ETV Bharat / crime

গোসাইগাঁৱত পুনৰ বৃহৎ পৰিমানৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

author img

By

Published : Apr 24, 2021, 6:12 PM IST

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ৰিপু সংৰক্ষিত বনাঞ্চলত শনিবাৰে পুনৰ বৃহৎ পৰিমানৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ বৰ্তমানেও বনাঞ্চল খনত অভ্যাহত আছে আৰক্ষী এছ এছ বিৰ যৌথ অভিযান ৷

Arms & Explosive Recovered
গোসাইগাঁৱত পুনৰ বৃহৎ পৰিমানৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

কোকৰাঝাৰ ২৪ এপ্ৰিল: এক গোপন খবৰৰ ভিত্তিত আৰক্ষী আৰু এছ এছ বিৰ ৩১ নং বেটেলিয়নৰ এটা দলে শুকুৰবাৰে নিশা কোকৰাঝাৰৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত ৰিপু সংৰক্ষিত বনাঞ্চলত এটা অভিযান চলায় ৷ গোসাইগাঁও আৰক্ষী মহকুমাধিপতি সৌৰভ গুপ্তা আৰু এছ এছ বিৰ উপ অধিনায়ক এল. নিপাথোই সিঙৰ নেতৃত্বত গোটেই নিশা চলা অভিযানৰ অন্তত শনিবাৰে পুৱাৰ ভাগত বনাঞ্চল খনৰ পৰা বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ সহ বহু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

Arms & Explosive Recovered
গোসাইগাঁৱত পুনৰ বৃহৎ পৰিমানৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

আৰক্ষীয়ে উদ্ধাৰ কৰা অস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীৰ ভিতৰত আছে, জিলেটিন ষ্টিক ৮৭ টা, ডেট’নেটৰ -২০০ডাল, দেশীয়ভাৱে নিৰ্মিত ৰাইফল ২ টা, চাইনিজ গ্ৰেনেড ১ টা ,9mm পিষ্টলৰ মেগজিন ৩ টা, ৫.৫৬ এম এমৰ ১০ জাই সজীৱ গুলী, Safety তাঁৰ- ২কইল, বৈদ্যুতিক তাঁৰ ১বাণ্ডিল, বেটাৰী-৪ টা, চাইকেল 4 খনৰ লগতে প্ৰেচাৰকুকাৰ ২ টা ৷
উদ্ধাৰ হোৱো অস্ত্ৰ আৰু বিস্ফোৰকখিনি বিটিআৰত নতুনকৈ গঠন হোৱা নেচনেল লিবাৰেশন ফ্ৰণ্ট অফ বড়োলেণ্ড চমুকৈ ( NLLFB)ৰ বুলি এছ এছ বি আৰু আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ সম্প্ৰতি আৰক্ষী আৰু এছ এছ বিৰ দলটোৱে বনাঞ্চল খনত অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক-ছিপাঝাৰৰ এখন বিয়াৰ পৰা কৰ'ণাৰ ভয়ংকৰ গণ সংক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.