আব্দুল গণিৰ মৃত্যুৰ উচিত তদন্তৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ স্থানীয় লোকৰ

author img

By

Published : Sep 7, 2021, 6:31 PM IST

National Highway blocked by locals demanding a proper probe into Abdul Gani's death

এক সন্দেহজনক পথ দুৰ্ঘটনাত নিহত হৈছিল ৰাইজৰ দলৰ কৰ্মী শিৱসাগৰৰ আব্দুল গণি ৷ পৰিয়ালৰ লোকৰ অভিযোগ- এইয়া দুৰ্ঘটনা নহয়, হত্যাকাণ্ডহে ৷ ঘটনাৰ তদন্তত শিৱসাগৰ আৰক্ষীয়ে গাফিলতি কৰাৰ অভিযোগ স্থানীয় লোকৰ ৷

শিৱসাগৰ. 7 ছেপ্টেম্বৰ : ৰাইজৰ দলৰ নেতা তথা শিৱসাগৰ নগৰৰ সমীপৱৰ্তী বনিয়াবাৰী নিবাসী যুৱক আব্দুল গণিৰ মৃত্যুৰ প্ৰকৃত ৰহস্য উদ্ঘাটন কৰাৰ লগতে উচিত ন্যায় প্ৰদানৰ দাবীত মঙলবাৰে বণিয়াবাৰীৰ ৰাইজে প্ৰতিবাদী কাৰ্যসূচীৰে উত্তপ্ত কৰি তোলে শিৱসাগৰ । বণিয়াবাৰীৰ ৰাইজে জেঙনিকটিয়া প্ৰগতি চাৰিআলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি এই মৃত্যুক এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰি নিৰপেক্ষ তদন্ত কৰাৰ দাবী তোলে ।

উল্লেখ্য যে, ৩০ আগষ্টৰ নিশা এক ৰহস্যজনক দুৰ্ঘটনাত মৃত্যু হৈছিল আব্দুল গণিৰ । গণিৰ মৃত্যু প্ৰথমে পথ দুৰ্ঘটনাত হোৱা বুলি সন্দেহ কৰা হৈছিল যদিও পিছত পৰিয়ালে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ তুলি শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছিল ।

শিৱসাগৰ আৰক্ষীয়ে ইয়াৰ পাছতেই ঘটনাৰ তদন্ত কৰি এই দুৰ্ঘটনাটোত জড়িত বাহনখন চিনাক্ত কৰি বাঢ়ৈটিং অঞ্চলৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় ৷ বাঢ়ৈ টিঙৰ সুৰজিত শইকীয়া নামৰ যুৱকজনৰ নিজ বাসগৃহত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা চুইফট গাড়ী খনৰ নম্বৰ হৈছে AS O4 Q 9155 নম্বৰৰ ৷

আব্দুল গণিৰ মৃত্যুৰ উচিত তদন্তৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজে বাৰম্বাৰ আৰক্ষীক এই ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত কৰিবলৈ দাবী উঠাই আহিছে যদিও আৰক্ষীয়ে তদন্তত গাফিলতি কৰাৰ অভিযোগ কৰিছে ৰাইজে । ৰাইজৰ অভিযোগ এই মৃত্যুক এক দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে শিৱসাগৰ আৰক্ষীয়ে । বণিয়াবাৰী অঞ্চলৰ স্থানীয় লোকে 5 ছেপ্টেম্বৰৰ দিনা গণি হত্যাৰ ন্যায় দাবীত শিৱসাগৰ সদৰ থানা ঘেৰাও কৰিছিল ৷ ইয়াৰ পাছত মঙলবাৰে স্থানীয় লোকে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি এই ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী তোলে ।

লগতে পঢ়ক : অৱশেষত আৰক্ষীৰ হাতত পৰিল আব্দুল গণিৰ সন্দেহজনক পথ দুৰ্ঘটনাৰ চালক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.