ETV Bharat / city

4 বছৰে নিৰ্মাণ অসম্পূৰ্ণ আমগুৰিৰ এখন দলঙৰ

author img

By

Published : Aug 14, 2021, 1:32 PM IST

4 বছৰে নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠা আমগুৰি সমষ্টিৰ এখন বিশেষ দলং ৷ দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰাত সদিচ্ছা নাই বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাৰ ৷ এই অভিযোগ গাঁৱবাসীৰ ৷

inconsistency in a bridge building
দলং নিৰ্মাণত বিসংগতি

আমগুৰি, 14 আগষ্ট : এখন বিশেষ দলং ৷ বিগত চাৰি বছৰে নিৰ্মাণ হোৱা নাই দলংখন ৷ যাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত যমৰ-যাতনা ভোগ কৰিবলগাত পৰিছে অঞ্চলবাসী ৷

এই বিশেষ দলংখন আছে আমগুৰি সমষ্টিত ৷ ৰাইজৰ অভিযোগ বিধায়ক প্ৰদীপ হাজৰিকাই দায়িত্ব লৈ যোৱা চাৰি বছৰে নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰিলে দলংখনৰ । আমগুৰিৰ চাৰিখনকৈ গাঁৱৰ ৰাইজক অন্ধকাৰত ৰাখি চৰকাৰী ধনৰ বৃহৎ অপব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন কৰিছে গঞা ৰাইজে । ফলত আমগুৰিত যাতায়াতৰ নামত দুৰ্ভোগ ভুগিছে চাৰিখনকৈ গাঁৱৰ জনসাধাৰণে ।

সমষ্টিটোৰ চামগুৰি, মাউৎ, ৰজাবাম, কৈৱৰ্ত গাঁৱৰ লোকসকলৰ যাতায়াতৰ পথচোৱাত হেঙাৰ হৈ থিয় দিছে চেলা নদীয়ে । যাতায়াতৰ ক্ষেত্ৰত এতিয়া বহু সমস্যাৰ সৃষ্টি হৈছে অঞ্চলটোত ৷ ২০১৭ চনত বিধায়ক প্ৰদীপ হাজৰিকাই চেলা নদীৰ ওপৰত স্থায়ী দলং নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল ।

4 বছৰে নিৰ্মাণ অসম্পূৰ্ণ আমগুৰি সমষ্টিৰ এখন দলং

গুৰুত্বপূৰ্ণ কথা এয়ে যে, বিগত চাৰিটা বছৰে নিৰ্মাণ সম্পূৰ্ণ নোহোৱা চামগুৰিৰ ৰজাবাম আৰু মাউত গাঁও সংযোগী এইখনে একমাত্ৰ দলং ৷ আমগুৰি সমষ্টিৰ বৰাহীবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত এই দলংখন বিধায়ক প্ৰদীপ হাজৰিকাৰ তত্বাৱধানত নিৰ্মাণ কৰা হৈছিল ৷ বৰ্তমান প্ৰায় 80 % কাম সম্পূৰ্ণ হৈছে এই দলংখনৰ ৷ কিন্তু বাকী অংশৰ কাম সম্পূৰ্ণ হৈ নুঠাত যমৰ-যাতনা ভোগ কৰিছে গঞা ৰাইজে ৷

ৰাইজৰ অভিযোগ, খোজকাঢ়ি বা দুচকীয়া বাহন কোনোমতে চলাচল কৰাৰ বাহিৰে চাৰিচকীয়া বাহন পাৰ কৰিব নোৱাৰে দলংখনেৰে । যাৰ বাবে চিকিৎসাজনিত সমস্যা হ'লে যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হয় স্থানীয় বাসিন্দাই । সেয়ে স্থানীয় বিধায়কগৰাকীক অতি সোনকালে দলংখন সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে ৰাইজে ।

inconsistency in a bridge building
দলং নিৰ্মাণত বিসংগতি

তাৰোপৰি সঠিকভাৱে গাৰ্ড ৱাল নিৰ্মাণ নকৰাৰ ফলত দলংখনৰ দুয়োটা মূৰত থকা পথৰ মাটি এজাক বৰষুণতে খহি যায় । এইক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ কৰা নাই স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাই ৷ এই দলংখনৰ নিৰ্মাণকাৰ্য অতি শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছে কেইবাটাও দল-সংগঠনৰ লগতে আঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক: মূল্যবৃদ্ধিৰ বিৰুদ্ধে নাৰায়ণপুৰত আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.