ETV Bharat / city

সমুখত শাৰদীয় উৎসৱ: প্ৰতিমা নিৰ্মাণত ব্যস্ত কলিয়াবৰৰ মৃণ্ময় শিল্পী

author img

By

Published : Sep 4, 2022, 9:28 AM IST

ক্ৰমাৎ ব্যস্ততা বাঢ়িছে মৃণ্ময় শিল্পীসকলৰ ৷ পূজাৰ বতৰ আৰম্ভ হোৱাৰ লগে লগে শিল্পীসকল ব্যস্ত হৈ পৰিছে মনসা দেৱী, গণেশ, বিশ্বকৰ্মাৰ মূৰ্তি নিৰ্মাণত ৷ ৰাজ্যৰ আন ঠাইৰ সামান্তৰালভাৱে কলিয়াবৰতো দেখা গৈছে তেনে এক ব্যস্ততাপূৰ্ণ পৰিৱেশ । বিগত ২৯ বছৰ ধৰি এই শিল্প কৰ্মৰ সৈতে জড়িত হৈ অহা কলিয়াবৰৰ নাগশংকৰ গাঁৱৰ প্ৰসিদ্ধ মৃণ্ময় শিল্পী ধীৰেন বৰঠাকুৰও ব্যস্ত হৈ পৰিছে মূৰ্তি নিৰ্মাণত (Potters busy with making idols at Kaliabor) ।

potters-busy-with-making-idols-eve-of-sharadiya-festival-at-kaliabor-in-nagaon
প্ৰতিমা নিৰ্মাণত ব্যস্ত কলিয়াবৰৰ মৃণ্ময় শিল্পী

কলিয়াবৰ, 4 ছেপ্তেম্বৰ: ভাদ মাহৰ অন্ত পৰাৰ লগে-লগে আহিনৰ আগমন ঘটিব । আহিনে শৰতৰ বাতৰি আনে ৷ শৰৎ মানেই পূজাৰ বতৰ (Sharadiya festival in Assam)। তাৰ লগে লগে ব্যস্ততা বাঢ়ে মৃণ্ময় শিল্পীসকলৰ । কলিয়াবৰতো দেখা গৈছে তেনে এক ব্যস্ততাপূৰ্ণ পৰিৱেশ । বিগত ২৯ বছৰ ধৰি এই শিল্প কৰ্মৰ সৈতে জড়িত হৈ আহিছে কলিয়াবৰৰ নাগশংকৰ গাঁৱৰ প্ৰসিদ্ধ মৃণ্ময় শিল্পী ধীৰেন বৰঠাকুৰ (Potters busy with making idols at Kaliabor) ।

মৃণ্ময় শিল্প জীয়াই ৰখাৰ স্বাৰ্থত শিল্পীগৰাকী ব্যস্ত হৈ পৰিছে মনসা দেৱী, গণেশ, বিশ্বকৰ্মাৰ মূৰ্তি নিৰ্মাণত । ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে বিগত দুটা বছৰৰ জটিলতাৰ ইতিমধ্যে অন্ত পৰিছে । পূজা-পাৰ্ৱন অনুষ্ঠিত কৰাৰ এক পৰিৱেশে পুনৰ বিৰাজ কৰিছে । সেয়ে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান-ব্যক্তিৰ আগতীয়া যোগাযোগৰ প্ৰতি লক্ষ্য ৰাখি মনসা, গণেশ, বিশ্বকৰ্মাৰ মূৰ্তি নিৰ্মাণত ব্যস্ত হৈ পৰিছে শিল্পীগৰাকী ।

দেৱ-দেৱীৰ মূৰ্তি নিৰ্মাণেৰে সমাদৃত হোৱা প্ৰসিদ্ধ মৃণ্ময় শিল্পী ধীৰেন বৰঠাকুৰৰ খনিকৰ শালত এইবাৰ দুৰ্গা প্ৰতিমাৰ নিৰ্মাণ কৰা নাই । ইয়াৰ মূলতে সহায়কাৰী কৰ্মীৰ অভাৱ আৰু শাৰীৰিক অসুস্থতা বুলি জানিবলৈ দিয়ে শিল্পীগৰাকীয়ে । উল্লেখ্য যে, শিল্পী ধীৰেণ বৰঠাকুৰৰ এনে সৃষ্টিমূলক কৰ্মত উদগনি যোগাবলৈ অসম চৰকাৰে ৫০ হাজাৰ টকাৰ এককালীন সাহায্য আগবঢ়াইছে ।

প্ৰতিমা নিৰ্মাণত ব্যস্ত কলিয়াবৰৰ মৃন্ময় শিল্পী

কিন্তু বয়স বাঢ়ি অহাৰ লগে-লগে শাৰীৰিক আৰু মানসিকভাৱে কিছু জটিলতা আহি পৰিছে শিল্পীগৰাকীৰ ৷ ৰাজ্য চৰকাৰৰ পৰা আগবঢ়োৱা শিল্পী পেঞ্চনটো লাভ কৰিলে এক নিৰ্ভয় জীৱন যাপন কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে শিল্পীগৰাকীয়ে । ঔদ্যোগিক প্ৰশিক্ষণপ্ৰাপ্ত 'ইলেক্ট্ৰিচিয়ান' ৰূপে আনুষ্ঠানিক কৰ্মৰ পৰা অব্যাহতি লৈ মৃণ্ময় মূৰ্তি নিৰ্মাণত ব্যস্ত থকা ধীৰেন বৰঠাকুৰৰ শিল্পটো যাতে কোনো আগ্ৰহীয়ে আঁকোৱালি লয় তাৰেই আশাত বন্দী তেওঁ ।

লগতে পঢ়ক: বগৰীগুৰিত পথ দুৰ্ঘটনাত নিহত তিনিজন, আহত দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.