আছুক দেখি বেৰিকেড পাৰ হৈ খৰখেদাকৈ উভতিল চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা

author img

By

Published : Dec 30, 2021, 4:40 PM IST

mla-ponakon-baruah-returns-from-volleyball-match-seeing-aasus-protest

চাবুৱাত নিশা ভলীবল খেলৰ মাজতে আছুৰ প্ৰতিবাদ (AASU's protest in Chabua) ৷ আছুৰ প্ৰতিবাদ দেখি খেলপথাৰৰ পৰাই বেৰিকেড পাৰ হৈ উভতিল চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা ৷

মৰাণ, 30 ডিচেম্বৰ : ডিব্ৰু কলেজত সংঘটিত হোৱা নিৰ্বাচনকেন্দ্ৰিক অবাঞ্চিত ঘটনাৰ ফলত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই জিলা ছাত্ৰ সন্থাৰ ভৱনত প্ৰৱেশ কৰি আছু কৰ্মীক প্ৰহাৰ কৰাৰ লগতে শ্বহীদ বেদীত জোতাৰে গছকি অপমান কৰা(Alleged attack on AASU workers in Dibrugarh)ৰ অভিযোগত এতিয়াও অব্যাহত আছে প্ৰতিবাদ(AASU's protest in Dibrugarh)। চাবুৱাত এইবাৰ নিশা ভলীবল খেলৰ মাজতে আছুৱে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ ইফালে, আছুৰ এই প্ৰতিবাদ দূৰৰ পৰা প্ৰত্যক্ষ কৰি খেলপথাৰৰ পৰাই বেৰিকেড পাৰ হৈ উভতিল চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা ।

খেল উপভোগ কৰাতো বাদেই মঞ্চতো প্ৰৱেশ নকৰিলে বিধায়ক পোনাকণ বৰুৱাই(MLA Ponakon Baruah) ৷ পিছে নেতা থাকক বা নাথাকক পুহমহীয়া জাৰতো দুপৰ নিশালৈকে হাজাৰ হাজাৰ ৰাইজে উপভোগ কৰিলে ভলীবল খেল । ফ্লাড লাইটৰ পোহৰত প্ৰাণ পাই উঠিল নিশাৰ খেলপথাৰ । শীতৰ আমেজ লৈ ৰাইজে উপভোগ কৰিলে খেল । উল্লেখ্য যে, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত চাবুৱাৰ চেতিয়া গাঁৱত অনুষ্ঠিত হৈছে নন্দলাল বৰগোঁহাই আন্তঃআঞ্চলিক ভলীবল প্ৰতিযোগিতা ।

আছুৰ প্ৰতিবাদ দেখি খেলপথাৰৰ পৰাই বেৰিকেড পাৰ হৈ উভতিল চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা

দুদিনীয়াকৈ অনুষ্ঠিত হোৱা দ্বিতীয়দিনা অৰ্থাৎ চূড়ান্ত খেলখনি উদ্ধোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ।

প্ৰতিযোগিতাৰ মাজতে অনুষ্ঠানত উপস্থিত থকা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা(AASU GS Sankorjyoti Baruah)ৰ লগতে উপস্থিত থকা সকলো ছাত্ৰ কৰ্মী তথা বিষয়ববীয়া সকলে এইদৰে ক’লা বেজ পৰিধান কৰি আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । আনহাতে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰক
(IPS Shwetank Mishra)দ্বিতীয়জন সুবোধ বিশ্বাস বুলি মন্তব্য কৰাৰ লগতে নিৰ্দোষী আটকাধীন ছাত্ৰ নেতা সকলক মুক্তি নিদিয়া পৰ্যন্ত ছাত্ৰ সন্থাৰ ধাৰবাহিক প্ৰতিবাদ অব্যাহত থাকিব বুলি ব্যক্ত কৰে আছুৰ সাধাৰণ সম্পাদকজনে।

লগতে পঢ়ক : Two BJP MLAs have withdrawn PSO : বিজেপিৰ দুই বিধায়কে প্ৰত্যাহাৰ কৰিছে নিজৰ PSO

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.