ETV Bharat / entertainment

Deepika Padukone on G20: জি-২০ সন্মিলন সন্দৰ্ভত দীপিকা পাডুকনে কৰিলে এই মন্তব্য

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 1:01 PM IST

'A remarkable accomplishment' Deepika Padukone congratulates on hosting G20 Summit
অভিনেত্ৰী দীপিকা পাডুকনে জি-২০ সন্মিলনৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে

দেশৰ ৰাজধানী দিল্লীত অনুষ্ঠিত জি-২০ সন্মিলন আয়োজন কৰাৰ বাবে দেশবাসীক অভিনন্দন জনাইছে শ্বাহৰুখ খান আৰু নয়নতৰা অভিনীত ছবি জৱানত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দীপিকা পাডুকনে ।

চিটাৰা ডেস্ক, ১২ ছেপ্টেম্বৰ: দেশৰ ৰাজধানী দিল্লীত তিনিদিন ধৰি (৮-১০ ছেপ্টেম্বৰ) চলি থকা জি-২০ সন্মিলনৰ সফল সামৰণি পৰিল । এই সন্মিলনত আমেৰিকা আৰু ব্ৰিটেইনকে ধৰি বিশ্বৰ ২০ খন উন্নত আৰু উন্নয়নশীল দেশে অংশগ্ৰহণ কৰে ৷ জি-২০ সন্মিলনত বিশ্ব পৰ্যায়ত বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয় । একে সময়তে সমগ্ৰ বিশ্বতে এই সন্মিলন সন্দৰ্ভত চলি আছে আলোচনা ৷ ইফালে এই পদক্ষেপৰ পিচতে উন্নত দেশ হোৱাৰ দিশত আগবাঢ়ি যোৱা ভাৰতে সমগ্ৰ বিশ্বতে আধিপত্য অৰ্জন কৰিছে ।

১০ ছেপ্টেম্বৰত এই সন্মিলন সফল সমাপ্ত হোৱাৰ লগে লগে বলীউডৰ বহু তাৰকাই ছ’চিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী মোডীক এই সন্মিলন সফলতাৰে আয়োজন কৰাৰ বাবে অভিনন্দন জনায় । ইয়াৰ ভিতৰত আছে মেগাষ্টাৰ অমিতাভ বচ্চন, শ্বাহৰুখ খান, আমিৰ খান আৰু অক্ষয় কুমাৰৰ দৰে ডাঙৰ তাৰকাও আছে । এতিয়া বলীউডৰ শীৰ্ষ আৰু সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰী দীপিকা পাডুকনেও এই কৃতিত্বৰ বাবে এটা অভিনন্দন পোষ্ট শ্বেয়াৰ কৰিছে ।

'A remarkable accomplishment' Deepika Padukone congratulates on hosting G20 Summit
অভিনেত্ৰী দীপিকা পাডুকনে জি-২০ সন্মিলনৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে

জি-২০ সন্দৰ্ভত জৱানৰ অভিনেত্ৰীগৰাকীৰ পোষ্ট

দীপিকাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ষ্ট’ৰী শ্বেয়াৰ কৰি লিখিছে, ‘‘জি-২০ সন্মিলন আয়োজন কৰাৰ বাবে অভিনন্দন, আমাৰ দেশৰ বাবে এয়া এক উল্লেখযোগ্য কৃতিত্ব, বিশ্ববাসীক আমাৰ শক্তি প্ৰদৰ্শন আৰু বিশ্বব্যাপী একচন সংগঠিত কৰাৰ এক ডাঙৰ সুযোগ । আমাৰ ক্ষমতাৰ এক উজ্জ্বল প্ৰমাণ । একত্ৰিত হওক, শক্তিশালী আৰু উজ্জ্বল ভৱিষ্যতৰ পথ প্ৰশস্ত কৰক।’’

ৱৰ্কফ্ৰন্টত দীপিকাক দেখা গৈছে বলীউডৰ কিং শ্বাহৰুখ খানৰ ছবি জৱানত ৷ ছবিখনত আজাদ (শ্বাহৰুখ খান)ৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছে দীপিকা পাডুকনে । একে সময়তে শ্বাহৰুখে নিজেই ছবিখনত পিতৃ বিক্ৰম ৰাঠৰ আৰু পুত্ৰ আজাদৰ চৰিত্ৰত অভিনয় কৰিছে । ছবিখনত শ্বাহৰুখ খানৰ দ্বৈত চৰিত্ৰ দেখা গৈছে । ১২ ছেপ্টেম্বৰত মুক্তি লাভ কৰিছিল ছবিখন ৷ ছবিখনত দীপিকাৰ অভিনয়ে সকলোকে মন্ত্ৰমুগ্ধ কৰিছে ৷

লগতে পঢ়ক: Manushi-Tejasswi pics: ৰঙা আৰু হালধীয়া সাজেৰে সকলোৰে দৃষ্টি আকষৰ্ণ কৰিছে মনুষী চিল্লাৰ আৰু তেজস্বী প্ৰকাশে, চাওক ফটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.