ETV Bharat / city

AJYCP Protest to repeal CAA : আকৌ মূৰ দাঙি উঠিছে স্তিমিত কা বিৰোধী আন্দোলনে

author img

By

Published : Dec 15, 2021, 8:33 PM IST

পুনৰ উকমুকনি উঠিছে ‘কা’ আন্দোলনৰ ৷ আকৌ ‘কা’ নমনাৰ হুংকাৰ ৷ ৰাজ্যজুৰি ‘কা’ বিৰোধী আন্দোলন AJYCP ৰ (AJYCP protest against CAA in Assam) ৷ সমস্বৰে দিলে চৰকাৰ বিৰোধী শ্ল’গান ৷ নাগৰিকত্ব সংশোধনী আইন(Citizenship Amendment Act 2019) বাতিল নকৰিলে বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷

AJYCP Protest to repeal CAA
AJYCP Protest to repeal CAA

নিউজ ডেস্ক, 15 ডিচেম্বৰ : 2019 চনৰ শেষ ভাগত আৰু 2020 বৰ্ষৰ আৰম্ভণিতে ৰাজ্যজুৰি জোৱাৰ উঠিছিল আন্দোলনৰ (CAA protest in Assam) ৷ কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা নাগৰিকত্ব সংশোধনী আইনৰ (Citizenship Amendment Act 2019) বিৰুদ্ধে সমগ্ৰ অসমত ওলাই আহিছিল দল-সংগঠন তথা জনতা ৷ একেমুখে সকলোৱে কৈছিল ‘কা’ আমি নামানো ৷ এই কা বিৰোধী আন্দোলনত আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল পাঁচজনে (Five lost their lives in CAA protest)৷

তাৰ পাচতো বৰলুইতৰ বুকুৱেদি বহু পানী বৈ গ’ল ৷ কিন্তু হাজাৰ বিৰোধিতা তথা প্ৰতিবাদৰ পাচতো নিজৰ স্থিতিত অটল থাকিল চৰকাৰ ৷ লাহে লাহে স্তিমিত হৈ শেষত সুপ্ত হৈ পৰিল ‘কা’ বিৰোধী আন্দোলন ৷ সেই সময়ত সকলোৱে গৰিহণা দিয়া বিজেপি চৰকাৰক পুনৰ 2021 ত অসমৰ ৰাজপাটত বহুৱালে ৰাইজে ৷ সলনি হ’ল মুখ্যমন্ত্ৰী, কিন্তু সলনি নহ’ল চৰকাৰৰ স্থিতি ৷

আকৌ মূৰ দাঙি উঠিছে স্তিমিত কা বিৰোধী আন্দোলনে

এইবাৰ পুনৰ সুপ্ত ‘কা’ বিৰোধী আন্দোলনে মূৰ দাঙি উঠিছে ৷ আন্দোলনৰ নেতৃত্ব দিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চমুকৈ এ জে ৱাই চি পিয়ে (AJYCP leads CAA protest) ৷ বুধবাৰে ৰাজ্যজুৰি দেখা গ’ল এ জে ৱাই চি পিৰ প্ৰতিবাদ ৷

লখিমপুৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত নামিল এ জে ৱাই চি পিৰ সদস্য ৷ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণাৰে পৰিবেশ উত্তাল কৰে সংগঠনটোৱে । ডিব্ৰুগড়তো দেখা গ’ল একেই পৰিস্থিতি ৷ এ জে ৱাই চি পিৰ নেতা-সদস্যৰ হাতে হাতে বেনাৰ-ফেষ্টুন লৈ ধ্বনি দিলে কা আমি নামানো, বিজেপি চৰকাৰ গ’বেক ৷ চহৰখনৰ চৌকিডিংগি খেলপথাৰৰ সমীপৰ পৰা এক বিশাল শোভাযাত্ৰা কৰি ‘কা’ৰ বিৰোধিতা কৰে সংগঠনটোৱে ৷

বিশ্বনাথ জিলা এ জে ৱাই চি পিৰ নেতা-কৰ্মীয়েও বুধবাৰে ৰূপায়ন কৰে কা বিৰোধী প্ৰতিবাদী কাৰ্যসূচী ৷ কা' আমি নামানো, মোদী চৰকাৰ মূৰ্দাবাদ বিভিন্ন শ্ল'গানেৰে বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়ৰ প্ৰাংগণত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে । নলবাৰীত ‘কা’ৰ বিৰোধিতা কৰি শীঘ্ৰে এই আইনখন বাতিল কৰাৰ দাবী তোলে এ জে ৱাই চি পিৰ সদস্যই ৷ অন্যথা পুনৰ এক বৃহৎ কা" আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ৷

কেদৰে দৰং জিলাতো দেখা গ’ল কা বিৰোধী প্ৰতিবাদৰ ঢৌ ৷ অসম চৰকাৰ হায় হায়, ভাৰত চৰকাৰ হায় হায়,আমি কা নামানো, কা বাতিল কৰক আদি শ্লোগানেৰে এ জে ৱাই চি পিৰ কৰ্মী সকলে চৰকাৰক এই আইন খন বাতিল কৰিবলৈ দাবী জনায় ৷ আকৌ জাগ্ৰত হৈ উঠিছে ক’ভিডৰ বাবে স্তিমিত হৈ পৰা কা’ আন্দোলন৷ কিন্তু এই আন্দোলন কিমান ফলপ্ৰসূ হ’ব, প্ৰতিবাদকাৰীৰ ওচৰত সেও মানিবনে চৰকাৰে, নে এটা চিঞৰ হিচাপেই ইতিহাস হ’ব কা আন্দোলন ? সেই উত্তৰ মাথো সময়ে দিব ৷

লগতে পঢ়ক : CAA বাতিলৰ দাবীত যোৰহাটত AJYCPৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.