বাঙালী ফেডাৰেশ্বনৰ বিৰুদ্ধে মাণিকপুৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদ

author img

By

Published : Sep 4, 2021, 10:32 PM IST

বাঙালী ফেডাৰেশ্বনৰ বিৰুদ্ধে মাণিকপুৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদ

বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ ওপৰত বাঙালী ফেডাৰেশ্বন নামৰ সংগঠনটোৱে এজাৰ দাখিল কৰাৰ বিৰুদ্ধে জাঙুৰ খাই পৰিছে বীৰ লাচিত সেনাৰ মাণিকপুৰ আঞ্চলিক সমিতি ৷

মাণিকপুৰ, 4 ছেপ্তেম্বৰ: শৃংখল চলিহাৰ বিৰুদ্ধে বাঙালী সংগঠনে দিয়া এজাহাৰ প্ৰত্যাহাৰ কৰাৰ দাবীত শনিবাৰে বঙাইগাঁও জিলাৰ মাণিকপুৰ 31নং ৰাষ্ট্ৰীয় ঘাইপথত বীৰ লাচিত সেনাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

উল্লেখযোগ্য যে, বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ ওপৰত বাঙালী ফেডাৰেশ্বন নামৰ সংগঠনটোৱে এজাৰ দাখিল কৰাৰ বিৰুদ্ধে জাঙুৰ খাই পৰিছে বীৰ লাচিত সেনাৰ মানিকপুৰ আঞ্চলিক সমিতি ৷

শনিবাৰে মাণিকপুৰৰ মাজ মজিয়াত বীৰ লাচিত সেনাৰ মাণিকপুৰ আঞ্চিলক সমিতিৰ সভাপতি জীতেন্দ্ৰ কলিতা আৰু ছফিৰুদ্দিন আহমেদ বাঙালী ফেডাৰেশ্বনৰ সভাপতি,সম্পাদৰ বিৰুদ্ধে সুচ্ছাৰ হৈ পৰে ৷

বাঙালী ফেডাৰেশ্বনৰ বিৰুদ্ধে মাণিকপুৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদ

লগতে প্ৰতিবাদকাৰী সকলে বাঙালী ফেডাৰেশ্বন হুচিয়াৰ, দীপক দে মুৰ্দাবাদ, প্ৰদীপ দত্ত ৰায় হুচীয়াৰ আদি বিভিন্ন শ্ল’গান দি প্ৰতিবাদস্থলী উত্তাল কৰি তুলে ৷

বীৰ লাচিত সেনাৰ মাণিকপুৰ আঞ্চলিক সমিতিয়ে দাবী জনাই, অতি শীঘ্ৰে শৃংখল চলিহাৰ বিৰুদ্ধে দিয়া গোচৰ উঠাই নললে বীৰ লাচিত সেনাই সংগঠনটোৰ বিৰুদ্ধে সমগ্ৰ অসমতে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব ৷

ইফালে তাৰ মাজতে বাঙালী সংগঠনক কঠোৰ সকীয়নি মটক ছাত্ৰ সন্থাৰ উপদেষ্টা যুগল বৰুৱাৰ । বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ ওপৰত বাঙালী সংগঠনে এজাহাৰ দাখিল কৰি যি ভয় দেখুৱাইছে, তাক কেতিয়াও মানি লোৱা নহ'ব বুলি কয় মটক ছাত্ৰ সন্থাৰ উপদেষ্টা গৰাকীয়ে । লগতে তথাকথিত বাঙালী সংগঠনটোৱে অসমীয়া জাতিৰ ওচৰত হেয় প্ৰতিপন্নহে হ'ব বুলি কয় নেতা গৰাকীয়ে ।

লগতে পঢ়কঃ হোজাইত মেট্ৰিকৰ চাৰ্টিফিকেট দিয়াৰ নামত শিক্ষাৰ্থীৰ পৰা ধন সংগ্ৰহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.