ETV Bharat / city

পুনৰুজ্জীৱিত হ'ব কলং,জল সম্পদ বিভাগৰ বিশেষ পদক্ষেপ

author img

By

Published : Sep 20, 2019, 4:52 PM IST

কলং পুনৰুজ্জীৱিতকৰণ আঁচনি

কলং নৈক পুনৰুজ্জীৱিত কৰিবৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰৰ জল সম্পদ বিভাগে ৷ 'কলং পুনৰুজ্জীৱিতকৰণ আঁচনি'ৰ জৰিয়তে ভাৰত চৰকাৰৰ দ্বাৰা অনুমোদিত দিল্লীস্থ 'ৱাটাৰ এণ্ড পাৱাৰ কনছালটেন্সী চাৰ্ভিছ' চমুকৈ WAPCOSৰ সৈতে এক বুজাবুজিত উপনীত হৈছে অসম চৰকাৰৰ জল সম্পদ বিভাগ ৷

নগাঁও,20 ছেপ্তেম্বৰঃ কলং নৈক পুনৰুজ্জীৱিত কৰিবৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰৰ জল সম্পদ বিভাগে ৷ 'কলং পুনৰুজ্জীৱিতকৰণ আঁচনি'ৰ জৰিয়তে ভাৰত চৰকাৰৰ দ্বাৰা অনুমোদিত দিল্লীস্থ 'ৱাটাৰ এণ্ড পাৱাৰ কনছালটেন্সী চাৰ্ভিছ' চমুকৈ WAPCOSৰ সৈতে এক বুজাবুজিত উপনীত হৈছে অসম চৰকাৰৰ জল সম্পদ বিভাগ ৷ উল্লেখ্য যে,1964 চনতে কলিয়াবৰৰ হাতীমূৰাত বান্ধ দিয়াৰ ফলত মৰা সুঁতিত পৰিণত হৈছিল কলং নৈ ৷ এই সুঁতি ব্ৰহ্মপুত্ৰ নদীৰ পৰা ওলাই নগাঁও জিলাৰ মাজেৰে বৈ গৈ পুনৰ ব্ৰহ্মপুত্ৰ নদীত পৰিছেগৈ ৷ বান্ধৰ ফলত ডাষ্টবিনলৈ পৰিণত হৈছিল এসময়ত মাছ-কাছৰে উভৈনদী এই কলং নৈ ৷ সেয়েহে মৃত কলঙক পুনৰ প্ৰৱাহিত কৰিবৰ বাবে স্থানীয় ৰাইজ তথা দল -সংগঠনে দাবী জনাই আহিছিল ৷

কলঙক পুনৰ প্ৰৱাহিত কৰিবৰ বাবে অসম চৰকাৰৰ বিশেষ পদক্ষেপ

অসম চৰকাৰৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই 'কলং পুনৰুজ্জীৱিতকৰণ আঁচনি' ৰূপায়ণৰ বাবে WAPCOSৰ দ্বাৰস্থ হৈ এক বুজা-বুজিত উপনীত হৈছিল ৷ সেই সূত্ৰেই হাতীমূৰাত WAPCOS এ আৰম্ভ কৰে তৃতীয় পৰ্যায়ৰ জৰীপ ৷ WAPCOSৰ প্ৰতিনিধিবৰ্গই ব্ৰহ্মপুত্ৰৰ কাষৰীয়া হাতীমূৰা,কলঙৰ উৎপত্তি স্থল আৰিকাটিমুখ আদি পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰে ৷ জৰীপৰ সময়ছোৱাত এই প্ৰতিনিধিবৰ্গৰ লগত উপস্থিত থাকে অসমৰ জল সম্পদ বিভাগৰ বহুকেইজন উচ্চপদস্থ বিষয়া ৷ দুবছৰীয়া স্তব্ধতাৰ অন্তত কলঙে পুনৰ প্ৰাণ পাব বুলি আশা কৰিছে কলংপৰীয়াবাসীয়ে ৷

