ETV Bharat / crime

গোলাঘাটত গ্ৰেপ্তাৰ পাচঁ ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Apr 27, 2021, 5:49 PM IST

গোলাঘাট নগৰৰ শান্তিপুৰত ড্ৰাগছ সহ আটক কৰে পাঁচজন ড্ৰাগছ সৰবৰাহকাৰীক ৷ দীৰ্ঘদিন ধৰি যুৱককেইজন ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত আছিল ৷ লগতে গোলাঘাট আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় ১.৩ গ্ৰাম ড্ৰাগছ ৷

drug-paddler-arrested-in-golaghat-etv-bharat-news
গোলাঘাটত গ্ৰেপ্তাৰ ড্ৰাগছ সহ পাচঁ জন যুৱক

গোলাঘাট, 27 এপ্ৰিল : গোলাঘাট নগৰৰ শান্তিপুৰত ড্ৰাগছ সহ আটক পাচঁজন ড্ৰাগছ সৰবৰাহকাৰী । আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী কেইজন ক্ৰমে ৰাজা খান, আমিৰ খান, চাকিব হক, নাজিম আলি আৰু পিন্টু সাহ । আৰক্ষী সূত্ৰে প্ৰকাশ কৰা অনুসৰি দীৰ্ঘদিন ধৰি গোলাঘাট শান্তিপুৰত মূল অভিযুক্ত ৰাজা খানৰ নেতৃত্বত নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলি আহিছিল । উল্লেখ্য যে, ইতিপূৰ্বেও গোলাঘাট আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ৰ অভিযোগত যুৱককেইজনক জেললৈ প্ৰেৰণ কৰিছিল ৷

গোলাঘাটত গ্ৰেপ্তাৰ ড্ৰাগছ সহ পাচঁ জন যুৱক

সোমবাৰে এক চুৰি কাণ্ডৰ সন্দৰ্ভত গোলাঘাট আৰক্ষীয়ে চাকিব হকক গ্ৰেপ্তাৰ কৰি চুৰি সামগ্ৰীখিনি উদ্ধাৰ কৰিবলৈ গোলাঘাটৰ শান্তিপুৰৰ আমিৰ খানৰ বাসগৃহত তালাচী চলাওতে ড্ৰাগছ সহ পুনৰ আটক হয় যুৱককেইজন ৷ লগতে আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী কেইজনৰ পৰা ১.৩ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : থুঁতৰিত মাস্ক পিন্ধি মাস্ক বিতৰণ মন্ত্ৰী যোগেন মহনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.