ETV Bharat / entertainment

Amitabh Bachchan : বিজ্ঞাপন কৰি বিপদত বিগ বি, শ্বেয়াৰ কৰিলে ৰহস্যময় পোষ্ট

author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 2:24 PM IST

Amitabh Bachchan shares cryptic post amid Flipkart Ad Controversy, says those days...
এটা বিজ্ঞাপনৰ বাবেই এতিয়া বিপদত পৰিছে অমিতাভ বচ্চন

এটা বিজ্ঞাপনৰ বাবেই এতিয়া বিপদত পৰিছে অমিতাভ বচ্চন । ইফালে বিগ বিয়ে ছ’চিয়েল মিডিয়াত এটা নহয়, দুটা নহয়, শেহতীয়াকৈ বহুকেইটা পোষ্ট শ্বেয়াৰ কৰিছে ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

চিটাৰা ডেস্ক, 5 অক্টোবৰ: ই-কমাৰ্চ কোম্পানী এটাৰ বিজ্ঞাপন কৰি বিপদত পৰিছে মেগাষ্টাৰ অমিতাভ বচ্চন । এনে ক্ষেত্ৰত অমিতাভ বচ্চনে ১০ লাখ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব পাৰে । এই বিজ্ঞাপনত মানুহক বিপথে পৰিচালিত কৰাৰ অভিযোগত কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে প্ৰবীণ তাৰকাগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে । এই বিতৰ্কৰ মাজতে অমিতাভ বচ্চনে ছ’চিয়েল মিডিয়াত এটা ক্ৰিপটিক পোষ্ট শ্বেয়াৰ কৰিছে। এই পোষ্টটোৰ লগতে বিগ বিয়েও শ্বেয়াৰ কৰিছে নিজৰ এখন ব্যতিক্ৰমী ফটো । উল্লেখ্য যে, বিগ বি এইকেইদিন ব্যস্ত হৈ আছে তেওঁৰ আগন্তুক ছবিসমূহক লৈ ৷ কেৱল ছবিসমূহক লৈয়ে নহয়, তেওঁৰ জনপ্ৰিয় কুইজ শ্ব’ কৌন বনেগা ক্ৰ’ৰপতিৰ ১৫ সংখ্যক ছিজনক লৈও ব্যস্ত হৈ আছে বিগ বি ৷

বিগ বিৰ শেহতীয়া পোষ্টত তেওঁ লিখিছে, ‘‘মই আকৌ দেৰি কৰিছো, কিন্তু কৰ্মস্থলীত আছিলো, বিৰতিৰ পিচত সোনকালে লগ পাম, তেতিয়ালৈকে মোৰ মৰম আৰু কৃতজ্ঞতা, যেতিয়ালৈকে আপুনি উভতি নধৰে, তেতিয়ালৈকে আপোনাৰ কোনেও নুশুনে.. মাত্ৰ এটা বহল ধাৰণা ৷ এই বিষয়ে অধিক কিছু সময় পাচত ।’’

  • T 4748 - - आ गये ।। हर इतवार ।। हमारे द्वार ।। आभार pic.twitter.com/U2uVn6rtzX

    — Amitabh Bachchan (@SrBachchan) October 4, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

একে সময়তে বিগ বিয়ে নিজৰ এক্স হেণ্ডেলত (পূৰ্বৰ টুইটাৰ) আন এটা পোষ্ট কৰি লিখিছে, ‘‘মই আপোনালোকক বহুত কিবা ক’বলৈ ওলাইছো ।’’ পৰৱৰ্তী পোষ্টত বিগ বিয়ে নিজৰ ঘৰৰ বাহিৰৰ এখন ছবি শ্বেয়াৰ কৰিছে, য’ত তেওঁক অনুৰাগীৰ সন্মুখত নমস্কাৰ দিয়া দেখা গৈছে । একে সময়তে বিগ বিৰ শেহতীয়া পোষ্টটোত তেওঁ লিখিছে, ‘সেইবোৰ আছিল দিন, সেইবোৰ আছিল দিন... এতিয়া সেইবোৰ দিন আহিছে’। অৱশ্যে বিগ বিয়ে নিজৰ পোষ্টবোৰৰ জৰিয়তে কি ক’ব বিচাৰিছে সেয়া কেৱল তেওঁ হে জানে ৷

  • T 4787 - coming soon to explain lots ..

    — Amitabh Bachchan (@SrBachchan) October 4, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মন কৰিবলগীয়া যে ই-কমাৰ্চ চাইট ফ্লিপকাৰ্টৰ বিগ বিলিয়ন চেল আৰম্ভ হ’ব । এই সন্দৰ্ভত বিগ বিয়ে নিজৰ বিজ্ঞাপনত কৈছে যে ‘এয়া দোকানত উপলব্ধ নহ’ব’। ইয়াৰ পিচতে ব্যৱসায়ীসকলে লোকচানৰ পৰা হাত সাৰিবলৈ বিগ বিৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিছে ।

লগতে পঢ়ক: Mika Singh: প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰে মিকা সিঙলৈ প্ৰেৰণ কৰিলে আইনী জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.