ETV Bharat / city

1 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Apr 20, 2022, 1:02 PM IST

1 বজাৰ শীৰ্ষ দহটা বাতৰি

1 বজাৰ শীৰ্ষ দহটা বাতৰি
1 বজাৰ শীৰ্ষ দহটা বাতৰি

হয় ল'ৰা ঘূৰাই দিয়ক, নহ’লে মাৰি পেলাওঁক : পৰেশ বৰুৱালৈ এগৰাকী মাতৃৰ আহ্বান

নাহৰকটীয়াৰ নেখাম বাঁহধাৰী গাঁৱৰ অনিতা গগৈ আৰু পবিত্ৰ গগৈৰ পুত্ৰ পংকজ গগৈয়ে পৰিয়ালৰ অজ্ঞাতে যোগ দিয়ে আলফা(স্বা) ত ৷ বিগত ৪ মাৰ্চত কৰ্ম সংস্থাপনৰ বাবে কেৰালালৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই গৈছিল পংকজ ৷ পুত্ৰই এনেদৰে আলফা(স্বা) ত যোগদান কৰাৰ খবৰটো সহজভাৱে মানি ল’ব পৰা নাই মাতৃ অনিতা গগৈয়ে ৷

মাদ্ৰাছালৈ গৈ ঘূৰি নাহিল 10 বছৰীয়া ৰুজিনা

হোজাইৰ পূৱ উদালীৰ ৰাম সিং গাঁৱৰ পৰা সন্ধানহীন হৈছে এগৰাকী 10 বছৰীয়া নাবালিকা (Minor girl goes missing from Hojai) ৷ মঙলবাৰে পুৱা মাদ্ৰাছালৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল নাবালিকাগৰাকী ৷ তাৰ পাচৰ পৰাই সন্ধানহীন হৈ আছে নাবালিকাগৰাকী ৷

গুৱাহাটী পৌৰ নিগম আজুৰি আনিব বিজেপি মিত্ৰজোঁটে : মন্ত্ৰী অতুল বৰা

সমাগত গুৱাহাটী পৌৰ নিগম(Guwahati Municipal Election 2022) ৰ নিৰ্বাচন ৷ এই নিৰ্বাচনৰ বাবে তৎপৰতা বাঢ়িছে ৰাজ্যৰ ৰাজনৈতিক নেতাসকলৰ ৷ ৱাৰ্ডে ৱাৰ্ডে অন্তিম প্ৰচাৰত ব্যস্ত এতিয়া সকলো ৷ মঙলবাৰে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী অসীম শইকীয়াৰ হৈ সাতগাঁৱৰ দলবাৰী বাথৌ মন্দিৰ প্ৰাংগণত নিৰ্বাচনী ৰণডংকা বজাই কৃষি মন্ত্ৰী অতুল বৰাই (Atul Bora campaigns for GMC Election) ৷

তিতাবৰত আলফা(স্বা)ৰ নামত ধন দাবী কৰি আটক দুই যুৱক

তিতাবৰত আলফা(স্বা) ৰ নামত ধন দাবী দুই যুৱক(Two persons detained for demanding money)ৰ ৷ বিগত 6 এপ্ৰিলত মহিমাবাৰীৰ অজিত শইকীয়া নামৰ এজন ব্যক্তিক ধন দাবী কৰিছিল দুই যুৱকে ৷ ব্যক্তিগৰাকীক হোৱাটছ এপযোগে যোগাযোগ কৰি প্ৰায় 2.50 লাখ টকা দাবী কৰে দুজনীয়া যুৱকৰ দলটোৱে ৷ প্ৰথম কিস্তিৰ ধন আদায়ৰ পিছত আৰক্ষীৰ জালত পৰে দুজনীয়া যুৱকৰ দলটো ৷

Moran bihu begins : আজিৰে পৰা আৰম্ভ মৰাণ জনগোষ্ঠীৰ বিহু

আজিৰে পৰা আৰম্ভ মৰাণ বিহু (Moran bihu begins) ৷ ব’হাগৰ প্ৰথমটো বুধবাৰে মৰাণ জনগোষ্ঠীৰ লোকসকলে পালন কৰে গৰু বিহু ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ তিনিচুকীয়া চহৰৰ আশে-পাশে থকা শতাধিক পৰিয়াল একত্ৰিত হৈ বুধবাৰে পুৱা থানা চাৰিআলিত গৰুক গা ধুৱাই পালন কৰে মৰাণ জনগোষ্ঠীৰ গৰু বিহু ।

মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা নাই : পীযুষ হাজৰিকা

মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা নাই । কেৱল মুখ্যমন্ত্ৰীয়ে নহয়, বিজেপি দলেও কোনোধৰণৰ নিৰ্বাচনী বিধি ভংগ কৰা নাই ৷ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাজ্যিক নিৰ্বাচনী আয়োগৰ তদন্তৰ নিৰ্দেশ সন্দৰ্ভত মঙলবাৰে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika's reaction on Assam CM violation of election code of conduct) ৷

ৰাইজৰ দল এৰিলে কমল কুমাৰ মেধিয়ে

কংগ্ৰেছ দল ত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰা একালৰ অখিল গগৈৰ সংগ্ৰামী সতীৰ্থ কমল কুমাৰ মেধিয়ে এইবাৰ ৰাইজৰ দলো এৰিলে(Kamal Kumar Medhi quits Raijor Dal) ৷ সামাজিক মাধ্যমযোগে তেওঁ এই কথা সদৰি কৰিছে ৷ সদ্যহতে আন কোনো দললৈ যোৱাৰ কোনো পৰিকল্পনা নাই কমল কুমাৰ মেধিৰ ৷

Ajay Devgn latest movie : তামিল ছবি কাইথীৰ হিন্দী ৰিমেকত অজয় দেৱগন

মঙলবাৰে অজয় দেৱগনে পৰৱৰ্তী ছবি ভোলাৰ মুক্তিৰ তাৰিখ ঘোষণা কৰে (Ajay Devgn latest movie) ৷ ধৰ্মেন্দ্ৰ শৰ্মাই পৰিচালনা কৰা এই এক্সনধৰ্মী ছবিখন 2023 বৰ্ষৰ 30 মাৰ্চত মুক্তি লাভ কৰিব ৷

Kajal Aggarwal baby: অভিনেত্ৰী কাজল আগৰৱালৰ মাতৃত্ব লাভ

এটি পুত্ৰ সন্তানৰ মাতৃ হ’ল অভিনেত্ৰী কাজল আগৰৱাল (Kajal Aggarwal baby) ৷ মঙলবাৰে কাজল আৰু গৌতম কিটচ্লুৰ দুজনীয়া পৰিয়াললৈ আগমন ঘটে নতুন সদস্যৰ ৷

GMC Election 2022: গুৱাহাটী পৌৰ নিৰ্বাচনৰ বাবে মহানগৰীত ড্ৰাই ডে’ ঘোষণা

২২ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে ড্ৰাই ডে’ ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৷ ২০ এপ্ৰিলৰ আবেলি ৪-৩০ বজাৰ পৰা ২২ এপ্ৰিলৰ আবেলি ৪-৩০ বজালৈ গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ সকলো এলেকাতে বন্ধ থাকিব সুৰাৰ বিপনী ৷ আনহাতে ২৪ এপ্ৰিলৰ ভোট গণনাৰ দিনটোতো গণনা কাৰ্য সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ঘোষণা কৰা হৈছে ড্ৰাই ডে’ (Dry day in Guwahati)।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.