ETV Bharat / entertainment

Salman Khan: মৃত্যুৰ ভাবুকিৰ মাজতে ছলমান খানে ক্ৰয় কৰিলে বুলেটপ্ৰুফ এছ ইউ ভি

author img

By

Published : Apr 7, 2023, 4:23 PM IST

Amid death threats, Salman Khan privately imports bulletproof SUV
ছলমান খানে ক্ৰয় কৰিলে নিছান পেট্ৰ’লৰ বিলাসী এছ ইউ ভি

মৃত্যুৰ ভাবুকিৰ মাজতে ছুপাৰষ্টাৰ ছলমান খানে ক্ৰয় কৰিলে নিছান পেট্ৰ’লৰ বিলাসী এছ ইউ ভি । ছলমানৰ বুলেটপ্ৰুফ এছ ইউ ভিখন ব্যক্তিগতভাৱে আমদানি কৰা বুলি জানিব পৰা গৈছে কাৰণ এই মডেল এতিয়াও ভাৰতীয় বজাৰত উপলব্ধ কৰা হোৱা নাই (Salman Khan) ৷

চিটাৰা ডেস্ক, 7 এপ্ৰিল: ছুপাৰষ্টাৰ ছলমান খানে ক্ৰয় কৰিছে এখন বুলেটপ্ৰুফ নিছান পেট্ৰ’ল বিলাসী এছ ইউ ভি (Salman Khan bought Nissan Patrol luxury SUV) । বলীউডৰ ভাইজানে বুলেটপ্ৰুফ বাহন ক্ৰয় কৰাৰ খবৰ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ ইফালে বিগত মাহত অভিনেতাগৰাকী এই নতুন বাহনখনেৰে উপস্থিত হৈছিল নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানত (Salman Khan buys bulletproof SUV)।

উল্লেখ্য যে, বিগত বৰ্ষত মৃত্যুৰ ভাবুকি লাভ কৰাৰ পিচতেই ছলমান খানে বুলেটপ্ৰুফ বাহন ক্ৰয় কৰিবলগীয়া হৈছিল ৷ ইয়াৰ পূৰ্বে ছুপাৰষ্টাৰগৰাকী টয়োটা লেণ্ড ক্ৰুজাৰ এল চি ২০০ বাহনেৰে যাত্ৰা কৰিছিল ৷ কিন্তু বৰ্তমান টয়োটা লেণ্ড ক্ৰুজাৰ এল চি ২০০ সলনি ভাইজানক আগন্তুক দিনত নিছান পেট্ৰ’লৰ বিলাসী এছ ইউ ভি বাহনখনত ভ্ৰমণ কৰা দেখা যাব (Salman Khan buys Nissan Patrol luxury SUV) ৷

ছলমান খানে এই বাহন বাহিৰৰ পৰা আমদানি কৰি আনিছে কাৰণ এই মডেল বৰ্তমানলৈকে ভাৰতত আনুষ্ঠানিকভাৱে উপলব্ধ হোৱা নাই । বুলেটপ্ৰুফিঙৰ ক্ষেত্ৰত ছলমানে নতুনকৈ ক্ৰয় কৰা বাহনখন সৰ্বোত্তম বুলি জানিব পৰা গৈছে । ৫৭ বছৰীয়া অভিনেতাগৰাকীয়ে নিছান পেট্ৰ’লৰ বিলাসী এছ ইউ ভিখনৰ বাবে কেইবাকোটি টকা ব্যয় কৰিছে, কাৰণ নন-বুলেটপ্ৰুফ ব্যক্তিগতভাৱে আমদানি কৰা এখন বাহনৰ মূল্য প্ৰায় ২ কোটি টকা (Salman khan death threats)।

১৯৯৮ চনৰ হৰিণা চিকাৰৰ গোচৰৰ সৈতে জড়িত খানে গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰিছিল । যোৱা মাহত অভিনেতাগৰাকীয়ে ই-মেইলযোগে নতুনকৈ মৃত্যুৰ ভাবুকি লাভ কৰিছিল । হিন্দী ভাষাত লিখা এই ই-মেইলটোত কোৱা হৈছে যে ছলমানে শেহতীয়াকৈ লৰেন্স বিষ্ণৈৰ এটা নিউজ চেনেলক দিয়া সাক্ষাৎকাৰটো নিশ্চয় দেখিছে আৰু যদি নাই তেন্তে চাব লাগে ।

ছলমানৰ বন্ধু প্ৰশান্ত গুঞ্জলকাৰক সম্বোধন কৰি ইয়াত কোৱা হৈছে যে যদি অভিনেতাজনে বিষয়টো বন্ধ কৰিব বিচাৰে তেন্তে তেওঁ গোল্ডি ভাইৰ সৈতে মুখামুখিকৈ কথা পাতিব লাগে । ইমেইলটোত লগতে কোৱা হৈছে যে, এতিয়াও সময় আছে ছলমান খানে ক্ষমা খোজক কাৰণ পৰৱৰ্তী সময়ত ইয়াৰ পৰিণতি ভয়ংকৰ হ’ব ।

ইফালে, অভিনেতাগৰাকীৰ আগন্তুক ছবি কিচি কা ভাই কিছি কি জান ছবিগৃহত মুক্তিৰ বাবে সাজু হৈছে । ফাৰহাদ ছামজীৰ নেতৃত্বত নিৰ্মিত ছবিখন ২১ এপ্ৰিলত ছবিগৃহত মুক্তি লাভ কৰিব ।

লগতে পঢ়ক: Salman Khan : ফিল্মফেয়াৰ বঁটাৰ প্ৰকৃত স্বৰূপ উদঙালে ছলমানে; কৰিলে চাঞ্চল্যকৰ মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.