ETV Bharat / city

ক’লা ল’ৰাৰ ভুলটোকেই কৰিলে জুৰীয়াৰ আশ্বিকুলে !

author img

By

Published : May 30, 2022, 8:06 PM IST

Batadrava violence prime accused died
ক’লা ল’ৰাৰ ভুলটোকেই কৰিলে জুৰীয়াৰ আশ্বিকুলে !

বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্ত আশ্বিকুল ইছলামৰ মৃত্যু হ’ল (Batadrava violence prime accused died) ৷ আৰক্ষীৰ বাহনৰ পৰা পলায়ন কৰিবলৈ জাঁপ দিওতেই আন এখন বাহনে মহতিয়ালে আশ্বিকুলক ৷ ঠিক ক’লা ল’ৰাৰ দৰেই মৃত্যুক সাৱটিলে আশ্বিকুলে ৷ ছমাহ পূৰ্বে ক’লা ল’ৰাই কৰা একেটা ভুলকে কৰি আৰক্ষীৰ গাড়ীৰ চকাৰ তলত প্ৰাণ হেৰুৱালে আশ্বিকুলে ৷ তাৰ পাচতেই সৃষ্টি হৈছে বিভিন্ন প্ৰতিক্ৰিয়াৰ ৷

নগাঁও, 30 মে’ : আৰক্ষীৰ বাহনৰ পৰা পলায়নৰ চেষ্টা কৰি মৃত্যুক আঁকোৱালি ল’লে বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্ত আশ্বিকুল ইছলামে (Batadrava violence prime accused died) ৷ এই ঘটনাক লৈ ইতিমধ্যে ৰাজ্যজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ দেওবাৰে আৰক্ষীৰ জালত পৰা আশ্বিকুলক জেৰা চলোৱাৰ অন্তত নিশা লৈ যোৱা হৈছিল জুৰীয়াৰ সোনাইবেৰাস্থিত বাসগৃহলৈ ৷ নিশা নগাঁও আৰক্ষীৰ এটা বৃহৎ দলে আশ্বিকুলৰ বাসগৃহত অভিযান চলাই জব্দ কৰে এটা পইণ্ট টু টু পিষ্টল, এটা 7.65 এম এম পিষ্টলৰ লগতে কেইবাজাঁই সজীৱ গুলী (Arms recovered from Ashikul Islam)।

এইখিনিতে উল্লেখ কৰিব লাগিব এটা ঘটনাৰ কথা ৷ আজিৰ পৰা কেইমাহমান পূৰ্বে যোৰহাটত সংঘটিত হোৱা ক’লা ল’ৰাৰ মৃত্যুৰ ঘটনাক (Kola Lora death in Jorhat) হয়তো কোনেও পাহৰি যোৱা নাই ৷ অনিমেশ ভূঞা নামৰ এজন যুৱকক দলবদ্ধভাৱে আক্ৰমণ কৰা ঘটনাৰ নেতৃত্বত আছিল ক’লা ল’ৰা (Jorhat Mob lynching) ৷ ক’লা ল’ৰাৰ প্ৰকৃত নাম নীৰজ দাস (good name of Kola lora) ৷ ঘটনাৰ 24 ঘন্টাৰ ভিতৰতে ক’লা ল’ৰাক আটক কৰিছিল আৰক্ষীয়ে ৷

ক’লা ল’ৰাৰ ভুলটোকেই কৰিলে জুৰীয়াৰ আশ্বিকুলে !

নিউটনৰ তৃতীয় গতিসূত্ৰ আওৰাই টুইট কৰিছিল বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷ সেই দিনাই অৰ্থাৎ 2021 চনৰ 1 ডিচেম্বৰৰ নিশা ক’লা ল’ৰাক আৰক্ষীয়ে লৈ গৈছিল ড্ৰাগছৰ ঘাটি দেখুৱাই দিবৰ বাবে ৷ তাৰ পাচত ঘটিছিল ৰহস্যজনক ঘটনাটো ৷ আৰক্ষীৰ বাহনৰ পৰা পলাবলৈ বুলি জাঁপ দিওতেই পাচে পাচে যোৱা আন এখন বাহনৰ চেঁপাত নিহত হয় ক’লা ল’ৰা ৷

