ETV Bharat / entertainment

Preity Zinta on Maligaon Traffic: মহানগৰীৰ যানজঁটে জ্বলা-কলা খুৱালে প্ৰীতি জিন্টাক

author img

By

Published : Apr 10, 2023, 1:06 PM IST

গুৱাহাটীৰ শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আহিছিল অভিনেত্ৰী প্ৰীতি জিন্টা ৷ কিন্তু মহানগৰীৰ যানজঁটে জ্বলা-কলা খুৱালে অভিনেত্ৰীগৰাকীক (Preity Zinta on Maligaon Traffic) ৷ টুইটাৰযোগে প্ৰকাশ কৰিলে নিজৰ অনুভৱ ৷

Bollywood actress Preity Zinta says Guwahati traffic terrible
মহানগৰীৰ যানজঁটৰ ওপৰত প্ৰীতিয়ে ক’লে এই কথা

চিটাৰা ডেস্ক, 10 এপ্ৰিল: শেহতীয়াকৈ গুৱাহাটীৰ শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে গুৱাহাটী মহানগৰীত উপস্থিত হৈছিল বলীউডৰ মোহময়ী অভিনেত্ৰী প্ৰীতি জিন্টা (Preity Zinta visits Kamakhya) ৷ মন্দিৰ দৰ্শনত আপ্লুত হোৱা অভিনেত্ৰীগৰাকীয়ে টুইটাৰযোগে মন্দিৰ সন্দৰ্ভত নিজৰ অনুভৱ প্ৰকাশ কৰিলে (Bollywood actress Preity Zinta) ৷

প্ৰীতিয়ে টুইট কৰি কয় যে কোনোবাই যদি গুৱাহাটী ভ্ৰমণ কৰে তেনেহ’লে কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ নাপাহৰিব (Preity Zinta in Guwahati) । আপোনালোকে কামাখ্যা মন্দিৰ দৰ্শন কৰি পিচত মোক ধন্যবাদ জনাব বুলি নিজৰ টুইটত উল্লেখ কৰিছিল অভিনেত্ৰীগৰাকী ৷ অৱশ্যে এইখিনিলৈকে সকলো ঠিকেই আছিল ৷

  • These moments of stillness & gratitude make up for all the chaos & judgement around & for this I am grateful. If any of you go visit Guwahati do not miss this incredible temple. You can thank me later 😍 Jai Ma Kamakhya - Jai Mata Di 🙏 #ting

    — Preity G Zinta (@realpreityzinta) April 8, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

পিছে মন্দিৰৰ পৰা উভতি অহাৰ সময়ত হে লাগে কেনা ৷ মন্দিৰৰ পৰা উভতি অহাৰ সময়ত মহানগৰীৰ ট্ৰেফিকে জ্বলা-কলা খুৱালে অভিনেত্ৰীগৰাকীক ৷ মন্দিৰ দৰ্শনৰ পিচত মহানগৰীৰ বৰ্ষাপাৰাত অনুষ্ঠিত দ্বিতীয়খন আই পি এল মেচ চাবলৈ গৈছিল অভিনেত্ৰীগৰাকী । পিছে গুৱাহাটীৰ যান–জঁটৰ বাবে মেচখন আধাৰ পৰাহে উপভোগ কৰিব পাৰিলে প্ৰীতিয়ে (Preity Zinta highlights Maligaon traffic)। এয়া আমি কোৱা কথা নহয়, এয়া অভিনেত্ৰীগৰাকীয়ে টুইটাৰযোগে প্ৰকাশ কৰা কথা (Preity Zinta on Maligaon Traffic)।

অভিনেত্ৰীগৰাকীয়ে নিজৰ অফিচিয়েল টুইটাৰ একাউন্টত এটা টুইট কৰি লিখিছে,“ট্ৰেফিক ভয়ংকৰ আছিল ৷ আমাক মন্দিৰ পাবলৈ ২ ঘণ্টা সময় লাগিছিল আৰু ২ ঘণ্টা সময় মন্দিৰৰ পৰা উভতি অহাত লাগিছিল ৷ পিচত খেলৰ বাবে ষ্টেডিয়ামলৈ যোৱাত আৰু এঘণ্টা সময় লাগিছিল । আধা খেলখন মিছ কৰিলোঁ যদিও কোনো অভিযোগ নাই । মন্দিৰৰ বাবেই ভ্ৰমণত আহিছিলো । খেলখন আছিল আকস্মিক ৷ "

  • Traffic was terrible 🙈 Took us 2 hours to the temple & 2 hours back then another hour to the stadium for the game. I missed half the game but no complaints. I made the trip for the temple. Game was incidental 🙃

    — Preity G Zinta (@realpreityzinta) April 8, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, এই বৰ্ষতে সম্পূৰ্ণ হোৱাৰ কথা আছিল মালিগাঁৱৰ নিৰ্মিয়মান উৰণীয়া সেঁতুৰ কাম (Preity Zinta says Guwahati traffic terrible)। বিগত এটা বছৰৰ পৰা মালিগাঁৱৰ নিৰ্মিয়মান উৰণীয়া সেঁতুৰ কাম চলিছিল আছিল যদিও ব’হাগ বিহুৰ পূৰ্বে উৰণীয়া সেঁতুৰ কাম সম্পূৰ্ণ হ’ব বুলি কোৱা হৈছিল ৷ কিন্তু এতিয়ালৈকে শেষ হোৱা নাই সেঁতুৰ কাম ৷ যাৰ ফলত তীব্ৰ যান–জঁটৰ সৃষ্টি হৈছে মহানগৰীত ৷ ফলত বহু সময়ত বহু সমস্যাৰো সন্মুখীন হ’ব লগা হয় জনতাই ৷ এতিয়া প্ৰশ্ন হয় কেতিয়া সম্পূৰ্ণ হৈ উঠিব সেতুখন ? নে এনেকৈয়ে জ্বলা-কলা খাবলগীয়া হ’ব চেলিব্ৰিটি কিম্বা সাধাৰণ জনতাই ?

লগতে পঢ়ক: Preity Zinta visits Kamakhya: অভিনেত্ৰী প্ৰীতি জিন্টাৰ কামাখ্যা দৰ্শন; ইনষ্টাগ্ৰামযোগে নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰি ক'লে এই কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.