শিৱসাগৰত উদযাপন ঐক্য সেনাৰ প্ৰতিষ্ঠা দিৱস

author img

By

Published : Sep 5, 2021, 9:00 AM IST

akyo sena celebration of foundation_

শিৱসাগৰত উদযাপন ঐক্য সেনা অসমৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ৷ প্ৰতিষ্ঠা দিৱসৰ এই কাৰ্যসূচীতে সত্ৰীয়া সংস্কৃতিৰ সাধক, সত্ৰাধিকাৰ লীলাকান্ত মহন্তক প্ৰদান কৰ্মশ্ৰী বঁটা ৷

শিৱসাগৰ, 5 ছেপ্তেম্বৰ : শনিবাৰে উদযাপন কৰা হয় ঐক্য সেনা অসমৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ৷ শিৱসাগৰ নগৰৰ সমীপৰ ডঃ ভূপেন হাজৰিকা বিবাহ ভৱন আৰু কালচাৰেল হলত অনুষ্ঠিত কৰা হয় ঐক্য সেনা অসমৰ প্ৰতিষ্ঠা দিৱস ৷ ঐক্য সেনা অসম কেন্দ্ৰীয় সমিতিৰ উদ্যোগত শিৱসাগৰ জিলা সমিতিৰ সহযোগত সংগঠনটোৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ।

ঐক্য সেনাৰ প্ৰতিষ্ঠা দিৱস

সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ফৰিদ ইছলাম হাজৰিকাই পতাকা উত্তোলন কৰে আৰু জিলা সভাপতি বাবলু বেনেটে শ্বহীদ তৰ্পণ কৰাৰ পাচতে অনুষ্ঠিত কৰা হয় অনুষ্ঠানৰ মূল কাৰ্যসূচী ৷ সমদল গীত আৰু দিহা নামৰ শিল্পী কমলা গগৈৰ দিহা নাম পৰিৱেশনৰে শুভাৰম্ভ কৰা হয় মুকলি সভাখনৰ ৷

এই সভাখন উদ্বোধন কৰে উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মণিৰুল ইছলাম বৰাই । তেওঁ ঐক্য সেনা অসমক অসমৰ জাতীয় ভাৱাপন্ন দল-সংগঠনক একত্ৰিত কৰি জাতীয় সংগ্ৰামক ঐক্যবদ্ধ কৰাৰ লগতে সকলোকে লৈ এখনি ঘূৰণীয়া মেজমেল পাতিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: নৱম আৰু দশম শ্ৰেণীৰ প্ৰতিটো বিষয়ৰ পাঠ্যক্ৰম 40 শতাংশলৈ হ্ৰাস

মুকলি সভাৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা ‘‘ড্ৰাগছ আসক্ত : অসমৰ নৱপ্ৰজন্ম’’ শীৰ্ষক বিষয়ত এক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই শীৰ্ষক বিষয়ৰ ওপৰত আহোম সেনাৰ সেনাধ্য়ক্ষ অংকুৰণ ফুকন, আটাছুৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি বসন্ত গগৈ, জাগৃতি মহিলা সমিতিৰ সভানেত্ৰী পদ্মা চেতিয়া, গোলাঘাট জিলা সমিতিৰ সম্পাদক তৌফিক আহমেদ, হোজাই জিলা সমিতিৰ সম্পাদক মিৰ্জানুৰ ৰহমানে বক্তৃতা ৰাখে ।

akyo sena celebration of foundation_
শিৱসাগৰত উদযাপন ঐক্য সেনাৰ প্ৰতিষ্ঠা দিৱস

নবীউৰ ৰহমানে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট ব্যৱসায়ী ৰফিকুল হাজৰিকা, ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হোৱা যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰী ফৰহিন আহমেদ, উদীয়মান খেলুৱৈ ৰেহান আহমেদক বিশেষভাৱে সম্বৰ্ধনা-অভিনন্দন জ্ঞাপন কৰা হয় । ঐক্য সেনাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এইবাৰ ‘‘কৰ্মশ্ৰী বঁটা’’ প্ৰদান কৰে অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি তথা শ্ৰীশ্ৰী বৰখাতপাৰ সত্ৰৰ সত্ৰাধিকাৰ লীলাকান্ত মহন্তক ।

লগতে পঢ়ক: বাঙালী ফেডাৰেশ্বনৰ বিৰুদ্ধে মাণিকপুৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদ

সত্ৰাধিকাৰ বাসগৃহত উপস্থিত হৈ সংগঠনৰ কৰ্মকৰ্তাসকলে তেওঁক চেলেং চাদৰ, গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনায় । উল্লেখ্য যে, সত্ৰীয়া সংস্কৃতিৰ সাধকগৰাকীয়ে সত্ৰীয়া সংস্কৃতিৰ উত্তৰণৰ বাবে নিৰৱচ্ছিন্নভাৱে সেৱা আগবঢ়াই থকাৰ লগতে তেওঁৰ কাপৰ পৰা সৃষ্টি হৈছে ভাগৱত ৰসামৃত, ভক্তি ৰত্নমালাৰ দৰে বহুকেইখন অমূল্য গ্ৰন্থ ।

ইয়াৰ উপৰিও পঞ্চাশৰো অধিক প্ৰৱন্ধ, বহুকেইখন অংকীয়া নাট, শিশু নাট ছাত্ৰ-ছাত্ৰীৰ বাবে বহুকেইখন সাঁচিপতীয়া পুথি ৰচনা কৰি অসমীয়া সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়াই আহিছে অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি তথা শ্ৰীশ্ৰীবৰখাতপাৰ সত্ৰৰ সত্ৰাধিকাৰগৰাকীয়ে ৷ যাৰ বাবে এনে সন্মান প্ৰদান কৰাত সকলোৱে ঐক্য সেনা অসমক প্ৰশংসা কৰিছে ৷

লগতে পঢ়ক: লংকাত শৃংখল চলিহাৰ প্ৰসংগক লৈ দুই ফৈদৰ প্ৰচণ্ড মাৰপিট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.