ETV Bharat / city

শিৱসাগৰত আলফাত যোগদান কৰিবলৈ যোৱা চাৰি যুৱকক আটক

author img

By

Published : Oct 14, 2021, 8:35 PM IST

কিছুদিন পূৰ্ৱে চৰাইদেউ জিলাত কেইবাজনো যুৱক আলফাত যোগদান কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিছিল ৷ এইবাৰ শিৱসাগৰত আটক হৈছে চাৰি যুৱক ৷

শিৱসাগৰত আলফাত যোগদান কৰিবলৈ আহি পুনৰ চাৰি যুৱক আটক
শিৱসাগৰত আলফাত যোগদান কৰিবলৈ আহি পুনৰ চাৰি যুৱক আটক

শিৱসাগৰ, 14 অক্টোবৰ : আলফা (স্বা)ত যোগদান কৰিবলৈ আহি পুনৰ আৰক্ষীৰ জালত পৰিল চাৰিজন যুৱক । ১২ নং আছাম ৰাইফলছে লাভ কৰা গোপন সূত্ৰৰ ভিত্তিত আছাম ৰাইফলছ আৰু শিৱসাগৰ আৰক্ষীৰ যুটীয়াভাৱে অভিযান চলাই আটক কৰে যুৱককেইজনক ।

শিৱসাগৰত আলফাত যোগদান কৰিবলৈ আহি পুনৰ চাৰি যুৱক আটক
শিৱসাগৰত আলফাত যোগদান কৰিবলৈ আহি পুনৰ চাৰি যুৱক আটক

আটকাধীন যুৱকজনৰ নাম হৈছে ডিব্ৰুগড়ৰ কুলদ্বীপ গগৈ (২৪), নলবাৰীৰ ত্ৰিদীপ ৰাজবংশী(২৪), কামৰূপৰ দিপু ডেকা(২৫) আৰু ডিব্ৰুগড়ৰ টুলটুল বাগলী(২৫)। উল্লেখযোগ্য যে, বিগত কেইটামান দিনত আছাম ৰাইফলছ আৰু আৰক্ষীৰ যুটীয়া অভিযানত চৰাইদেউ জিলাৰ সোণাৰিত অসম-নগালেণ্ড সীমান্তৰ নামতোলা হৈ ম্যানমাৰস্থিত আলফা স্বাধীনৰ শিবিৰলৈ ৰাওনা হোৱা বহু কেইজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছিল ।

শিৱসাগৰত আলফাত যোগদান কৰিবলৈ আহি পুনৰ চাৰি যুৱক আটক
শিৱসাগৰত আলফাত যোগদান কৰিবলৈ আহি পুনৰ চাৰি যুৱক আটক

ইফালে এইসকল যুৱকক আলফা স্বাধীনত যোগদান কৰিবলৈ সংগঠনটোৰ নেতা আইচেং অসমে ভুৱা ফেচবুক একাউণ্টৰ জৰিয়তে যোগাযোগ কৰিছিল বুলি জানিব পৰা গৈছিল ।

শিৱসাগৰত আলফাত যোগদান কৰিবলৈ আহি পুনৰ চাৰি যুৱক আটক
শিৱসাগৰত আলফাত যোগদান কৰিবলৈ আহি পুনৰ চাৰি যুৱক আটক

মনকৰিবলগীয়া যে, কিছুদিন পূৰ্ৱে চৰাইদেউ জিলাটো কেইবাজনো যুৱক আলফাত যোগদান কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিছিল ৷ সম্প্ৰতি উজনি অসমত এনেদৰে আলফাত যোগদান কৰিবলৈ যোৱা যুৱকৰ সংখ্যা বৃদ্ধি পোৱাৰ ঘটনাই সচেতন মহলক চিন্তিত কৰি তুলিছে ৷

শিৱসাগৰত আলফাত যোগদান কৰিবলৈ আহি পুনৰ চাৰি যুৱক আটক
শিৱসাগৰত আলফাত যোগদান কৰিবলৈ আহি পুনৰ চাৰি যুৱক আটক

লগতে পঢ়কঃ বৰপেটাত অসম গণ পৰিষদৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.