ETV Bharat / city

নলবাৰীৰ গোৱাৰাদলত অগ্নিকাণ্ড

author img

By

Published : Jul 3, 2022, 6:46 PM IST

Massive fire at Gobradal in Nalbari
নলবাৰীৰ গোৱাৰাদলত অগ্নিকাণ্ডৰ ঘটনা

নলবাৰীৰ গোৱৰাদলত দেওবাৰে এটা অগ্নিকাণ্ড সংঘটিত হয় (Massive fire at Gobradal ) । অগ্নিনিৰ্বাপক বাহিনীক ততাতৈয়াকৈ খবৰ দিয়াত নলবাৰী আৰু টিহুৰ অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ গাড়ী ঘটনাস্থলীত আহি স্থানীয় ৰাইজৰ সহযোগত জুইকুৰা নিয়ন্ত্ৰণ কৰে । অৱশ্যে এইপৰ্যন্ত এই অগ্নিকাণ্ডৰ সূত্ৰপাত কেনেকৈ হ’ল জানিব পৰা হোৱা নাই ।

নলবাৰী, 3 জুলাই: নলবাৰীৰ গোৱৰাদলত অগ্নিকাণ্ড (Massive fire at Gobradal ) । জুইত জাহ গ'ল এটা খেৰৰ মেজি ৷ দেওবাৰে নলবাৰী জিলাৰ টিহু থানাৰ অন্তৰ্গত গোৱৰাদলৰ সমিপৰ ষাঠিকুছিত মণিৰ আলী নামৰ এজন লোকৰ খেৰৰ মেজিত এই বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয় ।

ঘৰৰ সন্মুখতে গোহালিৰ লগতে লাগি থকা খেৰৰ মেজিটোত জুইৰ সূত্ৰপাত হৈ নিমিষতে জুইৰ লেলিহান শিখাই চাৰিওফালে আগুৰি ধৰে (Fire breaks out in Nalbari)। লগে লগে পৰিয়ালৰ লোকে জুই দেখা পাই হুৱাদুৱা লগোৱাত সাংবাদিক শৈলেন বৰ্মন আৰু স্থানীয়লোকৰ তৎপৰতাত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ।

নলবাৰীৰ গোৱাৰাদলত অগ্নিকাণ্ডৰ ঘটনা

সাংবাদিক শৈলেন বৰ্মনে ঘটনাস্থলীত উপস্থিত হৈয়েই অগ্নিনিৰ্বাপক বাহিনীক ততাতৈয়াকৈ খবৰ দিয়াত নলবাৰী আৰু টিহুৰ অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ গাড়ী ঘটনাস্থলীত আহি স্থানীয় ৰাইজৰ সহযোগত জুইকুৰা নিয়ন্ত্ৰণ কৰে । পৰৱৰ্তী সময়ত টিহু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত কিমান ক্ষয় ক্ষতি হ’ল তাৰ বুজ লয় । অৱশ্যে এই পৰ্যন্ত এই অগ্নিকাণ্ডৰ সূত্ৰপাত কেনেকৈ হ’ল জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক: Erosion in Bongaigaon: তিনি শতাধিক পৰিয়ালৰ বাসগৃহ নৈৰ বুকুত বিলীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.