ETV Bharat / city

এহেজাৰ টকা বিদ্যুতৰ বিল অহাৰ বাবেই গুৰুলা-গুৰুলকৈ প্ৰহাৰ হিতেশ্বৰ শইকীয়াক

author img

By

Published : Jun 9, 2022, 9:37 PM IST

ASEB employee beaten by consumer
ASEB employee beaten by consumer

১০০০ টকা বিদ্যুতৰ বিল অহাৰ বাবেই গুৰুলা-গুৰুলকৈ প্ৰহাৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক ৷ শিৱসাগৰৰ হালোৱাটিঙত সংঘটিত হৈছে এই ঘটনা (ASEB employee beaten by consumer)৷

আমগুৰি, ৯ জুন: শিৱসাগৰৰ হালোৱাটিঙত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক গুৰুলা-গুৰুলকৈ প্ৰহাৰ (ASEB employee beaten by consumer) ৷ আমগুৰি বৈদ্যুতিক উপসংমণ্ডল বিভাগৰ কৰ্মচাৰীক প্ৰহাৰ কৰে এজন লোকে ৷ বৰছিলাৰ পোনা গগৈ(হেমন্ত) নামৰ ব্যক্তিজনৰ ঘৰত সংঘটিত হৈছে এই ঘটনা ৷ ১০০০ টকা বিদ্যুতৰ বিল অহাৰ বাবেই গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিলে হিতেশ্বৰ শইকীয়া নামৰ মিটাৰ ৰিডাৰজনক (Meter reader beaten by consumer)৷

পোনা গগৈৰ বাসগৃহত বিদ্যুতৰ বিল দিবলৈ যাওঁতেই হিতেশ্বৰ শইকীয়া নামৰ মিটাৰ ৰিডাৰজনক ইটাৰে প্ৰহাৰ কৰাৰ লগতে উপৰ্যুপৰি ঘুঁচিয়াই পোনা গগৈয়ে ৷ ঘটনাৰ পিছতে হালোৱাটিং আৰক্ষীৰ এটা দল বৰছিলাৰ পোনা গগৈৰ বাসগৃহত উপস্থিত হৈ মিটাৰ ৰিডাৰ হিতেশ্বৰ শইকীয়াক উদ্ধাৰ কৰে ৷

এহেজাৰ টকা বিদ্যুতৰ বিল অহাৰ বাবেই গুৰুলা-গুৰুলকৈ প্ৰহাৰ হিতেশ্বৰ শইকীয়াক

মুখমণ্ডল, হাত আৰু ভৰিত আঘাতপ্ৰাপ্ত হৈছে হিতেশ্বৰ শইকীয়া ৷ আনহাতে, অভিযুক্ত পোনা গগৈও মুখমণ্ডলত আঘাতপ্ৰাপ্ত হয় ।

ঘটনাৰ পিছত হালোৱাটিং আৰক্ষীয়ে মিটাৰ ৰিডাৰ হিতেশ্বৰ শইকীয়া আৰু অভিযুক্ত পোনা গগৈক আমগুৰি চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰোৱাই যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে জয়সাগৰলৈ প্ৰেৰণ কৰে । ইতিমধ্যে ঘটনা সন্দৰ্ভত আমগুৰি বিদ্যুৎ বিভাগে অভিযুক্ত পোনা গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ।

লগতে পঢ়ক: নতুন ৰূপত মন্ত্ৰীসভা: কোনে পালে কি দপ্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.