ETV Bharat / city

Vovinam Martial Art Championship: সোণৰ পদকৰে উজলিল নলবাৰীৰ দীপামণি কলিতা

author img

By

Published : Aug 1, 2022, 8:38 PM IST

Vovinam চেম্পিয়নশ্বিপত প্ৰতিদ্বন্দিতা কৰি সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে দীপামণি কলিতা (Vovinam Martial Art Championship) । নেহৰু ষ্টেডিয়ামত ৩০ জুলাইত অনুষ্ঠিত হৈ যায় চতুৰ্থ বাৰ্ষিক Vovinam চেম্পিয়নশ্বিপ-২০২২ (Vovinam martial art championship held at Guwahati) ৷

Vovinam Martial Art Championship
সোণৰ পদকৰে উজলিল নলবাৰীৰ দীপামণি কলিতা

নলবাৰী, 1 আগষ্ট: গুৱাহাটীত অনুষ্ঠিত Vovinam চেম্পিয়নশ্বিপত প্ৰতিদ্বন্দিতা কৰি সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে দীপামণি কলিতা (Vovinam Martial Art Championship) । মহানগৰীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত চতুৰ্থ বাৰ্ষিক Vovinam চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি সোণৰ পদক আনিবলৈ সক্ষম হয় নলবাৰীৰ বৰভাগৰ মৌৰাৰ যুৱতী দীপামণি কলিতাই ।

সোণৰ পদকৰে উজলিল নলবাৰীৰ দীপামণি কলিতা

Vovinam এছ'ছিয়েচন অৱ ইণ্ডিয়া আৰু এছিয়ান Vovinam ফেডাৰেচনৰ উদ্যোগত নেহৰু ষ্টেডিয়ামত ৩০ জুলাইত অনুষ্ঠিত হৈ যায় চতুৰ্থ বাৰ্ষিক Vovinam চেম্পিয়নশ্বিপ-২০২২ (Vovinam martial art championship held at Guwahati) ৷ প্ৰতিযোগিতাখনত এই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হয় দীপামণি কলিতাই । প্ৰতিযোগিতাখনত দীপামণিয়ে প্ৰতিনিধিত্ব কৰিছিল গোলাঘাট জিলাক ।

দীপামণি বৰভাগ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰী । ইয়াৰ পূৰ্বেও দীপামণিয়ে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন খেলত পদক আজুৰি আনিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক : CWG 2022 : ভাৰতলৈ তৃতীয়টো স্বৰ্ণ পদক আজুৰিলে ভাৰোত্তোলক অচিন্ত শ্বেউলীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.