ETV Bharat / entertainment

Aamir Khan Ex Wifes Pics: একেলগে দেখা গ’ল দুই সতিনী কিৰণ-ৰীণাক, চাওক ভিডিঅ’

author img

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 6:50 PM IST

আমিৰ খানে বৰ্তমান ছবিৰ পৰা বিৰতি লৈছে । এতিয়া তেওঁক পৰিয়ালৰ সৈতে সময় কটোৱা দেখা যায় । শেহতীয়াকৈ আমিৰৰ প্ৰাক্তন পত্নী ৰীণা দত্ত আৰু কিৰণ ৰাওক একেলগে দেখা গৈছে।

Aamir Khan's ex-wives Kiran Rao and Reena Dutta, share a good laugh at Mansoor Khan's book launch, netizens react
আমিৰ খানৰ প্ৰাক্তন পত্নী কিৰণ ৰাও-ৰীণা দত্ত

চিটাৰা ডেস্ক, 22 আগষ্ট: যোৱা বছৰ আমিৰ খানক দেখা গৈছিল ‘লাল সিং চাড্ডা’ ছবিখনত । অভিনেতাগৰাকীৰ এই ছবিখন বয়কট বলীউডৰ ট্ৰেণ্ডৰ বলি হৈ ফ্লপ বুলি প্ৰমাণিত হয় । তেতিয়াৰ পৰা আমিৰে ছবিজগতৰ পৰা আঁতৰি থকা পৰিলক্ষিত হয় ৷

ছবিজগতৰ পৰা আঁতৰি থকাৰ পাচত প্ৰায়ে আমিৰক পৰিয়ালবৰ্গৰ সৈতে দেখা যায় । শেহতীয়া ছ’চিয়েল মিডিয়াত কিছু ভিডিঅ’ আৰু ফটো ভাইৰেল হৈছে, য’ত আমিৰ খানৰ প্ৰাক্তন পত্নী ৰীণা দত্ত আৰু কিৰণ ৰাও দুয়োকে একেলগে দেখা গৈছে ।

একেলগে দেখা গৈছে আমিৰৰ দুগৰাকী প্ৰাক্তন পত্নীক

শেহতীয়াকৈ আমিৰ খানে গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অংশ লৈছিল । এই উপলক্ষে তেওঁৰ প্ৰাক্তন পত্নী ৰীণা দত্ত আৰু কিৰণ ৰাওকো দেখা পোৱা গৈছিল । ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ছবি আৰু ভিডিঅ’বোৰত ৰীণা আৰু কিৰণক ইগৰাকীৰ সিগৰাকীৰ সৈতে কথা পাতি থকা দেখা গৈছে।

দুয়োগৰাকী সতিনী হোৱা স্বত্বেও ইগৰাকীয়ে সিগৰাকীৰ স’তে এনেদৰে কথোপকথন কৰি আছিল যেন দুয়োৰে মাজত কোনো ধৰণৰ পাৰ্থক্য নাই । কিৰণ আৰু ৰীণাৰ সম্পৰ্ক বন্ধুৰ দৰে দেখা গৈছে। এই কাৰণেই এতিয়া এই দুগৰাকীৰ ছবি আৰু ভিডিঅ’বোৰ চৰ্চাৰ বিষয় হৈ পৰিছে। আনহাতে, আমিৰে ডাঙৰ পুত্ৰ জুনেইদ খানৰ সৈতে ফটো ক্লিক কৰা দেখা গৈছে।

দুয়োগৰাকী পত্নীৰ পৰা আমিৰৰ বিবাহ বিচ্ছেদ

১৯৮৬ চনত আমিৰ খানে প্ৰথম পত্নী ৰীণা দত্তক বিয়া কৰায় । আমিৰ আৰু ৰীণাৰ এটি পুত্ৰ জুনেইদ আৰু কন্যা ইৰা খান । কিন্তু ২০০২ চনত আমিৰ আৰু ৰীণাৰ বিবাহ বিচ্ছেদ হয় ৷

ইয়াৰ পিচত ২০০৫ চনত আমিৰে কিৰণ ৰাওৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ৷ দুয়োৰে বিবাহ হয় যদিও ২০২১ চনত দুয়োৰে মাজত বিবাহ বিচ্ছেদ হয় । কিন্তু ইয়াৰ পিচতো আমিৰে দুয়োগৰাকী প্ৰাক্তন পত্নীৰ সৈতে বন্ধুত্ব বজাই ৰাখিছে ।

লগতে পঢ়ক: আমীৰ খানৰ কন্যা ইৰাৰ প্ৰেমিক নূপুৰৰ সৈতে এংগেজমেণ্টৰ ফটো চাওক-

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.