ETV Bharat / city

Price Hike in Assam : মূল্যবৃদ্ধিয়ে উলট-পালট লগাইছে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক

author img

By

Published : Dec 2, 2021, 7:34 PM IST

price hike in Assam
price hike in Assam

যোগান আৰু চাহিদা নীতিৰ কথা উল্লেখ কৰি মূল্যবৃদ্ধি সন্দৰ্ভত অসহায় মন্তব্য খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৷ মূল্যবৃদ্ধি ৰোধৰ উপায় তেওঁৰ বিভাগৰ অধীনত নাই বুলি স্বীকাৰ মন্ত্ৰীগৰাকীৰ ৷

তেজপুৰ, ২ ডিচেম্বৰ : নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে বৃহস্পতিবাৰে তেজপুৰত এক প্ৰকাৰ হাত দাঙিলে অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Ranjeet Kumar Das on price hike)। অৰ্থনীতি বিজ্ঞানৰ যোগান আৰু চাহিদা নীতিৰ ব্যাখ্যা আগবঢ়াই মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ উপায় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ বিভাগৰ হাতত নাই বুলি ঘোষণা কৰি হাত দাঙিলে মন্ত্ৰীগৰাকীয়ে ।

দেখা গৈছে সাম্প্ৰতিক সময়ত নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী, ইন্ধনজাত সামগ্ৰী আদিৰ মূল্যবৃদ্ধিয়ে জলা-কলা খুৱাইছে ৰাইজক (Price hike in Assam)৷ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে কেৱল অসমতে নহয়, সমগ্ৰ দেশজুৰি বিৰোধী দলসমূহৰ লগতে অন্যান্য সংগঠন সমূহেও প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে ৷ অসমত প্ৰধান বিৰোধী দল কংগ্ৰেছৰ লগতে আছু, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বহুকেইটা সংগঠনে মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে (Protest against price hike in Assam) ৷

মূল্যবৃদ্ধিয়ে উলট-পালট লগাইছে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক

কিন্তু বিৰোধী আৰু অন্যান্য সংগঠনৰ প্ৰতিবাদৰ পিচতো মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই চৰকাৰে ৷ তাৰোপৰি চৰকাৰ পক্ষৰ একাংশ মন্ত্ৰী আৰু বিধায়কে মূল্যবৃদ্ধিকলৈ কেতবোৰ তুলুঙা মন্তব্য কৰাত ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ জনতা ৷ নেতা-মন্ত্ৰীৰ তুলুঙা মন্তব্যই উদঙাই দিছে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰৰ ব্যৰ্থতা (Assam BJP leader comments on price hike) ৷

খাদ্য আৰু অসামৰিক যোগান বিভাগ, গ্ৰামোন্নয়ন আৰু পঞ্চায়ত, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাম-কাজৰ পৰ্যালোচনাৰ বাবে বৃহস্পতিবাৰে তেজপুৰত উপস্থিত হয় মন্ত্ৰীগৰাকী (Ranjeet Kumar Das visit Tezpur)৷ আগন্তুক পৌৰসভা নিৰ্বাচনত অধিকাংশ বিজেপিৰ জিলা সমিতিয়ে অগপৰে মিত্ৰতাৰ পৰিৱৰ্তে অকলেই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পোষকতা কৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰণজিৎ কুমাৰ দাসে ।

লগতে পঢ়ক : Ranjeet Kr Das in confusion : মূল্যবৃদ্ধিৰ কথা তেওঁ বুজাব জনা নাই নে ৰাইজে বুজি পোৱা নাই !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.