ETV Bharat / city

পৰ্যটকৰ আগমনত প্ৰাণ পাই উঠিছে কলিয়াবৰ পৰ্যটন স্থলীসমূহ

author img

By

Published : Nov 8, 2021, 11:00 PM IST

অসমৰ বিনন্দীয়া ৰূপে হাত বাউলি মাতে সকলোকে ৷ কলিয়াবৰে পৰ্যটন ক্ষেত্ৰ হিচাবে লাভ কৰিছে এক সুকীয়া পৰিচয় । কলিয়াবৰলৈ ২০২১- ২২ পৰ্যটন বৰ্ষত আগমন ঘটিল শিৱসাগৰৰ পৰা অহা প্ৰথমটো পৰ্যটকৰ দলৰ । পৰ্যটন ক্ষেত্ৰ হিচাবে কলিয়াবৰে নতুন পৰিচয় লাভ কৰাৰ পিছতেই কলিয়াবৰলৈ পৰ্যটকৰ আগমনে নতুন দিগন্তৰ সূচনা কৰিছে ।

enhance of tourism at kaliabor
enhance of tourism at kaliabor

কলিয়াবৰ, 8 নৱেম্বৰ : মনোমোহা সেউজীয়া প্ৰাকৃতিক পৰিবেশ, নৈ-নিজৰাই জেউতি চৰাই অসমভূমিৰ ৷ তাৰোপৰি অসমৰ ডিঙিৰ হাড় হৈ চিৰ প্ৰবাহমান হৈ আছে ব্ৰহ্মপুত্ৰ ৷ অসমৰ এই বিনন্দীয়া ৰূপে হাত বাউলি মাতে সকলোকে ৷ বিভিন্ন সময়ত দেশী-বিদেশী পৰ্যটকে ভিৰ কৰে নয়নাভিৰাম দৃশ্য উপভোগ কৰিবলৈ ৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলতো দেখা গৈছে পৰ্যটকৰ ভিৰ ৷

কাজিৰঙা দৰ্শন কৰাৰ পাছতেই পৰ্যটকসকলে হাতত থকা সময়ৰ সদ ব্যৱহাৰ কৰিব পাৰে ঐতিহ্যমণ্ডিত কলিয়াবৰৰ বিভিন্ন অকৰ্ষণীয় স্থান সমূহ পৰিদৰ্শন কৰি । কলিয়াবৰলৈ ২০২১- ২২ পৰ্যটন বৰ্ষত আগমন ঘটিল শিৱসাগৰৰ পৰা অহা প্ৰথমটো পৰ্যটকৰ দলৰ । কলিয়াবৰে পৰ্যটন ক্ষেত্ৰ হিচাবে লাভ কৰিছে এক সুকীয়া পৰিচয় ।

পৰ্যটকক ৰিঙিয়াই মাতিছে কলিয়াবৰৰ পৰ্যটন থলীয়ে

শিলঘাটৰ মহাবাহু ব্ৰহ্মপুত্ৰত শিহুৰ জলকেলি, ত্ৰিশূলধাৰী মন্দিৰ, অসমৰ দ্বিতীয় শক্তিপীঠ কামাখ্যা মন্দিৰ, শিলঘাটৰ নৈসৰ্গিক শোভা, হাতীমূৰাৰ দশভূজা দুৰ্গা মন্দিৰ, বিভিন্ন পৰিভ্ৰমী চৰাইৰ বিচৰণস্থলী জয়সাগৰ দলনি, কাৰ্বি খাদ্য সম্ভাৰৰে মেটমৰা ভঁৰাল নতুন ডংগাৰ চৌৰান এহেম, নীলাপানী হ্ৰদ, হদহদী জলপ্ৰপাত, কলিয়াভোমোৰাৰ নদী পৰ্যটন, বুঢ়াচাপৰি অভয়াৰণ্য আদি কলিয়াবৰৰ বিভিন্ন পৰ্যটনস্থলী চাবলৈ এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰ্যটকে ভিৰ কৰিছেহি ।

পৰ্যটন ক্ষেত্ৰ হিচাবে কলিয়াবৰে নতুন পৰিচয় লাভ কৰাৰ পিছতেই কলিয়াবৰলৈ পৰ্যটকৰ আগমনে নতুন দিগন্তৰ সূচনা কৰিছে । বিশেষকৈ পৰ্যটনৰ এই স্থানসমূহকে মূল কেন্দ্ৰ কৰি বিকশিত হোৱা কলিয়াবৰ পৰ্যটন ক্ষেত্ৰত পুনৰ পৰ্যটকৰ আগমনৰে প্ৰাণ পাই উঠিছে ।

তাৎপৰ্যপূৰ্ণভাৱে কলিয়াবৰে পৰ্যটন ক্ষেত্ৰ হিচাবে নতুন পৰিচয় লাভ কৰাৰ পিছতেই বহু নিবনুৱা যুৱক-যুৱতীয়ে পৰ্যটন ক্ষেত্ৰত কাম কৰাৰ সুযোগ লাভ কৰিছে । এই পৰ্যটন থলী সমূহে পৰ্যটন উদ্যোগটো সমৃদ্ধি শালী কৰাৰ লগতে নিয়োগৰ পথো মুকলি কৰিব বুলি আশা প্ৰকাশ কৰিছে এই অঞ্চলৰ লোকসকলৰ লগতে পৰ্যটন বিভাগে ৷

লগতে পঢ়ক : আজিও মেৰামতি নহ’ল ব্ৰিটিছৰ দিনতে সজা চাহ শ্ৰমিকৰ বাসগৃহবোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.