Fight against crime : জালত পৰিল কুখ্যাত ইৰাণ

author img

By

Published : Dec 15, 2021, 5:07 PM IST

Updated : Dec 15, 2021, 7:47 PM IST

Nagaon police drive against crime

নগাঁও আৰক্ষীৰ জালত পৰিল কুখ্যাত ভূ-মাফিয়া ইমৰাণ হুছেইন ওৰফে ইৰাণ (Imran Hussain arrested by Nagaon police) ৷ নগাঁৱত আন এক সন্ত্ৰাসৰ নাম ইৰাণ ৷ বিভিন্ন কুকৰ্মৰে কুখ্যাত হৈ পৰা ইৰাণক গ্ৰেপ্তাৰ কৰি আনন্দ মিশ্ৰই ক’লে Every dog has his day ৷

নগাঁও, 15 ডিচেম্বৰ : বিভিন্ন ধৰণৰ অপৰাধৰ ঘটনাই প্ৰায়েই চৰ্চিত কৰি ৰাখে নগাঁও জিলাক (Crime news in Nagaon) ৷ কিন্তু শেহতীয়াকৈ দিন বেয়া চলিছে অপৰাধ জগতৰ সৈতে জড়িত এইসমূহ অপৰাধৰ আঁৰত থকা সকলৰ ৷ অপৰাধ দমনৰ যুঁজখন অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে (Nagaon police fight against crime) ৷ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ অপৰাধ বিৰোধী স্থিতিয়ে টোপনি হৰিছে বহুতৰ ৷ জালত পৰিছে ড্ৰাগছ মাফিয়া, হত্যাকাৰী, দালাল আদি বিভিন্ন অপৰাধত জৰিত লোক ৷ পলায়নৰ চেষ্টা কৰি আৰক্ষীৰ গুলীত ঘূণীয়াও হৈছে বহুকেইটা অপৰাধী ৷

Nagaon police drive against crime
জালত পৰিল কুখ্যাত ইৰাণ

এইবাৰ নগাঁও আৰক্ষীৰ জালত পৰিল কুখ্যাত ভূ-মাফিয়া ইমৰাণ হুছেইন ওৰফে ইৰাণ ৷ নগাঁৱত আন এক সন্ত্ৰাসৰ নাম ইৰাণ ৷ ইৰাণৰ অত্যাচাৰত আত্মহত্যাও কৰিছিল সাধাৰণ লোকে ৷ ভয়-ভাবুকিৰে বিভিন্নজনৰ মাটি দখল কৰি একপ্ৰকাৰ সন্ত্ৰাস চলোৱাৰ অভিযোগ ইমৰাণ হুছেইন ওৰফে ইৰাণৰ বিৰুদ্ধে । কেৱল এয়াই নহয়, এইজন ইৰাণৰ বিৰুদ্ধে আছে বিভিন্নজনক ধন দাবী কৰাৰো অভিযোগ ।

নগাঁও আৰক্ষীৰ জালত পৰিল কুখ্যাত ভূ-মাফিয়া ইমৰাণ হুছেইন

মাটিৰ দালালৰ তালিকাতো জিলিকি ৰৈছিল ইৰাণৰ নাম ৷ কিন্তু আটক হোৱাৰ পূৰ্বেই আদালতৰ পৰা অগ্ৰিম জামিন লাভ কৰিছিল ইৰাণে ৷ একে সময়তে নগাঁও আৰক্ষী থানাত এইজন ইৰাণৰ বিৰুদ্ধে ৰুজু হৈছিল ধন দাবী কৰাৰ আন এক গোচৰ ৷ এই গোচৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে মঙলবাৰে নিশা অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম ভূ-মাফিয়া ইৰাণক(Land mafia Imran Hussain arrested)।

Nagaon police drive against crime
ইমৰাণ হুছেইন ওৰফে ইৰাণ

ইৰাণৰ বিৰুদ্ধে উত্থাপন হৈছে সুদৰ নামত বহুজনক অত্যাচাৰ চলোৱাৰো অভিযোগ ৷ ইৰাণৰ অত্যাচাৰত বহু লোকে আত্মহত্যাৰ দৰে পথ বাছি লোৱা বুলি জনাইছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ৷ মাত্ৰ কেইদিনমান পূৰ্বে ড্ৰাগছ, গুন্দাগিৰি আদিৰে জিলাখনত সন্ত্ৰাস চলোৱা কুখ্যাত ইফু নামৰ অপৰাধীটোকো গুলীয়াই আহত কৰিছিল আনন্দ মিশ্ৰই ৷ বিভিন্ন কুকৰ্মৰে কুখ্যাত হৈ পৰা ইৰাণক গ্ৰেপ্তাৰ কৰি আনন্দ মিশ্ৰই ক’লে Every dog has his day ৷

উল্লেখযোগ্য যে, বিভিন্ন অপৰাধৰ সৈতে জড়িত ইৰাণে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ অজ্ঞাতে তেওঁৰ সৈতে ফটো উঠাই, নিজকে এছ পিৰ ঘনিষ্ঠ বুলি জাহিৰ কৰাৰো অপচেষ্টা কৰিছিল । অৱশেষত আনন্দ মিশ্ৰ বাহিনীৰ জালতেই বন্দী হ’ব লগা হ’ল ভূ মাফিয়া ইমৰাণ হুছেইন ওৰফে ইৰাণ ।

লগতে পঢ়ক : Encounter at Nagaon : নগাঁৱত গুলীবিদ্ধ দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া

Last Updated :Dec 15, 2021, 7:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.