ETV Bharat / city

Protest against price hike : যোগানমন্ত্ৰী, পেট্ৰ'লিয়াম মন্ত্ৰীৰ পুত্তলিকা দাহ

author img

By

Published : Nov 24, 2021, 11:36 AM IST

পেট্ৰ’ল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যৰোধ(Protest against price hike)ৰ দাবীত ৰাজ্যৰ বহু সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ মঙলবাৰে তিনিচুকীয়াৰ মাকুমত যোগান মন্ত্ৰী আৰু পেট্ৰ'লিয়াম মন্ত্ৰীৰ পুত্তলিকা দাহ(Effigu burn by makum AASU) কৰি প্ৰতিবাদ সাব্যস্ত কৰে মাকুম আঞ্চলিক ছাত্ৰ সন্থাই ৷ বিপৰীতে নগাঁৱতো দুটাকৈ সংগঠনে মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷

protest-against-fuel-price-hike
মাকুমত আছুৰ প্ৰতিবাদ

তিনিচুকীয়া/নগাঁও, 24 নৱেম্বৰ : ৰন্ধন গেছ, পেট্ৰ’ল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদ(Protest against price hike) মঙলবাৰে তিনিচুকীয়াৰ মাকুমত মাকুম আঞ্চলিক ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । দিনকদিনে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ দাম বৃদ্ধি হৈ আছে যদিও, যোগান বিভাগে মূল্য বৃদ্ধি ৰোধৰ ক্ষেত্ৰত সম্পূৰ্ণ বিফল হোৱাৰ অভিযোগ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে মাকুম আঞ্চলিক ছাত্ৰ সন্থাই ৷

protest-against-fuel-price-hike
মাকুমত আছুৰ প্ৰতিবাদ

মাকুম আঞ্চলিক ছাত্ৰ সন্থাই নগৰখনৰ মাজমজিয়াত ৰাজ্যিক পেট্ৰ'লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু অসম চৰকাৰৰ যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ পুত্তলিকা দাহ(Effigu burn by makum AASU) কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিবাদী কাৰ্যসূচীত মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে মাকুমৰ স্থানীয় কেইবাটাও জাতীয়-জনগোষ্ঠীয় ছাত্ৰ সংগঠন আৰু স্থানীয় ৰাইজে অংশ লয় ৷

protest-against-fuel-price-hike
মাকুমত আছুৰ প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে অতি শীঘ্ৰে ৰন্ধন গেছকে ধৰি আন সামগ্ৰীৰ বৰ্ধিত মূল্য হ্ৰাস নকৰিলে ৰাইজৰ সহযোগত ব্যাপক জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷

আনহাতে, নগাঁৱৰ দলংঘাট উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখতো মঙলবাৰে সদৌ অসম প্ৰগতিশীল নাৰী সন্থা আৰু সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই যৌথভাৱে দুঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সংগঠন দুটাই আকাশলংঘী মূল্যবৃদ্ধি ৰোধৰ দাবীত(Protest against price hike) প্ৰতিবাদস্থলীৰ পৰা খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

protest-against-fuel-price-hike
মূল্যবৃদ্ধি ৰোধৰ দাবীত প্ৰতিবাদ

লগতে পঢ়ক : বজাৰত মূল্য বৃদ্ধিৰ জুই; চৰকাৰক নিদ্ৰাৰ পৰা জগাবলৈ আছুৰ গণ সত্যাগ্ৰহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.