ETV Bharat / city

শতবৰ্ষত ‘শিলঘাট অশোকাষ্টমী মেলা’

author img

By

Published : Mar 9, 2020, 4:37 AM IST

সাতদিনীয়া কাৰ্যসূচীৰে ৩১ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ এইবাৰ পালন কৰা হ’ব শিলঘাট অশোকাষ্টমী মেলাৰ বৰ্ষজোৰা শতবৰ্ষ উদযাপন ৷

শতবৰ্ষত ‘শিলঘাট অশোকাষ্টমী মেলা’
শতবৰ্ষত ‘শিলঘাট অশোকাষ্টমী মেলা’

নগাঁও, 9 মাৰ্চ: নগাঁও জিলাৰ শিলঘাটত অশোকাষ্টমী স্নানৰ সমান্তৰালকৈ অশোকাষ্টমী মেলা আৰম্ভ কেতিয়াৰ পৰা হৈছিল সেইয়া কোৱা কঠিন যদিও ১৯২১ চনৰ আগেয়ে আৰম্ভ হোৱা বুলি অনুমান কৰিব পাৰি । মেলা অনুষ্ঠিত হৈ অহা দিনৰে পৰা মেলাৰ সু-পৰিচালনাৰ বাবে একোখন পৰিচালনা সমিতি গঠন কৰা হৈছিল যদিও ১৯৩৯ চনত 'শিলঘাট অশোকাষ্টমী মেলা সমিতি' নামেৰে এক স্থায়ী সমিতি গঠন কৰা হয় ।

এই বেলি "শিলঘাট অশোকাষ্টমী মেলা সমিতি"য়ে শতবৰ্ষ উৎসৱ আয়োজনৰ প্ৰস্তুতি চলাইছে । ১৯৩৫ চনতেই বৃটিছে পতা শিলঘাট টাউনৰ কামাখ‍্যা পাহাৰস্থিত কামাখ‍্যা মন্দিৰৰ নামনিত অশোকাষ্টমীৰ স্নান আৰম্ভ হোৱাৰ প্ৰমাণিক তথ‍্য নাই যদিও বৃটিছ শাসন কালত উন্নত যাতায়ত ব‍্যৱস্থাৰ বাবে বহিঃস্থানৰ ভক্তৰ সমাগম বৃদ্ধি পোৱাৰ লগে-লগে প্ৰসাৰ আৰু প্ৰচাৰো বৃদ্ধি হয় । প্ৰতি বছৰে অশোকাষ্টমী তিথিত গড়ে প্ৰায় কুৰি হাজাৰৰো অধিক ভক্তই শিলঘাট কামাখ‍্যা পাহাৰৰ নামনিৰ ব্ৰহ্মপুত্ৰত স্নান কৰে । স্নানযাত্ৰীৰ সমাগম বৃদ্ধিৰ লগে-লগে স্নান ঘাটত আৰম্ভ হ'ল বিভিন্ন সামগ্ৰীৰ ব‍্যৱসায়ো ।

শিলঘাট অশোকাষ্টমী মেলা

এক মেলামুখী পৰিবেশৰ মাজত এদিনীয়া অশোকাষ্টমী এতিয়া সপ্তাহ জোৰাকৈ উদযাপিত হ'বলৈ ধৰিলে । কলিয়াবৰৰ এক বাৰ্ষিক উৎসৱ হৈ পৰিল এই অশোকাষ্টমী মেলা ৷ শতবৰ্ষ গৰকা কলিয়াবৰ মেলা সমিতিয়ে এইবাৰ 7 দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে শতবৰ্ষ উদযাপনৰ আয়োজন কৰিছে । যোৱা বৰ্ষৰ ১৬ অক্টোবৰত শিলঘাটৰ প্ৰৱেশদ্বাৰৰ আধাৰশিলা স্থানীয় বিধায়ক জল সম্পদ, বিজ্ঞান, তথ্য-প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী তথা শিলঘাট অশোকাষ্টমী শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি কেশৱ মহন্তই স্থাপন কৰি শতবৰ্ষ কাৰ্যসূচীৰ প্ৰথমটো ব্যৱহাৰিক খোজ পেলাইছিল ।

