ETV Bharat / city

শীঘ্ৰেই চিকিৎসা সেৱা আৰম্ভ হ'ব নগাঁও চিকিৎসা মহাবিদ্যালয়ত

author img

By

Published : Mar 26, 2022, 6:11 PM IST

inauguration-of-icu-by-health-minister-in-nagaon
শীঘ্ৰেই চিকিৎসা সেৱা আৰম্ভ হ'ব নগাঁও চিকিৎসা মহাবিদ্যালয়ত

শনিবাৰে মন্ত্ৰী কেশৱ মহন্তই নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় (Nagaon Bhogeswari Phukanani Civil Hospital) ৰ মাতৃ মংগল ৱাৰ্ডত 30 খন অক্সিজেনযুক্ত বিচনা, 8 খন HDU, 4খন PICU আৰু 10 খন আই চি ইউ বিচনাৰ শুভ উদ্ধোধন কৰে ।

নগাঁও, 26 মাৰ্চ : পৱিত্ৰ চিকিৎসা সেৱাক একপ্ৰকাৰ ব্যৱসায়ত পৰিণত কৰি একাংশ চিকিৎসকে ধন ঘটাৰ এক অঘোষিত প্ৰতিযোগিতা আৰম্ভ কৰাৰ সময়তে নগাঁওবাসীৰ বাবে এটা ভাল খবৰ । নিৰ্মীয়মান নগাঁও চিকিৎসা মহাবিদ্যালয়ত অচিৰেই আৰম্ভ হ'ব চিকিৎসা সেৱা । প্ৰথমে চিকিৎসা সেৱা আৰম্ভ কৰাৰ পৰৱৰ্তী সময়ত আৰম্ভ হ'ব পাঠ্যক্ৰম (Medical services will start soon at Nagaon Medical College) ।

শনিবাৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ আই চি ইউৰ শুভ উদ্ধোধন কৰি এই ঘোষণা কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই (Inauguration of ICU by health minister in Nagaon) । সাধাৰণ লোকক অত্যাধুনিক ব্যৱস্থাৰে চিকিৎসা সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে শনিবাৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ মাতৃ মংগল ৱাৰ্ডত 30 খন অক্সিজেনযুক্ত বিচনা, 8 খন HDU, 4খন PICU আৰু 10 খন আই চি ইউ বিচনাৰ শুভ উদ্ধোধন কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই (Health minister Keshab Mahanta) ।

শীঘ্ৰেই চিকিৎসা সেৱা আৰম্ভ হ'ব নগাঁও চিকিৎসা মহাবিদ্যালয়ত

এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী কেশৱ মহন্তই অতি শীঘ্ৰে নগাঁৱত এখন কেঞ্চাৰ হস্পিতাল স্থাপন কৰা হ’ব বুলি মন্তব্য কৰে ৷ লগতে অহা এপ্ৰিল মাহৰ ভিতৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাতখনকৈ কেঞ্চাৰ হস্পিতালৰ শুভ উদ্ধোধন কৰাৰ কথাও ঘোষণা কৰে মন্ত্ৰী কেশৱ মহন্তই । চৰকাৰী খণ্ডৰ চিকিৎসালয়তো সাধাৰণ লোকে পর্যপ্ত চিকিৎসা সেৱা লাভ কৰিব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে নগাঁৱৰ নাৰ্ছ স্কুলো শীগ্ৰেই আৰম্ভ কৰিব বুলি জনায় বিভাগীয় মন্ত্ৰীগৰাকীয়ে । ক'ভিড 19ৰ চতুৰ্থ ঢৌ অহাৰ সম্ভাৱনাৰ কথাও উল্লেখ কৰি ক'ভিড ১৯ ৰ চতুৰ্থ ঢৌৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগ সম্পূৰ্ণ সাজু বুলিও মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই । এই উদ্বোধনী অনুষ্ঠানত স্থানীয় বিধায়ক ৰূপক শৰ্মা (MLA Rupak Sharma), জিলা উপায়ুক্ত নিসৰ্গ হিবৰে, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অতুল চন্দ্ৰ পাটৰ উপস্থিত থাকে ৷

ইয়াৰোপৰি, ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ক'ভিড 19 ৰ সেৱা আগবঢ়োৱা দুই চিকিৎসক ডাঃ খীৰদা কান্ত দাস ওৰফে কে কে দাস আৰু জিয়াউদ্দিন আহমেদক স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে । উল্লেখযোগ্য যে, চিকিৎসক দুগৰাকীয়ে বিগত ক'ভিড 19 ৰ ভয়াৱহ সময়ত নিজ ঘৰৰ পৰা আঁতৰত থাকি দিনে নিশাই সেৱা আগবঢ়াইছিল ।

লগতে পঢ়ক : উমৰাংছুস্থিত নীপকোৰ জলবিদ্যুৎ প্ৰকল্পত জল বিস্ফোৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.