দীপাৱলীৰ মাজতে নগাঁৱত বিধ্বংসী অগ্নিকাণ্ড

author img

By

Published : Nov 5, 2021, 6:31 PM IST

massive-fire-in-nagaon

বৃহস্পতিবাৰে মাজনিশা নগাঁৱৰ হয়বৰ গাঁৱৰ এখন কাপোৰৰ দোকানত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ডৰ ফলত কাপোৰসহ কেইবালক্ষাধিক টকাৰ সামগ্ৰী সম্পূৰ্ণৰূপে ভস্মীভূত হয় ।

নগাঁৱ, 5 নৱেম্বৰ : বৃহস্পতিবাৰে সমগ্ৰ দেশতে উদযাপন কৰা হয় পোহৰৰ উৎসৱ দীপাৱলী ৷ দীপাৱলীৰ আনন্দ স্ফূৰ্তিৰ মাজতে নগাঁৱৰ হয়বৰ গাঁৱত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ উত্তৰ হয়বৰ গাঁৱৰ হোটেল ব্ল'বাৰ্ডৰ সমীপৰ বৃহৎ ব্যৱসায়িক এলেকাত থকা এখন কাপোৰৰ দোকানত মাজনিশা সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড ৷

massive-fire-in-nagaon
দীপাৱলীৰ মাজতে নগাঁৱত বিধ্বংসী জুই

এই অগ্নিকাণ্ডৰ ফলত কাপোৰসহ কেইবালক্ষাধিক টকাৰ সামগ্ৰী সম্পূৰ্ণৰূপে ভস্মীভূত হয় । উক্ত দোকানখনৰ স্বত্বাধিকাৰী সবিতা শইকীয়া বুলি জানিব পৰা গৈছে ৷ লগতে শইকীয়াৰ কন্যাৰ বিয়াৰ বাবে ক্ৰয় কৰা সমস্ত নতুন কাপোৰো ভস্মীভূত হয় উক্ত অগ্নিকাণ্ডত ।

massive-fire-in-nagaon
দিপাৱলীৰ মাজতে নগাঁৱত বিধ্বংসী জুই

পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত এই জুই সম্পূৰ্ণৰূপে নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ এতিয়ালৈকে এই বিধ্বংসী অগ্নিকাণ্ড কেনেকৈ সংঘটিত হৈছে তাৰ কাৰণ জানিব পৰা হোৱা নাই ৷ যদিও বৈদ্যুতিক বিজুতি নাইবা ফটকা আতচবাজীৰ বাবে অগ্নিকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ।

massive-fire-in-nagaon
দিপাৱলীৰ মাজতে নগাঁৱত বিধ্বংসী জুই

লগতে চাওক : দীপাৱলীৰ উছাহৰ মাজতে ভয়াৱহ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.