ETV Bharat / entertainment

Singer Nisha Upadhyaya: সংগীতানুষ্ঠানৰ মাজতে গুলীবিদ্ধ ভোজপুৰী কণ্ঠশিল্পী নিশা উপাধ্যায়, কেনে আছে এতিয়া নিশা ?

author img

By

Published : Jun 2, 2023, 10:55 AM IST

সংগীতানুষ্ঠানত নিৰাপত্তা থাকে যদিও বিহাৰত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ খবৰ ৷ সংগীত পৰিৱেশন কৰি থকাৰ সময়তে গুলীবিদ্ধ হয় জনপ্ৰিয় ভোজপুৰী কণ্ঠশিল্পী নিশা উপাধ্যায় (Singer Nisha Upadhyaya) ৷

Bhojpuri Singer Nisha Upadhyay Shot During Stage Show in Chapra of Bihar
গুলীবিদ্ধ হয় জনপ্ৰিয় ভোজপুৰী কণ্ঠশিল্পী নিশা উপাধ্যায়

চিটাৰা ডেস্ক, 2 জুন: বিহাৰৰ সাৰণ জিলাত অঘটন ৷ মঞ্চত সংগীত পৰিৱেশন কৰাৰ সময়তেই এগৰাকী কণ্ঠশিল্পীৰ লগত সংঘটিত হয় এক আনাকাংক্ষিত ঘটনা ৷ সংগীতানুষ্ঠানৰ মাজতে গুলীবিদ্ধ হয় ভোজপুৰী কণ্ঠশিল্পী নিশা উপাধ্যায় (Singer Nisha Upadhyaya) ৷ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী মঞ্চত গীত পৰিৱেশন কৰাৰ সময়তে, এজন যুৱকে অনুষ্ঠানত আনন্দৰে গুলীচালনা কৰিবলৈ ধৰে । এই গুলীচালনাত এটা গুলী কণ্ঠশিল্পীগৰাকীৰ উৰুত লাগে (Nisha Upadhyay) । লগে লগে মঞ্চৰ পৰা ঢলি পৰে কণ্ঠশিল্পীগৰাকী ৷ পিচত ততাতৈয়াকৈ নিশাক চিকিৎসালয়লৈ লৈ যোৱা হয় । বৰ্তমান জানিব পৰা মতে কণ্ঠশিল্পীগৰাকীৰ অৱস্থা কিছু সুস্থ হৈছে ৷

ইউটিউব আৰু ছ’চিয়েল মিডিয়াত নিজৰ মধুৰ কণ্ঠৰে মোহিত কৰে অনুৰাগীক নিশাই (Bhojpuri Singer Nisha Upadhyaya) ৷ নিশা উপাধ্যায়ৰ সংগীত উপভোগ কৰিবলৈ ভিৰ কৰেঙই অগণন দৰ্শকে ৷ খবৰ অনুসৰি নিশাৰ নামত অনুষ্ঠানটোত বিপুল জনসমাগমৰ সৃষ্টি হৈছিল । উপনয়ন অনুষ্ঠানৰ কাৰ্যসূচীত কণ্ঠশিল্পীগৰাকী গীত পৰিৱেশন কৰিবলৈ উপস্থিত হৈছিল ৷ গভীৰ নিশালৈকে কাৰ্যসূচী চলি আছিল আৰু তেতিয়াই যুৱকজনে গুলীচালনা কৰে ৷ দুৰ্ভাগ্যবশতঃ গুলীচালনাত আহত হয় কণ্ঠশিল্পীগৰাকী ৷

গুলীচালনাৰ পিচত নিশাৰ পৰিয়ালৰ লোকক খবৰ দিয়াত কিছু সময়ৰ পাচত পাটনাৰ মেক্স হাস্পতালত উপস্থিত হয় নিশাৰ পৰিয়ালবৰ্গ ৷ ঘটনাৰ পিছত গুলীচালনা কৰা ব্যক্তিজন পলাতক হৈ আছে। আৰক্ষীয়ে বিষয়টোৰ তদন্ত কৰি আছে আৰু কোনে গুলীচালনা কৰিছিল সেই কথাও ইতিমধ্যেই জানিবলৈ পাইছে আৰক্ষী ।

ছ’চিয়েল মিডিয়াত দহ মিলিয়ন অনুগামী আছে নিশাৰ

উল্লেখযোগ্য যে ছ’চিয়েল মিডিয়াত নিশা উপাধ্যায় অতি সক্ৰিয় । ছ’চিয়েল মিডিয়া প্লেটফৰ্মত অনুৰাগীৰ সৈতে তেওঁৰ সংগীতানুষ্ঠানৰ ভিডিঅ’ শ্বেয়াৰ কৰে । ফেচবুক পেজতো প্ৰায় এক কোটি ফ’ল’ৱাৰ আছে কণ্ঠশিল্পীগৰাকীৰ । তেওঁৰ নিজা ইউটিউব চেনেলো আছে, য’ত তেওঁৰ ভিডিঅ’বোৰ চাব পাৰি । নিশাৰ জনপ্ৰিয় গীতসমূহৰ ভিতৰত লে লে আয়ে কোকাকোলা, নৱকাৰ মন্ত্ৰ, হাছি হাছি জান মাৰেলা আদি। নিশা উপাধ্যায়ো ভোজপুৰী ছবিজগতৰ এক চিনাকি মুখ ।

লগতে পঢ়ক: Sudipto Sen: পশ্চিমবংগ চৰকাৰৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য পৰিচালক সুদীপ্ত সেনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.