ETV Bharat / entertainment

Aishwarya-Salman: বিবাহ বিচ্ছেদৰ উৰাবাতৰিৰ মাজতে ভাইৰেল ঐশ্বৰ্য ৰায়ৰ ভিডিঅ'; ছলমানৰ বিষয়ে ক'লে এই কথা

author img

By

Published : Apr 12, 2023, 10:05 PM IST

Aishwarya Rai called Salman Khan the 'sexiest and most gorgeous man' in Bollywood goes viral
অভিষেকৰ সৈতে বিবাহ বিচ্ছেদৰ উৰাবাতৰিৰ মাজতে ঐশ্বৰ্য ৰায়ৰ ভিডিঅ' ভাইৰেল, ভিডিঅ'ত ছলমানৰ বিষয়ে ক'লে এই কথা

ছ’চিয়েল মিডিয়াত ঐশ্বৰ্য ৰায় বচ্চনৰ এটি ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে, য’ত তেওঁ প্ৰাক্তন প্ৰেমিক ছলমান খানক বলীউডৰ আটাইতকৈ সুদৰ্শন আৰু আবেদনময়ী তাৰকা বুলি অভিহিত কৰিছে । অভিষেক বচ্চন আৰু ঐশ্বৰ্যৰ বিবাহ বিচ্ছেদৰ উৰাবাতৰি বিয়পি পৰাৰ সময়তে ভাইৰেল হৈ পৰিছে এই ভিডিঅ'টো ।

চিটাৰা ডেস্ক, 12 এপ্ৰিল: শেহতীয়াকৈ দেশৰ ধনী ব্যৱসায়ী মুকেশ আম্বানীৰ সাংস্কৃতিক অনুষ্ঠানত ছুপাৰষ্টাৰ ছলমান খান আৰু তেওঁৰ প্ৰাক্তন প্ৰেমিকা ঐশ্বৰ্য ৰায় বচ্চনক একেটি অনুষ্ঠানত দেখিবলৈ পোৱা গৈছিল । এই অনুষ্ঠানৰ পৰা ছলমান খান আৰু ঐশ্বৰ্য ৰায় একেটা ফ্ৰেমত বন্দী হোৱাৰ ছবি ছ’চিয়েল মিডিয়াত ব্যাপকৰূপে ভাইৰেল হৈ পৰিছে (Aishwarya Rai) ।

সম্প্ৰতি ঐশ্বৰ্য ৰায়ৰ এটা পুৰণি ভিডিঅ’ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে (Aishwarya Salman) । এই ভিডিঅ’টোত ঐশ্বৰ্যই প্ৰাক্তন প্ৰেমিক ছলমান খানক তীব্ৰ প্ৰশংসা কৰা দেখা গৈছে । এই ভিডিঅ'টো ছচিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে । ছলমানক বলীউডৰ আটাইতকৈ গোৰ্জিয়াছ আৰু আবেদনময়ী তাৰকা বুলি অভিহিত কৰিছে ঐশ্বৰ্যই (Aishwarya salman viral video)।

যেতিয়া পুৰণি অভিনেত্ৰী ছিমি গ্ৰেৱালে তেওঁৰ টক শ্ব’ত ঐশ্বৰ্য ৰায়ক সুধিছিল যে, বলীউডৰ আটাইতকৈ গোৰ্জিয়াছ আৰু আবেদনময়ী তাৰকা কোন ? এই প্ৰশ্নত ঐশ্বৰ্যই হাঁহি আৰু লাজতে ৰঙা পৰিবলৈ আৰম্ভ কৰে আৰু তাৰ পিচত প্ৰাক্তন প্ৰেমিক ছলমান খানৰ নাম লয় । উল্লেখ্য যে, ঐশ্বৰ্য ৰায়ৰ সাক্ষাৎকাৰ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ এই ভিডিঅ'টো বহু পুৰণি ।

সম্প্ৰতি এই ভিডিঅ'টোৰ বিষয়ে সমগ্ৰ ছ'চিয়েল মিডিয়াতে চৰ্চিত হৈ আছে আৰু ছলমান খানৰ অনুৰাগীসকলে ছচিয়েল মিডিয়াত ইফালে সিফালে এই ভিডিঅ'টো ভাইৰেল কৰি তুলিছে । ছলমান খান আৰু ঐশ্বৰ্য ৰায়ে একেলগে বহু ছবি কৰিছে, য’ত ‘হাম দিল দে চ্যুকে চনম’ ছবিখনে আটাইতকৈ বেছি জনপ্ৰিয়তা লাভ কৰিছিল ।

  • " class="align-text-top noRightClick twitterSection" data="">

একে সময়তে ছলমান খানৰ সৈতে বিচ্ছেদ ঘটাই ঐশ্বৰ্য ৰায়ে চলচ্চিত্ৰ অভিনেতা অভিষেক বচ্চনৰ সৈতে বিবাহপাশত আৱদ্ধ হয় । বিবাহৰ পূৰ্বে অভিষেক আৰু ঐশ্বৰ্য ৰায়ে ‘কুচ না কহো’ আৰু ‘ধাই অক্ষৰ প্ৰেম কে’, গুৰুকে ধৰি কেইবাখনো ছবিত একেলগে কাম কৰিছিল । ঐশ্বৰ্য আৰু অভিষেক বচ্চনৰ বিবাহ বিচ্ছেদৰ উৰাবাতৰিৰ মাজতে এই ভিডিঅ' ছ'চিয়েল মিডিয়াত খুবেই চৰ্চিত হৈ পৰিছে (Aishwarya viral video) ৷

লগতে পঢ়ক: KKBKKJ Trailer : ছলমানে শ্বেহনাজক দিলে আগবাঢ়ি যোৱাৰ পৰামৰ্শ, উত্তৰত পঞ্জাৱৰ কেটৰিণা কাইফে ক’লে এই কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.