এইবাৰ ঠিক তেনেকুৱা ঘটনাই সংঘটিত হ’ল নগাঁৱৰ ৰাইদঙীয়াত ৷ মাতৃক শেষবাৰৰ বাবে মা' বুলি সম্বোধন কৰিয়েই আৰক্ষীৰ সৈতে নগাঁও অভিমুখে ৰাওনা হৈছিল বটদ্ৰৱা কাণ্ডৰ অন্যতম মূল অভিযুক্ত আশ্বিকুল ইছলাম (Ashikul Islam died)৷ কিন্তু সেই সময়তেই ঘটিল অঘটন ৷ জুৰীয়াৰ সোনাইবেৰাস্থিত বাসগৃহৰ পৰা উভতি অহা পথত আৰক্ষীৰ বাহনৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা কৰে আৰক্ষী থানা জ্বলোৱা গোচৰত অভিযুক্ত আশ্বিকুলে । আৰক্ষীৰ বাহনৰ পৰা জঁপিয়াই দিয়াৰ লগে লগে পিছফালে আহি থকা আৰক্ষীৰ আন এখন বাহনে মহতিয়াই নিয়ে বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰ মাইণ্ড আশ্বিকুল ইছলামক । পৰিণাম মৃত্যু ৷

আৰক্ষীৰ বাহনৰ খুন্দাত নিহত এইজন আশ্বিকুল ইছলামেই আৰক্ষী থানা জ্বলাবলৈ দিছিল উচটনি । আৰক্ষী থানাত অগ্নিসংযোগ কৰাৰ প্ৰকমুহূৰ্তত ৰঙা টি চাৰ্ট পৰিহিত এইজন আশ্বিকুলৰ উচটনিতেই জ্বলিছিল বটদ্ৰৱা আৰক্ষী থানা (Batadrava police station arson)। ঘটনা সংঘটিত হোৱাৰ পিছৰ পৰাই পলাতক অৱস্থাত থকা এইজন আশ্বিকুল দেওবাৰে জালত পৰিছিল নগাঁও আৰক্ষীৰ ।

আশ্বিকুলৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতেই সোনাইবেৰাস্থিত বাসগৃহত উঠিছে কান্দোনৰ ৰোল । দেওবাৰে দিনৰ ভাগতে নগাঁও আৰক্ষীৰ ওচৰত বটদ্ৰৱা কাণ্ডৰ অভিযুক্ত আশ্বিকুলে আত্মসমৰ্পন কৰা বুলি দাবী কৰা পৰিয়ালৰ লোকে যেন সহজভাৱে ল'ব পৰা নাই দুৰ্ঘটনাত আশ্বিকুলৰ মৃত্যুৰ ঘটনাক । আনকি বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্ত হিচাপে বিবেচিত আশ্বিকুল ইছলাম উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ বুলি দাবী কৰি আশ্বিকুলৰ ঘৰত মাৰণাস্ত্ৰ জব্দ হোৱা ঘটনাও যেন মানি ল'ব বিচৰা নাই পৰিয়ালৰ লোকে ।

ইপিনে বটদ্ৰৱা কাণ্ডৰ সৈতে জড়িত আন অভিযুক্তৰ বিৰুদ্ধেও নগাঁও আৰক্ষীয়ে গঠন কৰি দিয়া এছ আই টিয়ে অব্যাহত ৰাখিছে অভিযান । অতি শীঘ্ৰেই আৰক্ষী থানাত আক্ৰমণ কৰা ঘটনাত জড়িত আটাইকেইজন অভিযুক্তই পৰিব আৰক্ষীৰ জালত । শেহতীয়াকৈ সোমবাৰে বিয়লি নগাঁও সদৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰিলে বটদ্ৰৱা কাণ্ডৰ লগত জড়িত এগৰাকী মহিলাই (Batadrava incident accused surrendered)। আত্মসমৰ্পণ কৰা মহিলাগৰাকীৰ নাম জ্যোৎস্নাৰা বেগম বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: বটদ্ৰৱা কাণ্ডৰ আন এগৰাকী মহিলা অভিযুক্তৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.