ণাণ্ডেজক অভিযুক্ত প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ সৈতে জড়িত এটা ধন দাবীৰ গোচৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে মাতি পঠোৱা হৈছে ।

JACQUELINE FERNANDEZ
পুনৰ জেকলিনলৈ চমন জাৰি কৰিলে দিল্লী আৰক্ষীয়ে

চিটাৰা ডেস্ক, 19 ছেপ্টেম্বৰ : বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজক সোমবাৰে দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই অভিযুক্ত প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ সৈতে জড়িত এক ধন দাবীৰ গোচৰৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে মাতি পঠিয়াইছে (Delhi Police summons actress Jacqueline Fernandez ) । দিল্লী আৰক্ষী বিষয়াসকলে কয় যে এইটো দ্বিতীয়বাৰৰ বাবে দিল্লী আৰক্ষীয়ে জেকলিন ফাৰ্ণাণ্ডেজক গোচৰটোত তেওঁৰ বক্তব্য ৰাখিবলৈ সোধা-পোছাৰ বাবে মাতি পঠিয়াইছে ।

সোমবাৰে পুৱা 11 বজাত মন্দিৰ মাৰ্গত থকা অৰ্থনৈতিক অপৰাধ শাখাৰ কাৰ্যালয়ত ফাৰ্ণাণ্ডেজক তদন্তত যোগদান কৰিবলৈ কোৱা হৈছে বুলি এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে । বিষয়াসকলে কয় যে ‘আমি কিছুমান নথি পৰীক্ষা কৰিব লাগিব আৰু লগতে গোচৰটোৰ সৈতে জড়িত লোকসকলক অধিক জেৰা কৰিব লাগিব’ ৷ মন কৰিবলগীয়া যে বুধবাৰে জেকলিনক আঠ ঘণ্টা ধৰি সোধা-পোছা কৰা হৈছিল । সেই সময়ছোৱাত তেওঁৰ লগত পিংকি ইৰাণীও উপস্থিত আছিল ।

জনাও যে পিংকি ইৰাণীয়েই জেকলিন ফাৰ্ণাণ্ডেজক সুকেশ চন্দ্ৰশেখৰৰ সৈতে পৰিচয় কৰাই দিছিল । চন্দ্ৰশেখৰ বৰ্তমান কাৰাগাৰত আছে । তাৎপৰ্যপূৰ্ণভাৱে, তেওঁৰ বিৰুদ্ধে প্ৰভাৱশালী লোককে ধৰি বহুলোকক প্ৰতাৰণা কৰাৰ অভিযোগ আছে । ইয়াত ফৰ্টিছ হেল্থকেয়াৰৰ প্ৰাক্তন প্ৰচাৰক শিবিন্দৰ মোহন সিঙৰ পত্নী অদিতি সিংও অন্তৰ্ভুক্ত আছে ।

প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) 17 আগষ্টত দাখিল কৰা অভিযোগপত্ৰত চন্দ্ৰশেখৰৰ সৈতে জড়িত বহু কোটি টকাৰ ধন দাবীৰ গোচৰত জেকলিন ফাৰ্ণাণ্ডেজক অভিযুক্ত হিচাপে নামাকৰণ কৰিছে । ইডিৰ মতে, ফাৰ্ণাণ্ডেজ আৰু বলীউডৰ অভিনেত্ৰী নোৰা ফাতেহীয়ে চন্দ্ৰশেখৰৰ পৰা দামী গাড়ী আৰু অন্যান্য উপহাৰ লৈছিল ।

লগতে পঢ়ক : এক্সন থ্ৰিলাৰ ছবিত ৰোমাণ্টিক মুহূৰ্তত পৰিণীতি চোপ্ৰা আৰু হাৰ্ডি সন্ধু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.