Intro:কলং পুণৰুজ্জীৱিত আঁচনি বাস্তৱত ৰূপায়ণৰ প্ৰস্তুতি সম্পূৰ্ণপ্ৰায়

দিল্লীস্থ "ৱাটাৰ পাৱাৰ কন্সাল্টেন্সী চাৰ্ভিচ"ৰ তৃতীয় পৰ্য‍্যায়ৰ জৰীপ সম্পন্নBody:১৯৬৪ চনতে কলিয়াবৰৰ হাতীমুৰাত বান্ধ দি কলংৰ মূখ বন্ধ কৰি দিয়াত মৰা সুঁতিত পৰিণত হৈছিল  কলং। স্তব্ধ হৈছিল কলংৰ বুকুৱেদি লুইতৰ প্ৰবাহ । মাছ-কাছৰে উভৈনদী এসময়ৰ কলং পৰিণত হ'ল এক ডাষ্টবিনলৈ। মৃত কলংখনক পুনৰ প্ৰবাহিত কৰাৰ দাবী উত্থাপিত হৈ আহিছিল সময়ে সময়ে । আৰু এই দাবীয়ে যেন লাভ কৰিলে ফল। কলংপৰীয়া  ৰাইজৰ দীৰ্ঘদিনীয়া এক দাবী পুৰণ হোৱাৰ দিশত। অসম চৰকাৰৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ স্বাক্ষৰ প্ৰকল্প "কলং পুণৰুজ্জীৱিতকৰণ আঁচনি" ৰূপায়ণৰ বাবে ভাৰত চৰকাৰৰ অনুমোদিত দিল্লীস্থ "ৱাটাৰ এণ্ড পাৱাৰ কন্সাল্টেন্সী চাৰ্ভিচ" চমুকৈ "WAPCOS "ৰ সৈতে বুজা-বুজিত উপনীত হৈছিল অসম চৰকাৰৰ জল সম্পদ বিভাগ । হাতীমুৰাত সম্পন্ন দিল্লীৰ  "ৱাটাৰ এণ্ড পাৱাৰ কন্সাল্টেন্সী চাৰ্ভিচ"ৰ  তৃতীয় পৰ্য‍্যায়ৰ জৰীপ।

   বৃহস্পতিবাৰে "WAPCOS "ৰ প্ৰতিনিধিয়ে  সম্পূৰ্ণ কৰে তৃতীয় পৰ্য‍্যায়ৰ জৰীপ।

    জৰীপৰ সময়ছোৱাত অসমৰ জল সম্পদ বিভাগৰ  উচ্চপদস্থ বিষয়াৰ উপস্থিতিত ব্ৰহ্মপুত্ৰৰ কাষৰীয়া হাতীমূৰা, কলঙৰ উৎপত্তি স্থল আৰিকাটিমুখ পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰে "WAPCOS "ৰ প্ৰতিনিধিবৰ্গই ।

১৯৬৪ চনত হাতীমুৰাত বান্ধ দি বন্ধ কৰা কলঙমুখ চিঙি ২০১৭ চনত ব্ৰহ্মপুত্ৰ পানী কলঙৰে বৈ সংহাৰ চলালে, কলঙৰ বানে তহিলং কৰিলে বহু ঘৰ-দুৱাৰ ,দলং । 

বিগত বৰ্ষত হাতীমুৰাৰ বান্ধ মেৰামতিৰ কৰাৰ পিচৰে পৰা পুনৰ স্তব্ধ হৈ পৰিল বোৱতি কলঙ।

   তাৰ পিছতো কলঙক বোৱতী কৰি ৰখাৰ দাবী কলিয়াবৰ তথা নগাঁওবাসী ৰাইজৰ। নিয়ন্ত্ৰিতভাৱে প্ৰবাহিত কৰিব লাগে কলঙক। 

   কলঙক খান্দি আবৰ্জনা মুক্ত কৰি কলঙক নিয়ন্ত্ৰিতভাৱে প্ৰবাহিত কৰি ৰখাৰ দাবী কলিয়াবৰীয়া ৰাইজৰ। 

   সম্প্ৰতি পুৰণ হোৱাৰ দিশত কলংপৰীয়া তথা কলিয়াৰীয়া ৰাইজৰ এই দীৰ্ঘদিনীয়া দাবী। অসম চৰকাৰৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ "স্বাক্ষৰ প্ৰকল্প "কলং পুণৰুজ্জীৱিতকৰণ আঁচনি" ৰূপায়ণৰ বাবে ভাৰত চৰকাৰৰ অনুমোদিত দিল্লীস্থ "ৱাটাৰ এণ্ড পাৱাৰ কন্সাল্টেন্সী চাৰ্ভিচ" চমুকৈ "WAPCOS "ৰ প্ৰতিনিধিয়ে হাতীমুৰাত সম্পূৰ্ণ কৰিছে কলঙ পুণৰুজ্জীৱিতকৰণৰ জৰীপ।  হাতীমূৰাত বিজ্ঞানসন্মতভাৱে শ্লুইছ গেটৰ ব্যৱস্থাৰে বোৱতী কৰা হ'ব কলিয়াবৰৰ প্ৰাণ, কলংক।
কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্গত "ৱাটাৰ পাৱাৰ কন্সাল্টেন্সী চাৰ্ভিচ" ভাৰত চৰকাৰৰ গঙ্গা নদী পৰিস্কৰণৰ অভিলাষী আঁচনি "নমামি গঙ্গা"ৰ লগতো জড়িত তথা এচিয়া আৰু আফ্ৰিকা মহাদেশৰ বিভিন্ন শক্তি আৰু জল সম্পৰ্কীয় আঁচনিৰ লগত জড়িত। এই দুবছৰীয়া স্তব্ধতাৰ অন্তত এই বিষয়টোৱে পুণৰ প্ৰাণ পাই উঠিছে। যিটোৱে কলংপৰীয়াবাসীক আনন্দিত কৰি তুলিছে।Conclusion:visuals
bites
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.