ETV Bharat / city

গাঁঠিৰ ধন ভাঙি শিৱসাগৰ নগৰ পৰিষ্কাৰ অখিল গগৈৰ

author img

By

Published : Dec 30, 2021, 9:30 PM IST

শিৱসাগৰৰ দৰিকাপাৰস্থিত আৱৰ্জনাস্থলী পৰিদৰ্শন বিধায়ক অখিল গগৈৰ (MLA Akhil Gogoi in Sivsagar) ৷ ৰাজসাহায্যৰ পৰা বঞ্চিত হৈ নিজৰ গাঁঠিৰ ধনেৰে শিৱসাগৰ নগৰ সেউজ কৰাৰ সংকল্প বিধায়কজনৰ ৷

Sivasagar MLA Akhil Gogoi Cleanliness drive in the City
গাঁঠিৰ ধন ভাঙি শিৱসাগৰ নগৰ পৰিষ্কাৰ অখিল গগৈৰ

শিৱসাগৰ, 30 ডিচেম্বৰ : শিৱসাগৰ ১০৮ নং বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে বৃহস্পতিবাৰে দৰিকাপাৰস্থিত নগৰৰ আৱৰ্জনাস্থলী(Dumping ground in Sivasagar) পৰিদৰ্শন কৰে । ৰাইজৰ দলৰ বিধায়কজনে ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিটোৰ সৰ্বাংগীন উন্নয়ন কৰাৰ মানসেৰে প্ৰথমেই নগৰখনৰ পৰিস্কাৰ-পৰিচ্ছন্নতাত গুৰুত্ব আৰোপ কৰিছে (MLA Akhil Gogoi's Cleanliness drive in Sivasagar)।

বিধায়কজনে নগৰখনৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ সাহায্য আগবঢ়োৱাৰ পৰা বিৰত থকাৰ লগতে অ’ এন জি চি কৰ্তৃপক্ষৰ পৰা আগবঢ়োৱা মাননীও চৰকাৰৰ নিৰ্দেশত জিলা উপায়ুক্তই বন্ধ কৰি ৰাখিছে বুলি অভিযোগ কৰে ৷ তেওঁ তথাপিও সম্পূৰ্ণ নিজা পুঁজিৰে ঐতিহাসিক স্থানত ঋতুকালীন ফুল পুলি ৰোপন কৰি সৌন্দৰ্য বৰ্ধনৰ চেষ্টা কৰাৰ কথা জানিবলৈ দিয়ে ।

বিধায়ক অখিল গগৈ

আনহাতে, ডিব্ৰুগড়ৰ আছুকৰ্মীৰ লগত অসম পুলিচে দুৰ্ব্যৱহাৰ কৰা বুলি মন্তব্য কৰি শিৱসাগৰ সমষ্টিৰ বিধায়কজনে ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰীক সকীয়নি প্ৰদান কৰে (Akhil Gogoi on Dibrugarh AASU incident) ৷ তেওঁ লগতে আটক কৰি ৰখা আছু কৰ্মীসকলক শীঘ্ৰে মুক্তি দিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : আছুক দেখি বেৰিকেড পাৰ হৈ খৰখেদাকৈ উভতিল চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.