ETV Bharat / city

শিৱসাগৰত আধাৰ কেন্দ্ৰৰ নামত প্ৰৱঞ্চকে লুটিলে 40 লক্ষাধিক টকা

author img

By

Published : Oct 19, 2019, 6:40 PM IST

শিৱসাগৰত আধাৰ কেন্দ্ৰ প্ৰদানৰ নামত সক্ৰিয় দালাল চক্ৰ ৷ বিজেপি নেতাৰ ভনী জোঁৱাইৰ নেতৃত্বত এই চক্ৰ !

শিৱসাগৰত আধাৰ কাৰ্ডৰ নামত প্ৰৱঞ্চকে লুটিলে 40 লক্ষাধিক টকা

শিৱসাগৰ,19 অক্টোবৰ: শিৱসাগৰত আধাৰ কেন্দ্ৰ প্ৰদানৰ নামত 40 লাখ টকাৰ বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উঠিছে ৷ শিৱসাগৰ চহৰৰ ৰেডক্ৰছ ৰোড নিবাসী প্ৰণৱ দাস নামৰ ব্যক্তিজনৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ ৷

আধাৰ কেন্দ্ৰ দিয়াৰ আভুৱা ভাৰি ধন আত্মসাৎ কৰা বুলি প্ৰণৱ দাসৰ বিৰুদ্ধে ৰনজিৎ হাজৰিকা আৰু হিমাদ্ৰী চেতিয়া ফুকন নামৰ দুগৰাকী ব্যক্তিয়ে শিৱসাগৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ জিলা বিজেপি নেতাৰ সম্পৰ্কীয় হোৱাৰ সুবাদতেই অভিযুক্ত প্ৰণৱ দাসে ধন উভতাই খোজাত ভুক্তভোগীক মৰণাস্ত্ৰ দেখুৱাই হত্যাৰ ভাবুকি দিয়া বুলি জনাইছে অভিযোগকাৰীয়ে ৷ শিৱসাগৰ সদৰ আৰক্ষী থানাত ১০৩৭/ ১৯ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৪০৬/৪২০/ ৫০৬ জামিনবিহীন ধাৰাত ব্যক্তিজনৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাচতো আৰক্ষীৰ ফালৰ পৰা কোনো ব্যৱস্থা হাতত লোৱা হোৱা নাই ৷

আধাৰ কেন্দ্ৰৰ নামত 40 লক্ষাধিক টকা আত্মসাৎ কৰা ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল

উল্লেখযোগ্য যে,সংবাদ সংগ্ৰহৰ বাবে অভিযুক্ত প্ৰণৱ দাসৰ বাসগৃহলৈ যোৱাত তেওঁৰ পত্নীয়ে সাংবাদিককো এছ পি / এ এছ পিৰ নামত ভাবুকি দিয়াৰ চেষ্টা কৰা বুলি জানিব পৰা গৈছে ৷

Intro:Body:*শিৱসাগৰত আধাৰ কেন্দ্ৰ প্ৰদানৰ নামত সক্ৰিয় দালাল চক্ৰ*

Story-420_PRANAB
Ananta Smith
Sivasagar
19th October

জিলা বিজেপিৰ এছ চি কোষৰ বিয়াগোম নেতাৰ ভনী জোঁৱাইৰ নেতৃত্বত এই দালাল চক্ৰ

চহৰৰ ৰেডক্ৰছ ৰোড নিবাসী প্ৰণৱ দাস নামৰ প্ৰৱঞ্চকটোৰ নেতৃত্বত শিৱসাগৰ- চৰাইদেউ জিলাত আধাৰ কেন্দ্ৰ প্ৰদানৰ নামত ৰাইজৰ পৰা লুটিলে ৪০ লক্ষাধিক টকা

শিৱসাগৰ সদৰ আৰক্ষী থানাত প্ৰৱঞ্চক দালাল প্ৰণৱ দাসৰ বিৰোদ্ধে এজাহাৰ দাখিল প্ৰৱঞ্চিতৰ

ৰনজিৎ হাজৰিকা আৰু হিমাদ্ৰী চেতিয়া ফুকন নামৰ দুগৰাকী ব্যক্তিয়ে প্ৰণৱ দাসৰ বিৰোদ্ধে দাখিল কৰিছে এজাহাৰ

ব্যক্তি দুগৰাকীৰ পৰা আধাৰ কেন্দ্ৰ দিয়াৰ আভুৱা ভাৰি প্ৰৱঞ্চক প্ৰণৱ দাসে ৭ লাখ টকা লুটাৰ অভিযোগ এজাহাৰত

ধন বিচাৰিলে দালালটোৱে পিষ্টল দেখুৱাই হত্যা কৰাৰ ভাবুকি দিয়াৰ অভিযোগ ৰণজিৎ হাজৰিকা আৰু হিমাদ্ৰী চেতিয়া ফুকনৰ

শিৱসাগৰ সদৰ আৰক্ষী থানাত ১০৩৭/ ১৯ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৪০৬/৪২০/ ৫০৬ জামিনবিহীন ধাৰাত গোচৰ ৰুজু দালাল প্ৰণৱ দাসৰ বিৰুদ্ধে

Bite1-ভুক্তভোগী পুৰুষ

জিলা বিজেপিৰ নেতাৰ ভনী জোঁৱাই হোৱাৰ বাবেই বৰ্তমানো প্ৰণৱ দাসৰ বিৰুদ্ধে একো ব্যৱস্থাই লবলৈ সাহস নহল শিৱসাগৰ আৰক্ষীৰ

Bite2-ভুক্তভোগী মহিলা

উল্লেখযোগ্য যে সংবাদ সংগ্ৰহৰ বাবে দালাল প্ৰণৱ দাসৰ বাসগৃহলৈ যোৱা সাংবাদিককো এছ পি / এ এছ পিৰ নামত ভাবুকি দিয়াৰ প্ৰচেষ্টা দালাল প্ৰণৱ দাসৰ পত্নীৰConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.