ETV Bharat / city

অসম বিজেপিত সংখ্যালঘু সম্প্ৰদায়ৰ দুই নেতাৰ তীব্ৰ সংঘাত

author img

By

Published : Oct 30, 2020, 6:27 PM IST

muktar hussain khan
muktar hussain khan

শেহতীয়াকৈ বিজেপি নেতা মমিনুল আৱালে অভিবাসী মুছলমানৰ বিৰুদ্ধে বিভিন্ন ধৰণে তুচ্ছ তাচ্ছিল্য কৰাৰ বিৰুদ্ধে গৰজি উঠিছে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খান । বিজেপিয়ে সংখ্যালঘু সম্প্ৰদায়ৰ পৰা সাত গৰাকী বিধায়ক নিৰ্বাচিত কৰি অনাৰ পৰিকল্পনা গ্ৰহণ কৰাত শংকিত হৈ উঠিছে মমিনুল আৱাল ।

চামগুৰি, 30 অক্টোবৰ : বিজেপি নেতা মমিনুল আৱালক উভতি ধৰিলে বিজেপি নেতা মুক্তাৰ হুছেইন খানে । বি জে পিয়ে সংখ্যালঘু সম্প্ৰদায়ৰ পৰা সাত গৰাকী বিধায়ক নিৰ্বাচিত কৰি অনাৰ পৰিকল্পনা গ্ৰহণ কৰাত শংকিত হৈ উঠিছে মমিনুল আৱাল । এই অভিযোগ খোদ গেৰুৱা দলৰে নেতা মুক্তাৰ হুছেইন খানৰ । শেহতীয়াকৈ বিজেপি নেতা মমিনুল আৱালে অভিবাসী মুছলমানৰ বিৰুদ্ধে বিভিন্ন ধৰণে তুচ্ছ তাচ্ছিল্য কৰাৰ বিৰুদ্ধে গৰজি উঠিছে বি জে পিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খান । প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ গেৰুৱা দলৰ নেতা মুক্তাৰ হুছেইন খানে ৰূপহী হাটত আয়োজিত এক দলীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে ।

অসম বিজেপিত সংখ্যালঘু সম্প্ৰদায়ৰ দুই নেতাৰ তীব্ৰ সংঘাত

মুক্তাৰ হুছেইন খানে কয় যে, 7 গৰাকী বিধায়ক সংখ্যালঘুৰ পৰা আহিব আৰু 14 গৰাকী বিজেপি বিধায়ক নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা ল’ব সংখ্যালঘু ভোটাৰে ৷ কিন্তু দললৈ সংখ্যালঘু লোকক আনিব নিবিচাৰে মমিনুল আৱালে ৷ আন সংখ্যালঘু লোকে যাতে বিজেপিত বিষয়বাব পাব নোৱাৰে তাৰ প্ৰতি আৱালে সদায় নজৰ ৰাখে আৰু বৰ্তমান তেওঁ শংকিত হৈছে বুলি কয় বিজেপি নেতাগৰাকীয়ে ৷ এইদৰে বিজেপি সংখ্যলঘু মৰ্চাৰ দুজন নেতাৰ মাজত মতবিৰোধ হোৱা ঘটনাই যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়ক : সাৱধান ! অসমত আৰম্ভ হৈছে সাংস্কৃতিক জেহাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.