ETV Bharat / city

ৰাজ্য কঁপাইছে মধ্যাহ্ন ভোজন কৰ্মীৰ প্ৰতিবাদে

author img

By

Published : Nov 4, 2019, 11:18 PM IST

ৰাজ্য কঁপাইছে মধ্যাহ্ন ভোজন কৰ্মীয়ে

বিদ্যালয়সমূহত মধ্যাহ্ন ভোজন যোগানৰ দায়িত্ব এন জি অক দিয়া ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি ৰাজপথত নামিল মধ্যাহ্ন ভোজন কৰ্মী ৷ শিক্ষক, ছাত্ৰ-ছাত্ৰী, আৰু অভিভাৱকেও সহযোগ কৰিলে ৰন্ধনকৰ্মীৰ প্ৰতিবাদত ৷

নিউজ ডেস্ক, 4 নৱেম্বৰ: সোমবাৰে প্ৰায় ডেৰ লাখ থলুৱা ৰন্ধনকৰ্মীৰ পেটত লাঠ মাৰি মধ্যাহ্ন ভোজন যোগানৰ দায়িত্ব এন জি ওক দিয়াৰ ৰাজ্য চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদত নামিল ৰন্ধনকৰ্মী ৷ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাজপথ উত্তাল কৰি তুলিলে ৰন্ধনকৰ্মী সকলে ৷

ডুমডুমাত ঘনশ্যাম সেৱা সমিতি নামৰ এটা ব্লেক লিষ্টেড এন জি অ'ই বিদ্যালয়ত বিতৰণ কৰিবলৈ অহা খাদ্য দলিয়াই পেলালে শতাধিক ৰন্ধনকৰ্মীয়ে ৷ নগাঁৱ জিলাৰ ননৈ উচ্চ বুনিয়াদী বিদ্যালয়তো সময়মতে ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজন প্ৰদান নকৰাক লৈ সৃষ্টি হ'ল উতপ্ত পৰিস্থিতি ৷ মুনলাইট নামৰ এটা এন জি অই ছাত্ৰ ছাত্ৰীক নিৰ্দিষ্ট সময়ত যোগান নিদিয়াক লৈ অভিভাৱকসকলে উভতাই পথালে মধ্যাহ্ন ভোজন ৷ ইফালে গোলাঘাট জিলাৰ খুমটাইটো ভেজাল খাদ্য যোগানৰ অভিযোগত ৰাইজে ঘূৰাই পঠালে এন জি অৰ মধ্যাহ্ন ভোজন ৷ দলগাঁৱৰ কুঁৱৰীপুখুৰী ছিদ্দকীয়া এম ই মাদ্ৰাছাও উত্তাল হৈ পৰিল এন জি অই দুৰ্গন্ধময় টেঙা দালি-ভাত যোগান ধৰাৰ অভিযোগত ৷ এই সন্দৰ্ভত চাওঁ আহক ইটিভি ভাৰতৰ এক প্ৰতিবেদন ৷

ৰাজ্য কঁপাইছে মধ্যাহ্ন ভোজন কৰ্মীয়ে
Intro:Slug: শিক্ষা বিভাগে লোৱা হঠকাৰি সিদ্ধান্তৰ বিৰুদ্ধে ৰন্ধনকৰ্মীৰ সমদল, কাইলৈ ৯বজাৰ পৰা পুনৰ আন্দোলনৰ সিদ্ধান্ত

V:O: শদিয়া : যোৱা ২৪অক্টোবৰৰ পৰা ৰাজ্যৰ শিক্ষা বিভাগে কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে চৰকাৰে প্ৰদান কৰা মধ্যাহ্ন ভোজনৰ দায়িত্ব বহিৰাগত এন জি অ'ক দিয়াৰ প্ৰতিবাদত উত্তাল হৈ পৰে তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্ত ৷ ঘনশ্যাম সেৱা সমিতি নামৰ বহিৰাগত সংস্থাটোৱে আজি খাদ্য ৰান্ধি ডুমডুমালৈ আনিব বুলি খবৰ পায় শ শ ৰন্ধন কৰ্মীয়ে ডুমডুমাৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থান কৰেহি ৷ দিনৰ দুই বজাৰলৈকে তেনে কোনো খাদ্যৰ গাড়ী অহাৰ সম্ভেদ নোপোৱাত ডুমডুমা হাঁহচৰাৰ পৰা ৰন্ধনকৰ্মী সকলে সমদল কৰি ডুমডুমা নগৰ ৰাজহুৱা খেলপথাৰত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে ৷ বহিৰাজ্যত ব্লেকলিষ্টটেড ঘনশ্যাম সেৱা সমিতি নামৰ এন জি অ'টোক খাদ্য যোগান বন্ধ কৰাৰ লগতে ৰাজ্যৰ শিক্ষা মন্ত্ৰীয়ে ৰন্ধন কৰ্মী সকলে কৰা আন্দোলনক গুৰুত্ব নিদিয়া কাৰ্যক তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰী সকলে ৷ ৰাজ্যৰ ১১৮০০০কৰ্মচাৰীয়ে অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ কৰি অহাৰ সমান্তৰালভাবে ডুমডুমাটো কাইলৈ ৯ বজাৰ পৰা পুনৰ এনেদৰে প্ৰতিবাদ আৰম্ভ হোৱাৰ কথা জানিবলৈ দিয়াৰ লগতে "গাত এক বিন্দু তেজ থকা লৈকে" এই প্ৰতিবাদ অব্যাহত থাকিব বুলি ৰন্ধনকৰ্মী সকলে জানিবলৈ দিয়ে ৷ উল্লেখ্য যে আজি উক্ত এন জি অ' টোৱে প্ৰস্তুত কৰি অনা ভাত, দাইল মাকুমত ৰন্ধনকৰ্মী সকলে ৰাষ্ট্ৰীয় ঘাইপথত পেলাই সংস্থাটোৰ গাড়ী খেদি পঠিয়াইছিল ৷Body:Byte : 1/ সম্পাদক, ৰন্ধন কৰ্মী ইউনিয়ন
2/ স্থানীয় ৰন্ধন কৰ্মী ৷ Conclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.