ETV Bharat / crime

ডিব্ৰুগড়ৰ আৰক্ষীৰ জালত অবৈধ সুৰা সহ 6 সৰবৰাহকাৰী

author img

By

Published : Jun 30, 2021, 7:43 AM IST

6 suppliers with large quantities of  liquor At Dibrugarh District
ডিব্ৰুগড়ৰ আৰক্ষীৰ জালত অবৈধ সুৰা সহ 6 জন সৰবৰাহকাৰী

ডিব্ৰুগড়ত পুনৰ আৰক্ষীৰ জালত বৃহৎ পৰিমানৰ অবৈধ সুৰা (illegal liquor) সহ 6 জন লোকক আটক কৰে আৰক্ষীয়ে ৷ ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ শইকীয়া আৰু নগৰ আৰক্ষী পৰিদৰ্শক অৰ্জুন সিঙৰ নেতৃত্বত চলা এটা অভিযানত আটক কৰে আৰক্ষীয়ে ৷

ডিব্ৰুগড়, 30 জুন : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ সৰবৰাহৰ লগতে অপৰাধমূলক ঘটনাৰ বিৰুদ্ধে অসম আৰক্ষী (Assam Police)ৰ তীব্ৰ অভিযান ৷ সমান্তৰালকৈ ডিব্ৰুগড় আৰক্ষীয়ে (Dibrugarh pilice)ও ইয়াৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান ৷ মঙলবাৰে নিশাও ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ শইকীয়া আৰু নগৰ আৰক্ষী পৰিদৰ্শক অৰ্জুন সিঙৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ডিব্ৰুগড় চহৰৰ নতুন বজাৰৰ সমীপৰ হৰিজন কলনীত চলায় এটা অভিযান ৷ আৰক্ষীৰ এই অভিযানত বৃহৎ পৰিমানৰ অবৈধ সুৰা জব্দ কৰাৰ লগতে বহু পৰিমানৰ অবৈধ চুলাই মদ নষ্ট কৰে আৰক্ষীয়ে ।

তদুপৰি ঘটনাস্থলীতে আৰক্ষীয়ে 5 জন সুৰাপায়ী আৰু এজন সুৰা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, ড্ৰাগছ মুক্ত অসম গঢ়াৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) ঘোষণা কৰাৰ পাছতে ৰাজ্যজুৰি ড্ৰাগছ, গাঞ্জা অবৈধ সুৰা ইত্যাদিৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ আৰক্ষীৰ অভিযানত কোটি কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে বহুকেইটা ড্ৰাগছ মাফিয়াকো (Drugs mafia) গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

ডিব্ৰুগড়ৰ আৰক্ষীৰ জালত অবৈধ সুৰা সহ 6 জন সৰবৰাহকাৰী

সমান্তৰালকৈ অন্যান্য জিলাসমূহৰ দৰে ডিব্ৰুগড় জিলা (Dibrugarh District)তে ভয়ংকৰভাৱে বৃদ্ধি পাইছিল ড্ৰাগছ সৰবৰাহৰ ঘটনা ৷ ইয়াৰ বিপৰীতে আৰক্ষীয়ে চলোৱা অভিযানত বহু কেইজন ড্ৰাগছ সৰবৰাহৰ লগতে অবৈধ চুলাই মদৰ ঘাটি উৎখাত কৰে ৷ ইফালে প্ৰতিদিনে ইয়াৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰৰ পৰা তীব্ৰতৰ কৰিছে অভিযান ৷

ইতিমধ্যে নগাঁও, ধুবুৰী, বৰপেটা,কামৰূপকে আদিকৰি প্ৰায়ভাগ জিলাতে প্ৰতিদিনে আৰক্ষীৰ কৱলত পৰিছে ড্ৰাগছ, নিচাজাতীয় সামগ্ৰীৰ লগতে সৰবৰাহকাৰী ৷ আৰক্ষীয়ে যি ধৰণে ড্ৰাগছ সৰবৰাহ, অবৈধ চুলাই বিৰুদ্ধে যি অভিযানত আৰম্ভ কৰিছে ঠিক একেদৰে আৰক্ষীৰ লগতে ড্ৰাগছ আৰু নিচা জাতীয় সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে সজাগ হৈ উঠিছে সাধাৰণ জনতাও ৷ সাধাৰণ ৰাইজৰ সহযোগত বহুতো বাঘা বাঘা ড্ৰাগছ মাফিয়া তথা বৃহৎ বৃহৎ অবৈধ চুলাই মদৰ ঘাটি উৎখাট কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে ৷

লগতে পঢ়ক-নগাৰ বেদখলৰ বিৰুদ্ধে সষ্টম হৈছে অসম আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.