অহা ৩১ মাৰ্চত শতবৰ্ষ তোৰণ উন্মোচনেৰে শিলঘাট অশোকাষ্টমী মেলাৰ শতবৰ্ষ অনুষ্ঠানৰ শুভাৰম্ভণী কৰা হ’ব । ইতিপূৰ্বে পাৰ হৈ যোৱা মেলা উদযাপনত সহযোগিতা আগবঢ়োৱা অনুষ্ঠান তথা ব‍্যক্তিৰ জৰিয়তে 100 খন পতাকা উত্তোলন কৰি স্থানীয় ব‍্যক্তি তথা অনুষ্ঠান সমূহৰ বিষয়-ববীয়াক কৃতজ্ঞতা জনোৱাৰ দিহা কৰিছে । অশোকাষ্টমী মেলা সমিতিৰ শতবৰ্ষৰ 7 দিনীয়া কাৰ্যসূচীত কলিয়াবৰৰ কলা-সংস্কৃতি আটোম-টোকাৰীকৈ প্ৰদৰ্শনৰ লগতে স্থানীয় বুৰঞ্জী প্ৰসিদ্ধ সমলসমূহৰ প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হ’ব । লগতে নিমন্ত্ৰিত আৰু স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে । বৰ্ষযোৰা শতবৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি অক্টোবৰ মাহত অনুষ্ঠিত হ'বলগীয়া সদৌ অসম মইনা পাৰিজাতৰ নাট প্ৰতিযোগিতা শিলঘাটত অনুষ্ঠিত হ'ব, য'ত মেলা সমিতিয়ে বিশেষ সহযোগিতা আগবঢ়াব ।

এইবেলি দোকান-পোহাৰৰ লগতে আত্ম-সহায়ক গোটৰ বাবে বিপণীৰো বিশেষ ব‍্যৱস্থা হাতত লোৱা হৈছে। সমিতিয়ে জনোৱা মতে, প্লাষ্টিক বৰ্জনৰো প্ৰতি মেলা সমিতিয়ে দোকান-পোহাৰ আৰু গ্ৰাহক-যাত্ৰীক সজাগ কৰিবলৈ আগতীয়াকৈ সজাগতা অভিযান আৰম্ভ কৰিব । স্থান ঘাটৰ বাবে গড়কাপ্তানী বিভাগে যাৱতীয় ব‍্যৱস্থাৰ লগতে দুৰ্যোগ ব‍্যৱস্থাপনা বিভাগৰো ব্যৱস্থা কৰা হ’ব ৷ তদুপৰি যাত্ৰীৰ বাবে অনাময় সু-ব‍্যৱস্থা, যান-বাহনৰ ৰখা স্থানৰ ক্ষেত্ৰত কলিয়াবৰ মহকুমা প্ৰশাসনৰ সৈতে আলোচনা কৰিছে মেলা সমিতিয়ে ।

শতবৰ্ষত ‘শিলঘাট অশোকাষ্টমী মেলা’
শিলঘাট অশোকাষ্টমী মেলা সমিতি

পূৰ্বৰ 1,39,848.00 টকা আৰু 2019 বৰ্ষৰ মেলাত আয় হোৱা 20,82,959.00 টকা সহ মুঠ 23,96,603.20 টকাৰ বিপৰীতে খৰচ হয় 21,46,989.00 টকা । যোৱা বৰ্ষটোত মেলা পৰিচালনাৰ ব‍্যয় আছিল 5,97,991.00 টকা, সাধাৰণ ব‍্যয় 6,53,623.00 টকা । তদুপৰি মেলা পৰিচালনা সমিতিৰ তত্বাৱধানত স্থাপন হোৱা কন্যকাশ্ৰম কণিষ্ঠ মহাবিদ্যালয়ৰ স্থায়ী গৃহৰ বাবে 3,88,609.00 টকা, নৱ নিৰ্মিত তোৰণ নিৰ্মাণত 3,66,856.00 টকাকে ধৰি স্থায়ী কামৰ শিতানত মুঠ 8,95,335.00 টকা ব‍্যয় কৰিছে । বৰ্তমান সময়ত শিলঘাট অশোকাষ্টমী মেলা সমিতিৰ স্থায়ী জমা সহ বেংক জমাৰ পৰিমাণ 6,68,147.00 টকা । শিলঘাট অশোকাষ্টমী মেলা সমিতিয়ে আনুষ্ঠানিকভাবে বৰ্ষজোৰা শতবৰ্ষ উদযাপনৰ বিষয়ে কলিয়াবৰৰ সংবাদসেৱীসকলৰে আলোচনাত মিলিত হৈ সৰ্বতোপ্ৰকাৰৰ সহায়-সহযোগিতা কমনা কৰিছে ।

  • লগতে চাওক- প্ৰাক্তন কেন্দ্ৰীয় আইনমন্ত্ৰী হংসৰাজ ভৰদ্বাজৰ ইহলীলা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.