ETV Bharat / city

কলিয়াবৰত বৰদিন উদযাপন স্বাস্থ্যমন্ত্ৰীৰ

author img

By

Published : Dec 25, 2021, 10:20 PM IST

হাতীগাঁও চাহ বাগিছাৰ শতবৰ্ষত উপনীত হোৱা পুৰণি গীৰ্জাঘৰত বৰদিন উদযাপন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ৷ পুৰণি গীৰ্জাঘৰটোৰ শতবৰ্ষ অনুষ্ঠান উলহ-মালহৰে পালন কৰাৰ ঘোষণা স্বাস্থ্যমন্ত্ৰীৰ ৷

Health Minister celebrates Christmas in Kaliabor
কলিয়াবৰত বৰদিন উদযাপন স্বাস্থ্যমন্ত্ৰীৰ

কলিয়াবৰ, 25 ডিচেম্বৰ : নগাঁও জিলাৰ কলিয়াবৰৰ হাতীগাঁও চাহ বাগিচাৰ শতবৰ্ষত ভৰি দিয়া পুৰণি গীৰ্জাঘৰত পবিত্ৰ বৰদিনৰ উপলক্ষ্যে শনিবাৰে উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত(Keshab Mahanta Christmas Celebration at Kaliabor)ই ৷ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে শতবৰ্ষ গৰকা গীৰ্জাঘৰ(Christmas celebration at Kaliabor)টোত মমবাতি জ্বলাই যীশুৰ ওচৰত প্ৰাৰ্থনা জনায় ৷

কলিয়াবৰত বৰদিন উদযাপন স্বাস্থ্যমন্ত্ৰীৰ

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে পবিত্ৰ বৰদিন উপলক্ষ্যে কণ-কণ শিশুৰ সৈতে কেক কাটি খ্ৰীষ্টান ধৰ্মী লোকসকলক শুভেচ্ছা জনায় ৷ তেওঁ হাতীগাঁও চাহ বাগিছাৰ পুৰণি গীৰ্জাঘৰটো শতবৰ্ষ অনুষ্ঠান উলহ-মালহৰে পালন কৰাৰ কথা জানিবলৈ দিয়ে ।

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে গীৰ্জাঘৰৰ প্ৰৱেশ পথছোৱাৰ লগতে ৰাজহুৱা সভাগৃহটো পৱিত্ৰ বৰদিনৰ লগত সংগতি ৰাখি উদ্ধোধন কৰে । তদুপৰি গীৰ্জাঘৰটোৰ ভিতৰচ'ৰাও আটক ধুনীয়াকৈ সজাই তোলাত অনন্য ভূমিকা পালন কৰে স্বাস্থ্যমন্ত্ৰী(Health Minister Keshab Mahanta)গৰাকীয়ে ।

লগতে পঢ়ক : গুৱাহাটী বিভিন্ন গীৰ্জাঘৰত বৰদিন পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.