ETV Bharat / entertainment

এনিমেলৰ বাম্পাৰ উপাৰ্জন অব্যাহত, ১৬ দিনত ছবিখনে কিমান উপাৰ্জন কৰিলে জানি লওক

author img

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 10:26 AM IST

Animal box office collection Day 16: সন্দীপ ৰেড্ডী ভাংগাৰ এনিমেল ছবিয়ে বক্স অফিচত ভাল উপাৰ্জন অব্যাহত ৰাখিছে । এতিয়া ছবিখনৰ ১৬ দিনৰ উপাৰ্জন পোহৰলৈ আহিছে । জানি লওক এই ছবিখনে বৰ্তমানলৈকে কিমান উপাৰ্জন কৰিছে ৷

Animal Box Office Collection Day 16, Ranbir Kapoors film Animal joins rs 500 crore club
এনিমেল বক্স অফিচ সংগ্ৰহ

চিটাৰা ডেস্ক, ১৭ ডিচেম্বৰ: ৰণবীৰ কাপুৰৰ ছবি ‘এনিমেল’ মুক্তি পোৱা দুসপ্তাহতকৈও অধিক হ’ল । ১ ডিচেম্বৰত মুক্তি পোৱা সন্দীপ ৰেড্ডী ভাংগাৰ এই ছবিখনৰ প্ৰতিটো চৰিত্ৰই বাতৰিৰ শিৰোনাম দখল কৰিছে । ‘এনিমেল’ক লৈ অনুৰাগীৰ মাজত দেখা পোৱা গৈছে যথেষ্ট উন্মাদনা । ছবিখনত ৰণবীৰ কাপুৰ আৰু ববি দেওলৰ অভিনয়ক যথেষ্ট প্ৰশংসা কৰিছে দৰ্শকে । যাৰবাবে ৰণবীৰ কাপুৰৰ ছবিখনে প্ৰতিদিনে উপাৰ্জনৰ ক্ষেত্ৰত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ।

৫০০ কোটি টকাৰ ক্লাবত যোগদান কৰিলে এনিমেলে !

উপাৰ্জনৰ ক্ষেত্ৰত এই ছবিখনে ৰচিলে ইতিহাস । ছবিখনৰ বিপুল উপাৰ্জনে ডাঙৰ ডাঙৰ ছবিৰ উপাৰ্জনক চেৰ পেলাবলৈ সক্ষম হৈছে । ছবিখনৰ বক্স অফিচৰ উপাৰ্জনৰ কথা ক’বলৈ গ’লে এনিমেল ছবিখনে ৬৩ কোটি টকাৰে বক্স অফিচত খাতা খুলিছিল ।

মুক্তিৰ ১৬ দিনত কিমান উপাৰ্জন কৰিলে ছবিখনে ?

এতিয়া ছবিখনৰ ১৬ দিনৰ বক্স অফিচ উপাৰ্জনৰ তথ্য পোহৰলৈ আহিছে । এনে পৰিস্থিতিত তৃতীয় শনিবাৰে সন্দীপ ৰেড্ডী ভাংগাৰ চিনেমাখনে কিমান ব্যৱসায় কৰিছে জানো আহক ।

Sacknilk ৰ প্ৰতিবেদন অনুসৰি এনিমেলে ১৬ দিনত অৰ্থাৎ মুক্তিৰ তৃতীয় শনিবাৰে ১৩ কোটি টকাৰ উপাৰ্জন কৰিছে ।

ভাৰতত সন্দীপ ৰেড্ডী ভাংগাৰ ছবিখনৰ এই পৰ্যন্তৰ সামগ্ৰিক উপাৰ্জন হৈছেগৈ ৪৯৮.১৪ কোটি টকা । ইয়াৰ লগে লগে ছবিখন এতিয়া ৫০০ কোটি টকাৰ ক্লাবত প্ৰৱেশ কৰিবলৈ মাত্ৰ কেইটামান টকাৰ প্ৰয়োজন । ইফালে বিশ্বজুৰি ছবিখনে এই পৰ্যন্ত উপাৰ্জন কৰিছে ৭৯৭.৬ কোটি টকা ৷

উল্লেখ্য যে, বক্স অফিচত ‘এনিমেল’ আৰু বিকি কৌশলৰ ‘ছেম বাহাদুৰ’ৰ মাজত সংঘৰ্ষ হৈছিল । কাৰণ দুয়োখন ছবি একেদিনাই ছবিগৃহত মুকলি হৈছে ৷ অৱশ্যে দুয়োখন ছবিয়ে সমালোচক আৰু দৰ্শকৰ পৰা ভাল সঁহাৰি লাভ কৰিছে । কিন্তু উপাৰ্জনৰ ক্ষেত্ৰত ৰণবীৰ কাপুৰৰ ছবিখন বহু গুণে আগুৱাই গৈছে । ‘এনিমেল’এ প্ৰতিদিনে কোটি কোটি টকা উপাৰ্জন কৰি আছে । ইয়াৰ লগে লগে এনিমেল ৰণবীৰ কাপুৰৰ কেৰিয়াৰৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে প্ৰমাণিত হৈছে ।

লগতে পঢ়ক: ববি দেওল, ৰণবীৰ কাপুৰৰ এনিমেলক লৈ ছানী দেওলৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.