ETV Bharat / state

দীপাৱলীৰ উছাহৰ মাজতে ভয়াৱহ অগ্নিকাণ্ড

author img

By

Published : Nov 5, 2021, 9:44 AM IST

Updated : Nov 5, 2021, 2:06 PM IST

massive-fire
ভয়াৱহ অগ্নিকাণ্ড

দীপাৱলীৰ দিনা ৰঙিয়া আৰু কলিয়াবৰত ভয়াৱহ অগ্নিকাণ্ড ৷ শ্বৰ্ট-চাৰ্কিট আৰু ফটকাৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ ৷

ৰঙিয়া/কলিয়াবৰ, 5 নৱেম্বৰ : দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে বৃহস্পতিবাৰে নিশা ৰাজ্যৰ দুটাকৈ স্থানত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড(Fire) ৷ ৰঙিয়াৰ শিৱ মন্দিৰ ৰোডৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰসন্ন বৈশ্যৰ ভাড়াঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলত কাপোৰৰ গুদামৰ লগতে কেইবাটাও ঘৰ ভষ্মীভূত হয় ৷

শ্বৰ্ট-চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা সন্দেহ প্ৰকাশ কৰিছে একাংশ স্থানীয় ৰাইজে ৷ দেৱালীৰ ফটকাৰ পৰা জুই জ্বলি কেইবা কোটি টকাৰ সম্পত্তি বিনষ্ট হয় । ইফালে জুই বিয়পি যোৱাত কোঠাত আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰে ৰাইজে । আনহাতে দৌৰিও প্ৰাণ ৰক্ষা পৰে বহুলোকৰ ৷

massive-fire
ভয়াৱহ অগ্নিকাণ্ড

খবৰ দিয়াৰ পাচতো ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ বাহন কিছু পলমকৈ উপস্থিত হোৱাৰ বাবে ৰাইজ উত্তেজিত হৈ পৰে । ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰ সৈতে উত্তেজিত একাংশ ৰাইজে তৰ্ক-যুদ্ধতো লিপ্ত হয় । বহু চেষ্টাৰ অন্ততহে অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয় ।

আনহাতে, একেদিনাই কলিয়াবৰৰ অন্তৰ্গত জখলাবন্ধাৰ ৰাঙলুৰ পাহাৰগুৰি গাঁৱৰ এঘৰতো ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে ৷ এটা খেৰৰ মেজিৰ পৰা অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । খেৰৰ মেজিত লগা জুয়ে আগুৰি ধৰে বাসগৃহটোত ৷ ঘটনাস্থলীত কলিয়াবৰ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । অগ্নিকাণ্ডত কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ সদস্যসকলৰ ।

massive-fire
ভয়াৱহ অগ্নিকাণ্ড

অৱশ্যে অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ বৰ্তমানো জানিব পৰা হোৱা নাই । ছিটিকি অহা ফটকাৰ ফিৰিঙতিৰ পৰা অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : অভয়াপুৰীৰ দীপাৱলীত লাভলীনা

Last Updated :Nov 5, 2021, 2:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.