হোজাইত মেট্ৰিকৰ চাৰ্টিফিকেট দিয়াৰ নামত শিক্ষাৰ্থীৰ পৰা ধন সংগ্ৰহ

By

Published : Sep 4, 2021, 9:12 PM IST

thumbnail

হোজাই জিলা লংকাৰ এখন বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চাৰ্টিফিকেট দিয়াৰ নামত শিক্ষাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ লগতে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এটা বিশেষ ভিডিঅ' ৷ হোজাই জিলাৰ লংকা তিনিআলিস্থিত মৌলানা আব্দুল হান্নান খান নামৰ হাইস্কুল খনত এই জালিয়াতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ মতে, চাৰ্টিফিকেট দিয়াৰ নামত শিক্ষাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰে বিদ্যালয়খনৰ কৰ্তৃপক্ষই ৷ ইতিমধ্যে চাৰ্টিফিকেটৰ নামত ধন লোৱা ভিডিঅ' ভাইৰেল হৈছে ছচিয়েল মিডিয়াত ৷ স্থানীয় সচেতন ৰাইজে জনোৱা অনুসৰি, বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে চতুৰ্থবৰ্গৰ কৰ্মচাৰীৰ হতোৱাই শিক্ষাৰ্থীক চাৰ্টিফিকেট দিয়াৰ বিপৰীতে সংগ্ৰহ কৰিছে ধন ৷ আনহাতে উক্ত ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে উদালী আৰক্ষী চকীত এখন এজাহাৰো দাখিল কৰিছে ৷

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.