লংকাত শৃংখল চলিহাৰ প্ৰসংগক লৈ দুই ফৈদৰ প্ৰচণ্ড মাৰপিট

author img

By

Published : Sep 4, 2021, 10:48 PM IST

conflict-between-two-group-over-the-issue-of-sringkhal-chaliha-at-hojai

বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চলিহাক সমৰ্থন কৰা নকৰা বিষয়ক লৈ হোজাই জিলাৰ লংকাৰ পিপলপুখুৰীত দুই পক্ষৰ মাজত সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা ৷ ঘটনাত আহত হৈছে দুজন ককাই-ভাই ৷

হোজাই,4 ছেপ্টেম্ব: হোজাই জিলাৰ লংকাৰ পিপলপুখুৰীত শৃংখল চলিহাৰ প্ৰসংগক লৈ দুই ফৈদৰ মাজত মাৰপিট ৷ মা কালী হোটেলৰ সম্মুখত সূত্ৰপাত হয় এই কাজিয়াৰ ৷ পৰস্পৰে পৰস্পৰক আক্ৰমণ কৰাত আহত দুই পক্ষৰ কেইবাজনো লোক ৷ ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা উদালিৰ আইনুল হক আৰু ৰুহুল ইছলাম নামৰ দুজন লোকক হাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ প্ৰাপ্ত তথ্য মতে উক্ত ঘটনাক কেন্দ্ৰ কৰি ভাঙি লণ্ডভণ্ড কৰা হৈছে ৰুহুল ইছলামৰ AS-01EL-6649 নম্বৰৰ বিলাসী গাড়ীখনো ৷

উল্লেখ্য যে, ঘটনাত আনটো পক্ষ অৰ্থাৎ মা কালি হোটেলৰ মালিক নয়ন সহ আহত হয় আন কেইবাজনো লোক ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে সমগ্ৰ ঘটনাৰ বুজ লয় ৷ ঘটনাত আঘাতপ্ৰাপ্ত হোৱা আইনুল হক আৰু ৰুহুল ইছলামে জনোৱা মতে মা-কালী হোটেলৰ স্বতাধিকাৰী নয়ন নামৰ যুৱকজনে কোনা কাৰণ নোহোৱাকৈ প্ৰথমে জাতিত ধৰি গালি-গালাজ কৰে ভাতৃদ্বয়ক ৷

লংকাত শৃংখল চলিহাৰ প্ৰসংগক লৈ দুই ফৈদৰ প্ৰচণ্ড মাৰপিট

তাৰ পাছতে, তঁহতে শৃংখল চলিকাক সমৰ্থন কৰ নেকিঠ বুলি প্ৰশ্ন উত্থাপন কৰি দুয়োকে মাৰপিট কৰে ৷ আহত ভাতৃদ্বয়ে জনোৱা মতে, মা কালি হোটেলৰ মালিক নয়ন নামৰ যুৱকজন এজন বেংগলী সম্প্ৰদায়ৰ লোক ৷ একমাত্ৰ চিলতীয়া ভাষা কোৱাৰ বাবেই দুয়ো ভাতৃকে নয়ন নামৰ যুৱকজন তথা তেঁওৰ সহযোগী সকলে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব প্ৰকৃততে দুয়ো পক্ষৰ মাজত কি হৈছিল ৷ বৰ্তমান সময়ত আহত দুই ভাৃতৃয়ে স্পষ্টকৈ জনোৱা মতে, একমাত্ৰ চিলতীয়া ভাষা কোৱা আৰু মুছলমান হোৱাৰ বাবেই তেঁওলোক এনেদৰে আক্ৰমণৰ বলি হবলগীয়া হয় ৷

লগতে পঢ়কঃ বাঙালী সংগঠনক কঠোৰ সকীয়নি মটক ছাত্ৰ সন্থাৰ উপদেষ্টা যুগল বৰুৱাৰ

উল্লেখ্য যে, শেহতীয়াকৈ বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চলিহাই বেংগলী সম্প্ৰদায়ৰ বিৰুদ্ধে কৰা কিছু বিৰূপ মন্তব্যই বেংগলী সম্প্ৰদায়ৰ মাজত ক্ষোভৰ জুই জ্বলোৱা পৰিলক্ষিত হৈছে ৷ আনকি শৃংখল চলিহাৰ লগতে বীৰ লাচিত সেনাৰ বিৰুদ্ধে অসমৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে বঙালী সংগঠনসমূহে । ইয়াৰ মাজতে হোজাইত সংঘটিত হোৱা ঘটনাই পুনৰ এই বিষয়টোক অধিক প্ৰাসংগিক কৰি তুলিছে ৷

এই সন্দৰ্ভত অসম চৰকাৰ তথা অসম আৰক্ষীয়ে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ'ব ৷

লগতে পঢ়কঃ কাগজ কলৰ কৰ্মচাৰীৰ কথা ৰাজ্য চৰকাৰে নভবা নহয়: মন্ত্ৰী পীযুষ হাজৰীকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.