ETV Bharat / entertainment

Akhil Mishra Death: ৩ ইডিয়টছৰ অভিনেতা অখিল মিশ্ৰৰ দেহাৱসান

author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 2:47 PM IST

3 Idiots fame actor Akhil Mishra dies in accident at 58
অভিনেতা অখিল মিশ্ৰৰ ৫৮ বছৰ বয়সত মৃত্যু

এক দুৰ্ঘটনাত মৃত্যুক আকোৱালি ল’লে অভিনেতা অখিল মিশ্ৰই । হায়দৰাবাদৰ বেলকনিত কাম কৰি থকা অৱস্থাত ওখ অট্টালিকাৰ পৰা পৰি মৃত্যু হয় অভিনেতাগৰাকীৰ ।

চিটাৰা ডেস্ক, ২১ ছেপ্টেম্বৰ: আমিৰ খানৰ ৩ ইডিয়টছ ছবিত লাইব্ৰেৰিয়ান ডুবেৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰা অভিনেতা অখিল মিশ্ৰ আৰু নাই । সংবাদ মাধ্যমত পোৱা খবৰ অনুসৰি কাম কৰি থকা অৱস্থাত অট্টালিকাৰ পৰা পৰি মৃত্যু হয় অভিনেতাজনৰ । অখিল মিশ্ৰৰ আকস্মিক মৃত্যুৰ খবৰে উদ্যোগটোত পেলাইছে শোকৰ ছাঁ ৷ ইফালে এই খবৰক বিশ্বাস কৰিব পৰা নাই অনুৰাগীয়ে ৷

বেলকনিৰ পৰা পৰি মৃত্যু হয় অখিল মিশ্ৰৰ

বাতৰি অনুসৰি অভিনেতাগৰাকীয়ে হায়দৰাবাদত এটা প্ৰজেক্টৰ শ্বুটিং কৰি আছিল । বেলকনিৰ ওচৰত কাম কৰি থকা অৱস্থাতে পৰি মৃত্যু হয় অভিনেতাগৰাকীৰ । মৃত্যুৰ সময়ত ইহসংসাৰত অখিলে পত্নী চুজেন বাৰ্নাৰ্টক এৰি থৈ যায়, তেওঁৰ পত্নী এগৰাকী জাৰ্মান অভিনেত্ৰী । তেওঁৰ মৃত্যুৰ সময়ত চুজেন হায়দৰাবাদতে আছিল ।

অখিলে বহু টিভি শ্ব’ আৰু ছবিত অভিনয় কৰিছে

অখিলে টিভিৰ বহু শ্ব’ত অভিনয় কৰিছে ৷ উত্তৰান, উড়ান, চি আই ডি, শ্ৰীমান শ্ৰীমতী, হাতীম আদি জনপ্ৰিয় টেলিভিছন শ্ব’ৰ অভিনয় কৰিছে । অখিলে বহু ছবিতো অভিনয় কৰিছিল । ‘ডন’, ‘গান্ধী’, ‘মাই ফাদাৰ’, ‘শিখৰ’, ‘কমলা কি মউত’, ‘ৱেল ডন আব্বা’ আদি ছবিত বহু চৰিত্ৰত অভিনয় কৰিছিল ।

কিন্তু "৩ ইডিয়টছ"ত লাইব্ৰেৰিয়ান ডুবেৰ চুটি চৰিত্ৰত অভিনয় কৰিছিল জনপ্ৰিয়তা লাভ কৰিছিল আৰু এই চৰিত্ৰটোৰ বাবে আজিও সকলোৰে বাবে স্মৰণীয় তেওঁ । আমিৰ খান, শৰ্মান যোশী, কৰীণা কাপুৰ খান, আৰ মাধৱন, বোমন ইৰাণীকে ধৰি বহুকেইগৰাকী ব্যক্তিয়ে এই ছবিখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । জনপ্ৰিয় শ্ব’ "উত্তৰন"ত উমেদ সিং বুণ্ডেলাৰ চৰিত্ৰত অভিনয় কৰিও তেওঁ নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিছিল ৷

অখিলে জাৰ্মান অভিনেত্ৰী চুজেন বাৰ্নাৰ্টৰ সৈতে বিবাহপাশত আবদ্ধ হয়

২০০৯ চনৰ ৩ ফেব্ৰুৱাৰীত জাৰ্মান অভিনেত্ৰী চুজেন বাৰ্নাৰ্টৰ সৈতে অখিলৰ বিবাহ হয় । পিছলৈ তেওঁ ২০১১ চনৰ ৩০ ছেপ্টেম্বৰত পৰম্পৰাগত ৰীতি-নীতিৰে চুজেনক বিয়া কৰায় । ২০১৯ চনত এই যুটিয়ে সহযোগিতা কৰি "মাজনু কি জুলিয়েট" শীৰ্ষক এখন চুটি ছবি নিৰ্মাণ কৰিছিল, যিখন ছবিত কেৱল মিশ্ৰই অভিনয় কৰাই নহয়, লিখা আৰু পৰিচালনাও কৰিছিল। তেওঁৰ পত্নী চুজেনে কচৌটি জিন্দাগী কি, সাৱধান ইণ্ডিয়া, এক হাজাৰো মে মেৰী বেহনা হায়, চক্ৰৱৰ্তী অশোক সম্ৰাট, য়েহ ৰিশতা ক্যা কেহলাতা হায় আৰু পৰুছৰ দৰে বহু টিভি শ্ব’ত কাম কৰিছে ।

লগতে পঢ়ক: Vijay Antony: তামিল অভিনেতা বিজয় এণ্টনীৰ ১৬ বছৰীয়া কন্যাৰ আত্মহনন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.