ETV Bharat / entertainment

Rohit Shetty Deepika Padukone: লেডী সিংঘমৰ চৰিত্ৰত দীপিকা পাডুকন

author img

By

Published : Dec 8, 2022, 7:13 PM IST

চলচ্চিত্ৰ নিৰ্মাতা ৰোহিত শেট্টীয়ে তেওঁৰ আগন্তুক ছবি ‘চাৰ্কাছ’ৰ গীত মুকলিৰ সময়ত প্ৰকাশ কৰে যে অভিনেত্ৰী দীপিকা পাডুকনে তেওঁৰ কপ ইউনিভাৰ্ছৰ বাবে খাকী ইউনিফৰ্ম পিন্ধিব কাৰণ তেওঁলোক একেলগে কাম কৰিবলৈ সাজু হৈছে ।

Rohit Shetty Deepika Padukone
লেডী সিংঘমৰ চৰিত্ৰত দীপিকা পাডুকন

চিটাৰা ডেস্ক, 8 ডিচেম্বৰ : সিংঘমৰ পিছৰ খণ্ড নিৰ্মাণৰ পৰিকল্পনা আৰম্ভ কৰিছে ৰোহিত শেট্টীয়ে ৷ নতুন ছবিৰ গীত মুকলিৰ সময়ত এই কথা নিজেই প্ৰকাশ কৰে ৰোহিতে ৷

চলচ্চিত্ৰ নিৰ্মাতা ৰোহিত শেট্টীয়ে তেওঁৰ আগন্তুক ছবি ‘চাৰ্কাছ’ৰ গীত মুকলিৰ সময়ত প্ৰকাশ কৰে যে অভিনেত্ৰী দীপিকা পাডুকন হ’ব তেওঁৰ লেডী সিংঘম (Rohit Shetty Deepika Padukone) ৷ ৰোহিতৰ কপ ইউনিভাৰ্ছৰ বাবে খাকী ইউনিফৰ্ম পিন্ধিবলৈ সাজু হৈছে দীপিকা কিয়নো তেওঁলোক দুয়ো একেলগে কাম কৰিবলৈ সাজু হৈছে । ৰণবীৰ সিং আৰু দীপিকাৰ সৈতে ‘কাৰেণ্ট লগা ৰে’ গীতটোৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থকা ৰোহিতে মঞ্চত এই কথা প্ৰকাশ কৰে ৷

তেওঁ কয়, "লগ পুছতে ৰেহতে হে সিংঘম কা আগলা পাৰ্ট কব আয়েগা ? আজি মই তাৰেই সুযোগ লৈ কওঁ যে অহা বছৰ দীপিকা আৰু মই একেলগে কাম কৰিম" ৷ ইয়াৰ পূৰ্বে ৰোহিত আৰু দীপিকাই শ্বাহৰুখ খান অভিনীত 2013 চনৰ ছবি ‘চেন্নাই এক্সপ্ৰেছ’ত একেলগে কাম কৰিছিল । এটা দশকৰ পাছত পুনৰ অভিনেত্ৰী আৰু চলচ্চিত্ৰ নিৰ্মাতাগৰাকী আগবাঢ়িছে একেলগে কাম কৰিবলৈ ।

লগতে পঢ়ক : কেটৰিণা কাইফৰ শেহতীয়া ফটোৱে টোপনি হৰিছে অনুৰাগীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.